ASSAM GK 2023 IN ASSAMESE LANGUAGE

ASSAM GK 2023 IN ASSAMESE LANGUAGE

প্ৰশ্ন ১। ‘অসম’ নামটোৰ কেতিয়াৰ প্ৰচলন হয়?
উত্তৰ:- ত্ৰয়োদশ শতিকা মানত আহোম সকলে এই ভূ-খণ্ড জয় কৰাৰ পাছত।

প্ৰশ্ন ২। অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল?
উত্তৰ:- খ্ৰীষ্টিয় নৱম-দশম শতিকা মানত।

প্ৰশ্ন ৩। অসমৰ পুৰণি নাম কি?

উত্তৰ:- কামৰূপ (প্ৰাগজ্যোতিষপুৰ)।

প্ৰশ্ন ৪। প্ৰথমে কোনে অসমীয়াত ৰামায়ণ ৰচনা কৰিছিল?
উত্তৰ:- মাধৱ কন্দলি।

প্ৰশ্ন ৫। মহাভাৰতখন অসমীয়া পদ্যত ভাঙনি কৰোঁতা জনৰ নাম কি?
উত্তৰ:- ৰাম সৰস্বতী।

প্ৰশ্ন ৬। অসমীয়া গদ্য সাহিত্যৰ জনক কোন?
উত্তৰ- ভট্টদেৱ।

প্ৰশ্ন ৭। প্ৰথম অসমীয়া লেখিকা গৰাকীৰ নাম কি?
উত্তৰ:- পদ্মাৱতী দেৱফুকননী।

প্ৰশ্ন ৮। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি?
উত্তৰ:- ধৰ্মপুস্তক (১৮১) আৰু এই পুথিখনৰ লিখক হৈছে আত্মাৰাম শৰ্মা।

প্ৰশ্ন ৯। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰ হোৱা প্ৰথম নাট খনৰ নাম কি আৰু ইয়াৰ নাট্যকাৰ কোন আছিল?
উত্তৰ:- “ধৰালৈ যিদিনা নামিব সৰগ” – সত্যপ্ৰসাদ বৰুৱা।

প্ৰশ্ন ১০। ইংৰাজী ভাষাৰ আটাইতকৈ বৃহৎ অভিধানখন কি?
উত্তৰ:- Oxford English Dictionary.

প্ৰশ্ন ১১। অসমত প্ৰথম ইংৰাজী অসমীয়া (Anglo assamese) অভিধান কোনে প্ৰণয়ন কৰে?
উত্তৰ:- বুদ্ধীন্দ্ৰনাথ ভট্টাচাৰ্যই (যোৰহাট)।

প্ৰশ্ন ১২। “বন্দো কি ছন্দেৰে” নামৰ প্ৰখ্যাত গীত ৰচয়িতা কোন?
উত্তৰ:-অম্বিকাগিৰি ৰায় চৌধুৰী।

প্ৰশ্ন ১৩। অলিভাৰ টি কট্টাৰ কোন?
উত্তৰ:- অসমৰ প্ৰথম বাৰ্তালোচনী “অৰুণদইঅ’ৰ (১৮৪৬) প্ৰতিষ্ঠাপক মুদ্ৰক।

GENERAL KNOWLEDGE QUESTIONS AND ANSWERS IN ASSAMESE LANGUAGE

প্ৰশ্ন ১৪। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল?
উত্তৰ:- কৃষ্ণকান্ত সন্দিকৈ। (১৯৪৮-১৯৫৭)

প্ৰশ্ন ১৫। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা অসমৰ জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ’ ৰ সুৰকাৰ কোন আছিল?
উত্তৰ:- কমলা প্ৰসাদ আগৰৱালা।

প্ৰশ্ন ১৬। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি জনৰ নাম কি?
উত্তৰ:- পদ্মনাথ গোহাঞিবৰুৱা, শিৱসাগৰ, ডিচেম্বৰ ১৯১৭ চন।

প্ৰশ্ন ১৭। অসমৰ প্ৰথম স্নাতক ডিগ্ৰী কোনে লাভ কৰিছিল?
উত্তৰ:- আনন্দৰাম বৰুৱা।

প্ৰশ্ন ১৮। অসমৰ প্ৰথম মহিলা আই. এ. এছ (I.A.S.) কোন?
উত্তৰ:- পাৰুল দাস (১৯৭৪ চন)

প্ৰশ্ন ১৯। অসমৰ প্ৰথম মহিলা এ. ছি. এছ. (A.C.S.) কোন?
উত্তৰ:- শুচিব্ৰতা ৰায়চৌধুৰী।

প্ৰশ্ন ২০। কাণখোৱা পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰ:- শ্ৰীধৰ কন্দলি।

ASSAM GK 2022 QUESTION AND ANSWER IN ASSAMESE LANGUAGE

প্ৰশ্ন ২১। শ্ৰীকৃষ্ণৰ শিক্ষাগুৰু কোন আছিল?
উত্তৰ:- সান্দিপনী।

প্ৰশ্ন ২২। অসমৰ পৰা প্ৰকাশিত প্ৰথম ইংৰাজী দৈনিক কাকত খনৰ নাম কি?
উত্তৰ:- The Assam Tribune.

প্ৰশ্ন ২৩। The Assam Tribune বাতৰি কাকতৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ:- লক্ষ্মীনাথ ফুকন।

প্ৰশ্ন ২৪। The Assam Tribune বাতৰি কাকতখন কোন চনত প্ৰকাশ হৈছিল?
উত্তৰ:- ১৯৪৬ চনত ৰাধাগোবিন্দ বৰুৱাৰ দ্বাৰা গুৱাহাটীৰ পৰা প্ৰকাশিত হৈছিল।

প্ৰশ্ন ২৫। নগাঁও জিলাৰ বৰদোৱা সত্ৰত থকা কীৰ্ত্তন ঘৰৰ কাষত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভৰিৰ পতাৰ চিহ্ন থকা এচটা শিল আছে। শিলচটাক কি নামেৰে নামাকৰণ কৰা হৈছে?
উত্তৰ:- “পাদশিলা”।

প্ৰশ্ন ২৬। প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল?
উত্তৰ:- বিষ্ণুৰাম মেধি (মাদ্ৰাজ ১৯৫৭)।

প্ৰশ্ন ২৭। স্বাধীন অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ:- লোকপ্ৰিয় গোপীনাথ বৰদলৈ।

প্ৰশ্ন ২৮। ৰাষ্ট্ৰৰ সৰ্বোচ্চ আসনত অদিষ্ঠিত হোৱা সুযোগ্য অসম সন্তান জন কোন বাৰু?
উত্তৰ:- ফকৰুদ্দিন আলি আহমেদ (১৯৭৪-৭৭)।

প্ৰশ্ন ২৯। অসমৰ প্ৰথম মহিলা চিকিৎসকৰ সন্মান কোনে লাভ কৰিছিল?
উত্তৰ:- ডাঃ ৰজনীপ্ৰভা শইকীয়া।

প্ৰশ্ন ৩০। লণ্ডন বিশ্ববিদ্যালয়পৰা “ডি-লিট” সন্মান লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন?
উত্তৰ:- সূৰ্য কুমাৰ ভূঞা।

অসমীয়া সাহিত্যৰ প্ৰশ্ন আৰু উত্তৰ

প্ৰশ্ন ৩১। কোন চনত জোনাকী আলোচনীখন প্ৰকাশ হৈছিল?
উত্তৰ : ১৮৮৯ চনত।

প্ৰশ্ন ৩২। জোনাকী কাকতখন প্ৰথমে ক’ৰপৰা প্ৰকাশ পাইছিল?
উত্তৰ:- কলিকতাৰ পৰা।

প্ৰশ্ন ৩৩। জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ:- চন্দ্ৰ কুমাৰ আগৰৱালা।

প্ৰশ্ন ৩৪। জ্যোতিপ্ৰসাদ আগৰৱালাহতঁৰ এসময়ৰ “পকী” নামৰ ঘৰটো কি নামেৰে জনাজাত?
উত্তৰ:- জ্যোতি ভাৰতী।

প্ৰশ্ন ৩৫। বিষ্ণু ৰাভাৰ প্ৰথম পত্নীৰ নাম কি আছিল?
উত্তৰ:- প্ৰিয়লতা দত্ত।

প্ৰশ্ন ৩৬। ‘মৃত্যুওটো এটা শিল্প / জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য ………’ কবি কোন?
উত্তৰ:- হীৰেণ ভট্টাচাৰ্য।

প্ৰশ্ন ৩৭। কটন কলেজৰ প্ৰথম অধ্যক্ষ গৰাকী কোন আছিল?
উত্তৰ:- ফ্ৰেডৰিক উইলিয়াম চুদমাৰ্চন।

প্ৰশ্ন ৩৮। কটন কলেজ কোন চনত স্হাপন হৈছিল?
উত্তৰ:- ১৯০১ চনত।

প্ৰশ্ন ৩৯। “অভিযাত্ৰী” উপন্যাসখন কোন অসমীয়া মুক্তিযোদ্ধা নাৰীৰ জীৱনৰ ওপৰত আধাৰিত?

উত্তৰ:- চন্দ্ৰপ্ৰভা শইকীয়ানী।

প্ৰশ্ন ৪০। ‘বীণবৰাগী’ কবিতা পুথিৰ ৰচক কোন?
উত্তৰ:- চন্দ্ৰকুমাৰ আগৰৱালা।

প্ৰশ্ন ৪১। প্ৰসিদ্ধ চিন্তাবিদ ড° হীৰেণ গোঁহায়ে কোনখন গ্ৰন্থৰ বাবে সন্মানীয় সাহিত্য একাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ:- “অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা” শীৰ্ষক গ্ৰন্থৰ বাবে।

প্ৰশ্ন ৪২। অ. ভা. উ. সা. সভা বুলিলে কি বুজা?
উত্তৰ:- অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা।

প্ৰশ্ন ৪৩। ২০০৭ চনৰ অসম সাহিত্য সভাৰ অধিবেশনৰ সভাপতি কোন আছিল?
উত্তৰ:- কনক সেন ডেকা। (দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত)।

প্ৰশ্ন ৪৪। ২০০৬ চনৰ অসম উপত্যকা বঁটা লাভ কৰা ব্যক্তিজন কোন আছিল?
উত্তৰ:- নলিনীধৰ ভট্টাচাৰ্য।

HISTORY GK IN ASSAMESE LANGUAGE

প্ৰশ্ন ৪৫। ২০০৬ চনৰ চুকাফা বঁটা লাভ কৰা ব্যক্তিজন কোন আছিল?
উত্তৰ:- ৰতন থিয়াম।

প্ৰশ্ন ৪৬। ‘চিৰচেনেহী মোৰ ভাষা জননী’ এই গীতটো কোনে ৰচনা কৰিছিল?
উত্তৰ:- সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই।

প্ৰশ্ন ৪৭। আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসৰ নাম কি?
উত্তৰ:- ভানুমতী।

প্ৰশ্ন ৪৮। আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ লিখক কোন?
উত্তৰ:- পদ্মনাথ গোহাঞি বৰুৱা।

প্ৰশ্ন ৪৯। অসমীয়া সমাজৰ সকলো কামতে অপৰিহাৰ্য ‘তামোল’ শব্দটো কোন জাতি গোষ্ঠীৰ অৱদান?
উত্তৰ:- অষ্ট্ৰিক জাতি।

প্ৰশ্ন ৫০। বিষ্ণু ৰাভাৰ মৃত্যু কেতিয়া হৈছিল?
উত্তৰ:- ১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২-২৫ বজাত মৃত্যু হৈছিল।

প্ৰশ্ন ৫১। জোনাকী যুগৰ ত্ৰিমূৰ্ত্তি কোন?
উত্তৰ:- চন্দ্ৰ কুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনথ বেজবৰুৱা।

প্ৰশ্ন ৫২। অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি?
উত্তৰ:- ‘ল’ৰা বন্ধু’ (১৮৮৮), সম্পাদক আছিল কৰুনাভিৰাম বৰুৱা।

প্ৰশ্ন ৫৩। ২০০৪ চনৰ ‘সাহিত্য অকাডেমী বঁটা’ লাভ কৰা অসমীয়া সাহিত্যিক গৰাকী কোন আছিল?
উত্তৰ:- হীৰেন্দ্ৰ নাথ দত্ত।

প্ৰশ্ন ৫৪। কোনখন গ্ৰন্থৰ বাবে হীৰেন্দ্ৰ নাথ দত্তই ২০০৪ চনৰ ‘সাহিত্য অকাডেমী বঁটা’ লাভ কৰিছিল?
উত্তৰ:- মানুহ অনুকূলে।

অসমৰ সাধাৰণ জ্ঞান ২০২২

প্ৰশ্ন ৫৫। ‘জোনাকৰে ৰাতি, অসমীৰ মাটি, জিলিকি জিলিকি পৰে …….’ ভূপেন হাজৰিকা ৰচিত এই গীতটো কোনে গাইছিল?
উত্তৰ:- লতা মংগেশকাৰ।

প্ৰশ্ন ৫৬। ২০০২ চনৰ কমলকুমাৰী বঁটা লাভ কৰা অসমীয়া সাহিত্যিক গৰাকী কোন আছিল?
উত্তৰ:- ড° ভবেন্দ্ৰনাথ শইকীয়া।

প্ৰশ্ন ৫৭। ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই কিমান চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল?
উত্তৰ:- ১৯৭৯ চনত।

প্ৰশ্ন ৫৮। ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই কোনখন উপন্যাসৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল?
উত্তৰ:- মৃত্যুঞ্জয়।

প্ৰশ্ন ৫৯। অসমৰ প্ৰথম সংবাদ পত্ৰখনৰ নাম কি?
উত্তৰ:- অৰুণোদয়।

প্ৰশ্ন ৬০। অৰুণোদয় কিমান চনত প্ৰকাশ হৈছিল?
উত্তৰ:- ১৮৪৬ চনত।

প্ৰশ্ন ৬১। অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ:- ড° নাথান ব্ৰাউন।

প্ৰশ্ন ৬২। ‘শীলভদ্ৰ’ কোন?
উত্তৰ:- ৰেৱতী মোহন দত্ত চৌধুৰী।

প্ৰশ্ন ৬৩। সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথিখনৰ নাম কি?
উত্তৰ:- বনফুল (১৯৫২)।

প্ৰশ্ন ৬৪। কোনখনৰ পুথিৰ বাবে যতীন্দ্ৰ নাথ দুৱৰাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ:- বনফুল।

প্ৰশ্ন ৬৫। বনফুল কোনে লিখিছিল?
উত্তৰ:- যতীন্দ্ৰ নাথ দুৱাৰা।

সাহিত্য কুইজ / ASSAM CULTURE GK IN ASSAMESE

প্ৰশ্ন ৬৬। ৰজনী কান্ত বৰদলৈয়ে লিখা বিখ্যাত উপন্যাসখনৰ নাম কি?
উত্তৰ:- মিৰিজীয়ৰী।

প্ৰশ্ন ৬৭। অসমৰ উপন্যাস সম্ৰাট কোন?
উত্তৰ:- ৰজনী কান্ত বৰদলৈ।

প্ৰশ্ন ৬৮। বিহগী কবি কোন?
উত্তৰ:- ৰঘুনাথ চৌধুৰী।

প্ৰশ্ন ৬৯। ৰঘুনাথ চৌধুৰীয়ে লিখা কবিতা পুথি দুখনৰ নাম কি?
উত্তৰ:- দহিকতৰা আৰু কেতেকী।

প্ৰশ্ন ৭০। ড° নিৰ্মল প্ৰভা বৰদলৈক কি ছদ্মনামেৰে জনা যায়?
উত্তৰ:- নীলা বাইদেউ।

প্ৰশ্ন ৭১। নীলা বাইদেউ কোন?
উত্তৰ:- ড° নিৰ্মল প্ৰভা বৰদলৈ।

প্ৰশ্ন ৭২। পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন?
উত্তৰ:- নলিনী বালা দেৱী।

প্ৰশ্ন ৭৩। কোনখন গ্ৰন্থৰ বাবে নলিনী বালা দেৱীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ:- ‘অলকানন্দা’।

INDIA GEOGRAPHY QUIZ IN ASSAMESE LANGUAGE – ভাৰতৰ ভূগোল কুইজ

প্ৰশ্ন ৭৪। ‘অলকানন্দা’ কোনে ৰচনা কৰিছিল?
উত্তৰ:- নলিনী বালা দেৱী

প্ৰশ্ন ৭৫। “পুথি অধ্যয়ন বিদ্যা উপাৰ্জনৰ ঘাই উপায়”। এইষাৰ উক্তি কাৰ?
উত্তৰ:- সত্যনাথ বৰা।

প্ৰশ্ন ৭৬। হোমেন বৰগোহাঞিৰ কোনখন উপন্যাসৰ আধাৰত চিত্ৰ নিৰ্মাণ হৈছিল?
উত্তৰ:- হালধীয়া চৰায়ে বাওঁধান খায়।

প্ৰশ্ন ৭৭। ‘হালধীয়া চৰায়ে বাওঁধান খায়’ উপন্যাসখন কোনে লিখিছিল?
উত্তৰ:- হোমেন বৰগোহাঞি।

ASSAM POLICE IMPORTANT QUESTIONS AND ANSWERS

প্ৰশ্ন ৭৬। ‘দঁতাল হাতীৰ উয়ে খোৱা হাওদা’ কোনে লিখিছিল?
উত্তৰ:- মামণি ৰয়চম গোস্বামী।

প্ৰশ্ন ৭৭। কোনখন পুথিৰ বাবে মামণি ৰয়চম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল?
উত্তৰ:- দঁতাল হাতীৰ উয়ে খোৱা হাওদা।

প্ৰশ্ন ৭৮। ‘দঁতাল হাতীৰ উয়ে খোৱা হাওদা’ এই উপন্যাসৰ আধাৰত নিৰ্মিত কথাছবিখনৰ নাম কি?
উত্তৰ:- অদাহ্য।

প্ৰশ্ন ৭৯। ইন্দিৰা গোস্বামী কোন?
উত্তৰ:- মামণি ৰয়চম গোস্বামীৰ ছদ্মনাম।

প্ৰশ্ন ৮০। মামনী ৰয়চম গোস্বামীৰ ছদ্মনাম কি?
উত্তৰ:- ইন্দিৰা গোস্বামী।

প্ৰশ্ন ৮১। মহাপুৰুষ শংকৰদেৱৰ গুপ্তনাম কি আছিল?
উত্তৰ:- গঙ্গাধৰ কায়স্থ।

প্ৰশ্ন ৮২। গঙ্গাধৰ কায়স্থ কোন আছিল?
উত্তৰ:- মহাপুৰুষ শংকৰদেৱৰ গুপ্তনাম।

প্ৰশ্ন ৮৩। অসমীয়া ভাষাৰ প্ৰাচীন নিদৰ্শন থকা প্ৰথম পুথিখনৰ নাম কি?
উত্তৰ:- ‘প্ৰহ্লাদ চৰিত্ৰ’।

প্ৰশ্ন ৮৪। ‘প্ৰহ্লাদ চৰিত্ৰ’ কোনে ৰচনা কৰিছিল?
উত্তৰ:- হেমসৰস্বতী।

প্ৰশ্ন ৮৫। অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথিখনৰ লেখক কোন আছিল?
উত্তৰ:- আনন্দৰাম ঢেকিয়াল ফুকন (অসমীয়া ল’ৰাৰ মিত্ৰ’ ১৮৪১)।

প্ৰশ্ন ৮৬। অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথিখনৰ নাম কি?
উত্তৰ:- অসমীয়া ল’ৰাৰ মিত্ৰ।

প্ৰশ্ন ৮৭। ‘অসমীয়া ল’ৰাৰ মিত্ৰ’ পাঠ্যপুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰ:- আনন্দৰাম ঢেকিয়াল ফুকন।

প্ৰশ্ন ৮৮। অসমীয়া ভাষাৰ প্ৰথম ‘ছনেট’ ৰচোতা গৰাকী কোন?
উত্তৰ:- হেমচন্দ্ৰ গোস্বামী।

প্ৰশ্ন ৮৯। অসমীয়া ভাষাৰ প্ৰথম ‘ছনেট’ কি?
উত্তৰ:- প্ৰিয়তমাৰ চিঠি।

প্ৰশ্ন ৯০। ‘প্ৰিয়তমাৰ চিঠি’ কোনে লিখিছিল?
উত্তৰ:- হেমচন্দ্ৰ গোস্বামী।

প্ৰশ্ন ৯১। প্ৰথম অসমীয়া কল্প বিজ্ঞান ভিত্তিক উপন্যাসখনৰ নাম কি?
উত্তৰ:- অপদাৰ্থ।

প্ৰশ্ন ৯২। ‘অপদাৰ্থ’ উপন্যাসখন কোনে লিখিছিল?
উত্তৰ:- নৱকান্ত বৰুৱা ৰচিত।

IMPORTANT GK QUESTIONS ANSWERS IN ASSAMESE LANGUAGE

প্ৰশ্ন ৯৩। প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি?
উত্তৰ:- ঘৰজেউতি।

প্ৰশ্ন ৯৪। ঘৰজেউতি কোন চনত প্ৰকাশ পাইছিল?
উত্তৰ:- ১৯২৮ চনত।

প্ৰশ্ন ৯৫। ঘৰজেউতিৰ প্ৰথম সম্পাদিকা কোন আছিল?
উত্তৰ:- কনকলতা চলিহা আৰু কমলালয়া কাকতি।

প্ৰশ্ন ৯৬। গুৱাহাটীৰ পৰা প্ৰকাশিত শিক্ষা-বিষয়ক একমাত্ৰ আলোচনীখনৰ নাম কি?
উত্তৰ:- ‘জিজ্ঞাস’।

প্ৰশ্ন ৯৭। ‘জিজ্ঞাস’ৰ সম্পাদক কোন?
উত্তৰ:- কুলেন্দু পাঠক।

প্ৰশ্ন ৯৮। প্ৰথম অসমীয়া স্কুলীয়া আলোচনীখনৰ নাম কি?
উত্তৰ:- ‘প্ৰভাত’ (১৯১৫ চনত)।

প্ৰশ্ন ৯৯। প্ৰথম অসমীয়া স্কুলীয়া আলোচনী ‘প্ৰভাত’ ক’ৰ পৰা প্ৰকাশ পাইছিল?
উত্তৰ:- যোৰহাট নৰ্মাল স্কুলৰ পৰা।

প্ৰশ্ন ১০০। অসম সাহিত্য সভাৰ মিলেনিয়াৰ প্ৰথমখন অধিবেশন ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ:- ডিব্ৰুগড় (২০০০ চনত)।

প্ৰশ্ন ১০১। অসম সাহিত্য সভা মিলেনিয়াৰ প্ৰথমখন অধিবেশনৰ সভাপতি কোন আছিল?
উত্তৰ:- হোমেন বৰগোহাঞি।

INDIA CULTURE GK IN ASSAMESE LANGUAGE / ভাৰতৰ সাধাৰণ জ্ঞান MCQ / ভাৰতৰ সাহিত্য কুইজ

প্ৰশ্ন ১০২। “সীমাৰ মাঝে অসমী তুমি
বাজাও আপোন সুৰ
আমাৰ মাঝে তোমাৰ প্ৰকাশ
তাই এত মধুৰ”। – এই কবিতাফাঁকিৰ কোন?
উত্তৰ:- ৰবীন্দ্ৰ নাথ ঠাকুৰ।

প্ৰশ্ন ১০৩। “আইন-ই আকবৰী” কোনে ৰচনা কৰিছিল?
উত্তৰ:- অবুল ফজলৰ।

প্ৰশ্ন ১০৪। মৌলানা অব্দুল কালাম আজাদৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি?
উত্তৰ:- ইণ্ডিয়া উইনছ্‌ ফ্ৰিডম।

প্ৰশ্ন ১০৫। মেঘদূত কোনে ৰচনা কৰিছিল?
উত্তৰ:- মহাকবি কালিদাস।

প্ৰশ্ন ১০৬। মেঘদূত কোন ভাষাৰ নাটক?
উত্তৰ:- সংস্কৃত ভাষা।

প্ৰশ্ন ১০৭। ‘তৰুণৰ সপোন’ গ্ৰন্থৰ লেখক কোন?
উত্তৰ:- নেতাজী সুভাষ চন্দ্ৰ বসু।

প্ৰশ্ন ১০৮। খ্ৰীষ্টানসকলৰ ধৰ্মগ্ৰন্থ বাইবেল সৰ্বপ্ৰথম কি ভাষাত ৰচনা কৰা হৈছিল?
উত্তৰ:- হিব্ৰু ভাষাত।

প্ৰশ্ন ১০৯। খ্ৰীষ্টানসকলৰ ধৰ্মগ্ৰন্থ কি?
উত্তৰ:- বাইবেল।

প্ৰশ্ন ১১০। আৰ্যসকলৰ আটাইতকৈ প্ৰাচীন সাহিত্য কি?
উত্তৰ:- বেদ।

প্ৰশ্ন ১২০। “হোমৰুল লীগ”ৰ মুখপাত্ৰখনৰ নাম কি?
উত্তৰ:- নিউ ইণ্ডিয়া নিউজ।

প্ৰশ্ন ১২১। সংস্কৃত ভাষাত সৰ্বপ্ৰথম কোনে শ্লোক ৰচনা কৰিছিল?
উত্তৰ:- মহাকবি বাল্মীকিয়ে।

MOST IMPORTANT GK IN ASSAMESE LANGUAGE

প্ৰশ্ন ১২২। ভাৰতৰ কোন গৰাকী মহিলাই প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল?
উত্তৰ:- আশাপূৰ্ণা দেৱী (প্ৰথম প্ৰতিশ্ৰুতি ; ১৯৭৬ চন)।

প্ৰশ্ন ১২৩। ভাৰতৰ প্ৰথম সংবাদ পত্ৰখনৰ নাম কি?
উত্তৰ:- বেংগল গেজেট (১৭৮০ চনৰ ২৯ জানুৱাৰী)।

প্ৰশ্ন ১২৪। বুৰঞ্জীয়ে ঢুকি পোৱা সময়ৰ প্ৰথম ভাৰতীয় সাহিত্য গ্ৰন্থখনৰ নাম কি?
উত্তৰ:- কলহনৰ ৰাজ তৰংগিনী।

প্ৰশ্ন ১২৫। কোন দুজন অনা ভাৰতীয় অৰ্থাৎ ভাৰতৰ বাহিৰৰ ব্যক্তিক ভাৰত ৰত্ন উপাধিৰে সন্মানিত কৰা হৈছিল?
উত্তৰ:- নেচনেল মেণ্ডেলা (১৯৯০) আৰু খান আব্দুল গফুৰ খান (১৯৮৭)।

প্ৰশ্ন ১২৬। কোন গৰাকী মহিলাই ১৯৪৭ চনৰ ১৪/১৫ আগষ্টৰ মাজনিশা ‘বন্দে মাতৰম’ জাতীয় সঙ্গীতটো দিল্লীৰ লালকিল্লাত হোৱা স্বাধীনতা সমাৰোহত গাইছিল?
উত্তৰ:- সুচেতা কৃপালনি।

প্ৰশ্ন ১২৭। ‘সাৰে জাঁহা সে আচ্ছা’ গানটো কোনে ৰচনা কৰিছিল?
উত্তৰ:- মহম্মদ ইকবাল।

প্ৰশ্ন ১২৮। এজন জাৰ্মান সংস্কৃত পণ্ডিত যাৰ নামত দিল্লীত এটা হলৰ নাম আৰু কলিকতাত এটা ভৱনৰ নাম ৰখা হৈছে। তেওঁ কোন?
উত্তৰ:- মেক্সমূলাৰ।

প্ৰশ্ন ১২৯। কোন পুথিৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯১৩ চনত নোবেল বঁটা লাভ কৰে?
উত্তৰ:- গীতাঞ্জলি।

IMPORTANT BATTLES IN INDIAN HISTORY IN ASSAMESE

প্ৰশ্ন ১৩০। গীতাঞ্জলি কোনে ৰচনা কৰিছিল?
উত্তৰ:- ৰবীন্দ্ৰনাথ ঠাকুৰ।

প্ৰশ্ন ১৩১। হৰ্ষ চৰিতৰ লেখক কোন?
উত্তৰ:- বাণভট্ট।

প্ৰশ্ন ১৩২। ৰামচৰিত মানসৰ লিখক কোন?
উত্তৰ:- তুলসী দাস।

প্ৰশ্ন ১৩৩। ‘My Experiments with Truth’ ৰ লেখক কোন?
উত্তৰ:- মোহন দাস কৰমচাঁদ গান্ধী।

বিশ্ব সাহিত্য কুইজ

প্ৰশ্ন ১৩৪। বিখ্যাত লেখক আৰ্ণেষ্ট হেমিংৱে কোনখন কিতাপৰ বাবে ন’বেল বঁটা লাভ কৰিছিল?
উত্তৰ:- The Old Man and the Sea.

প্ৰশ্ন ১৩৫। শ্বেক্সপীয়েৰে মুঠতে কিমানখন নাট লিখিছিল?
উত্তৰ:- ৩৭ খন।

প্ৰশ্ন ১৩৬। ‘ইংৰাজী কবিতাৰ জনক’ বুলি কাক কোৱা হয়?
উত্তৰ:- জিওফ্ৰি চচাৰক।

প্ৰশ্ন ১৩৭। “মোৰ মায়েই মোৰ সমস্ত অনুপ্ৰেৰণাৰ উৎস”- ভাৰতত জন্ম গ্ৰহণ কৰা কিৰণ দেশাইয়ে ২০০৬ চনৰ “বুকাৰ বঁটা” লাভ কৰি উৎফুল্লিত হৈ এইদৰে মন্তব্য কৰিছিল। কোনখন উপন্যাসৰ বাবে তেওঁ ‘বুকাৰ বঁটা’ লাভ কৰিছে?
উত্তৰ:- দাঁ ইনহেৰিটেন্স অৱ লছ’ (The Inheritance of Loss)

প্ৰশ্ন ১৩৮। কোনজন লেখকক এছিয়াৰ ‘হোমাৰ’ বোলা হয়?
উত্তৰ:- ফিৰদৌছি।

প্ৰশ্ন ১৩৯। “Dr. Jekyll and Mr. Hyde” কোনে লিখিছে?
উত্তৰ:- ৰৰ্বাট লুইছ ষ্টিভেনছনে।

প্ৰশ্ন ১৪০। ‘Glimpses of world History’ কোনে লিখিছে?
উত্তৰ:- জৱাহৰলাল নেহৰু।

প্ৰশ্ন ১৪১। বিখ্যাত ফৰাচী লেখক ভল্টেয়াৰৰ প্ৰকৃতত নাম কি?
উত্তৰ:- ফ্ৰাচোঁৱা মেৰী অৰুৱে।

প্ৰশ্ন ১৪২। ইংলেণ্ডৰ কোনগৰাকী প্ৰধানন্মন্ত্ৰীয়ে কি গ্ৰন্থ ৰচনাৰ বাবে কিমান চনত সাহিত্য নোবেল বঁটা পাইছিল?
উত্তৰ:- চাৰ উইনষ্টন লিওনাৰ্ড চাৰ্চিলে ; তেওঁৰ ছটা খণ্ডত লিখা ‘দ্য চেকেণ্ড ৱৰ্লড ৱাৰ’ নামৰ গ্ৰন্থখনৰ বাবে, ১৯৫৩ চনত সাহিত্য নোবেল বঁটা পাইছিল।

প্ৰশ্ন ১৪২। “Croward’s die many a time before death” এই বিখ্যাত উক্তিটোৰ লিখক কোন?
উত্তৰ:- শ্বেক্সপীয়েৰ।

বিশ্ব কুইজ / ASSAMESE WORLD GK QUIZ

প্ৰশ্ন ১৪৩। ইটালীৰ মহাকবি ডাণ্টেই ৰচনা কৰা মহাকাব্যখনৰ নাম কি?
উত্তৰ:- দ্য ডিভাইন কমেডি।

প্ৰশ্ন ১৪৪। ভগৱৎ গীতা কোনে প্ৰথমে ইংৰাজলৈ অনুবাদ কৰে?
উত্তৰ:- চালৰ্চ উইলকিন্‌চে।

প্ৰশ্ন ১৪৫। বিখ্যাত চিত্ৰ শিল্পী পল গঁগাৰ জীৱনৰ আধাৰত ৰচিত ইংৰাজী উপন্যাসখনৰ নাম কি আৰু লেখক কোন?
উত্তৰ:- “দ্য মুন এণ্ড দ্য চিক্স পেন্স”। লেখক হৈছে উইলিয়াম চমাৰচেট মম।

প্ৰশ্ন ১৪৬। ৰোমান কবি ভাৰ্জিলে ৰচনা কৰা মহাকাব্যখনৰ নাম কি?
উত্তৰ:- ঈনীড।

প্ৰশ্ন ১৪৭। ইংলেণ্ডৰ সৰ্বশ্ৰেষ্ঠ কবি কোন?
উত্তৰ:- উইলিয়াম শ্বেক্সপীয়েৰ।

প্ৰশ্ন ১৪৭। ‘দাস কেপিটেল’ কাৰ অমৰ সৃষ্টি?
উত্তৰ:- কালৰ্মাক্সৰ।

প্ৰশ্ন ১৪৮। কোন দুখন গ্ৰন্থৰ ৰচনাৰ বাবে হোমাৰ চিৰস্মৰণীয়?
উত্তৰ:- ইলিয়াদ আৰু ওডিচি।

প্ৰশ্ন ১৪৯। বিশ্বত সৰ্বপ্ৰথম কোনে অত্মজীৱনী লিখে?
উত্তৰ:- চেণ্ট আগাষ্টিনে।

প্ৰশ্ন ১৫০। ওমৰ খায়াম কোন?
উত্তৰ:- “ৰুবায়ত” নামৰ পাৰ্চী ভাষাৰ বিখ্যাত কাব্য গ্ৰন্থৰ ৰচয়িতা।

প্ৰশ্ন ১৫১। সপোনত ৰচিত বুলি কোন ইংৰাজী কবিতা বিশ্ব বিখ্যাত?
উত্তৰ:- কলেৰিজ ৰচিত “কুবলাই খান”।

প্ৰশ্ন ১৫২। ‘হেৰি পটাৰ’ৰ চৰিত্ৰ সৃষ্টি কৰি পঢ়ুৱৈৰ মাজত আলোড়ন সৃষ্টি কৰা গ্ৰন্থকাৰৰ নাম কি?
উত্তৰ:- জে, কে, ৰাউলিং।

অসমৰ ভূগোল কুইজ / অসমৰ ভূগোল MCQ /   সমাজ বিজ্ঞানৰ কুইজ

প্ৰশ্ন ১৫৩। অসমৰ মাটিকালি কিমান?
উত্তৰ:- ৭৮,৪৩৮ বৰ্গ কিমি।

প্ৰশ্ন ১৫৪। অসমৰ মুঠ জনসংখ্যা আৰু সাক্ষৰতাৰ হাৰ কিমান?
উত্তৰ:- ২০০১ চনৰ লোকপিয়ল মতে ২৬,৬৩৮,৪০৭ জন; সাক্ষৰতাৰ হাৰ ৬৪.২৮ শতাংশ।

প্ৰশ্ন ১৫৫। অসমৰ সৰ্বমুঠ জিলা কেইখন?
উত্তৰ:- ৩৪ খন।

অসমৰ ইতিহাস কুইজ (MCQ)

প্ৰশ্ন ১৫৬। প্ৰাচীন কামৰূপক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?
উত্তৰ:-চাৰিটা। সেই কেইটা হ’ল – ৰত্নপীঠ, কামপীঠ, সুৱৰ্ণপীঠ, আৰু সৌমাৰপীঠ।

প্ৰশ্ন ১৫৭। আহোমসকল কেতিয়া অসমলৈ আহিছিল?
উত্তৰ:- ১২২৮ খ্ৰীষ্টাব্দত।

প্ৰশ্ন ১৫৮। অসমৰ বুৰঞ্জী সৰ্বপ্ৰথম কোন সম্প্ৰদায়ে লিখিছিল?
উত্তৰ:- আহোম সম্প্ৰদায়ে।

প্ৰশ্ন ১৫৯। আহোম সকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল?
উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰ সিংহ।

প্ৰশ্ন ১৫৯। কোন ৰজাৰ শাসন কালত আৰু ক’ত জয়মতী কুঁৱৰীক শাস্তি দি হত্যা কৰিছিল?
উত্তৰ:- ল’ৰাৰজা চলিকফাৰ শাসন কালত।

প্ৰশ্ন ১৬০। জয়মতীক ক’ত শাস্তি দিয়া হৈছিল?
উত্তৰ:- জেৰেঙা পথাৰত।

প্ৰশ্ন ১৬১। আহোমৰ সৰ্বপ্ৰথম ৰজাজনৰ নাম কি আছিল?
উত্তৰ:- চাওলুং চুকাফা।

প্ৰশ্ন ১৬২। আহোম ৰাজত্বৰ সোণালী যুগত দেশদ্ৰোহী বুলি কাক কোৱা হৈছিল?
উত্তৰ:- বদন বৰফুকন।

প্ৰশ্ন ১৬৩। বদন বৰফুকনক কোনে হত্যা কৰিছিল?
উত্তৰ:- ৰুপ সিং বঙালে।

প্ৰশ্ন ১৬৪। কোন ৰজাৰ দিনত গোঁহাই কমল আলি সজোঁৱা হৈছিল?
উত্তৰ:- মহাৰাজ নৰনাৰায়ণৰ দিনত।

প্ৰশ্ন ১৬৫। বিষ্ণুৰাভাক ‘কলাগুৰু’ উপাধি কোনে প্ৰদান কৰিছিল?
উত্তৰ:- কাশী হিন্দু বিশ্ববিদ্যালয়ৰ তৎকালীন উপাচাৰ্য ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে।

প্ৰশ্ন ১৬৬। কোনটো হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদী উৎপত্তি হৈছে?
উত্তৰ:- টাম চুক খামবাৰ।

প্ৰশ্ন ১৬৭। টাম চুক খামবাৰ ক’ত অৱস্হিত?
উত্তৰ:- মানস সৰোবৰৰ পৰা অলপ পূৱফালে অৱস্থিত।

ইতিহাসৰ প্ৰশ্ন আৰু উত্তৰ

প্ৰশ্ন ১৬৮। পোৱামক্কা কোনে সজাইছিল?
উত্তৰ:- গিয়াচুদ্দিন আউলিয়া।

প্ৰশ্ন ১৬৯। পোৱামক্কা ক’ত আছে?
উত্তৰ:- হাজোত।

প্ৰশ্ন ১৭০। ব্ৰহ্মপুত্ৰৰ ওপৰত সজা অসমৰ প্ৰথমখন দলঙৰ নাম কি?
উত্তৰ:- শৰাইঘাট দলং।

প্ৰশ্ন ১৭১। শৰাইঘাট দলংক কিমান চনত মুকলি কৰা হৈছিল?
উত্তৰ:- ১৯৬২ চনত।

 অসমৰ ইতিহাস MCQ

প্ৰশ্ন ১৭২। অসমৰ প্ৰথম লোক আদালত ক’ত স্থাপন হৈছিল?
উত্তৰ:- হাজোত।

প্ৰশ্ন ১৭৩। অসমৰ প্ৰথম ছপাশাল খনৰ নাম কি?
উত্তৰ:- মিছন প্ৰেছ, শিৱসাগৰ।

প্ৰশ্ন ১৭৪। অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত?
উত্তৰ:- সৰ্থেবাৰী।

প্ৰশ্ন ১৭৫। সৰ্থেবাৰী কোন জিলাত অ‍ৱস্হিত?
উত্তৰ:- বৰপেটা।

প্ৰশ্ন ১৭৬। ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:- প্ৰমত্ত সিংহই।

প্ৰশ্ন ১৭৭। কোনজন আহোম ৰজাই পোন প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল?
উত্তৰ:- চুহুংমুং।

প্ৰশ্ন ১৭৮। কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল?
উত্তৰ:- গদাধৰ সিংহ।

প্ৰশ্ন ১৭৯। উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:- গদাধৰ সিংহ।

আহোম বুৰঞ্জী কুইজ / অসমৰ ইতিহাস কুইজ

প্ৰশ্ন ১৮০। উমানন্দ মন্দিৰ কিমান চনত নিৰ্মাণ কৰিছিল?
উত্তৰ:- ১৬৯৪ চনত।

প্ৰশ্ন ১৮১। উমানন্দ মন্দিৰ কোনে আৰু কেতিয়া বনাইছিল?
উত্তৰ:- ১৬৯৪ চনত গদাধৰ সিংহ।

প্ৰশ্ন ১৮২। মূলা গাভৰুৰ স্বামীৰ নাম কি আছিল?
উত্তৰ:- ফ্ৰাচেনমুং বৰগোহাঁই।

প্ৰশ্ন ১৮৩। ফ্ৰাচেনমুং বৰগোহাঁইৰ পত্নী নাম কি আছিল?
উত্তৰ:- মূলা গাভৰু।

প্ৰশ্ন ১৮৪। কোন গৰাকী আহোম ৰজাই প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰিছিল?
উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰসিংহ।

প্ৰশ্ন ১৮৫। চিলাৰায়ৰ আচল নাম কি আছিল?
উত্তৰ:- শুক্লধ্বজ।

প্ৰশ্ন ১৮৬। নৰনায়াৰণৰ ভাতৃৰ নাম কি আছিল?
উত্তৰ:- শুক্লধ্বজ।

প্ৰশ্ন ১৮৭। কোনজন বিখ্যাত বিদেশী পৰিব্ৰাজকক ‘মোক্ষদেৱ’ বুলি কোৱা হয়?
উত্তৰ:- হিউৱেন চাঙক।

প্ৰশ্ন ১৮৮। মোক্ষদেৱ বুলি কাক জনা যায়?
উত্তৰ:- হিউৱেন চাঙক।

প্ৰশ্ন ১৮৯। শৰাইঘাটৰ ৰণ কোন চনত হৈছিল?
উত্তৰ:- ১৬৭১ চনত।

ASSAM HISTORY GK IN ASSAMESE LANGUAGE

প্ৰশ্ন ১৯০। অসম কেতিয়া ইংৰাজৰ হাতলৈ যায়?
উত্তৰ:- ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি।

প্ৰশ্ন ১৯১। কোন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল?
উত্তৰ:- স্বৰ্গদেউ লক্ষ্মীসিংহ।

প্ৰশ্ন ১৯২। মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল?
উত্তৰ:- ১৮৫৮ চনত।

প্ৰশ্ন ১৯৩। ‘হস্তী বিদ্যাৰ্ণৱ’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
উত্তৰ:- সুকুমাৰ বৰকাইথ।

প্ৰশ্ন ১৯৪। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰ্প্ৰথম সভাপতি কোন আছিল?
উত্তৰ:- তৰুণৰাম ফুকন।

প্ৰশ্ন ১৯৫। কোন চনত অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল?
উত্তৰ:- ১৯৭৮ চনত।

ইতিহাস MCQ

প্ৰশ্ন ১৯৬। অসম আন্দোলন কোন চনত আৰম্ভ হৈছিল?
উত্তৰ:- ১৯৭৯ চনত।

প্ৰশ্ন ১৯৭। অসম আন্দোলন কিয় হৈছিল?
উত্তৰ:- বিদেশী বহিষ্কাৰৰ দাবী বাবে।

প্ৰশ্ন ১৯৮। কোন চনত প্ৰথম বাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ হয়?
উত্তৰ:- ১৯৭৯ চনত।

প্ৰশ্ন ১৯৯। কোন চনত ছাহদুল্লাৰ মন্ত্ৰীসভা গঠন হৈছিল?
উত্তৰ:- ১৯৩৭ চনত।

প্ৰশ্ন ২০০। অসমৰ প্ৰথম চাহ খেতিয়কজন কোন?
উত্তৰ:- জগন্নাথ বৰুৱা।

প্ৰশ্ন ২০১। স্বাধীনতা যুঁজৰ প্ৰথম গৰাকী অসমীয়া শ্বহীদ কোন?
উত্তৰ:- পিয়লি ফুকন।

প্ৰশ্ন ২০২। ‘কলা শিৰোমণি বঁটা’ লাভ কৰা অসমৰ মুখ্যমন্ত্ৰী গৰাকী কোন আছিল?
উত্তৰ:- হিতেশ্বৰ শইকীয়া। (১৯৯১ চনত তেওঁ এই সন্মান লাভ কৰে)।

প্ৰশ্ন ২০৩। অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?
উত্তৰ:- বিষ্ণুৰাম মেধি।

প্ৰশ্ন ২০৪। তৰুণ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে কোন চনত অসম চৰকাৰৰ গাদীত বহিছিল?
উত্তৰ:- ২০০১ চনত (দ্বিতীয়বাৰ ২০০৬ চনত)।

অসমৰ বুৰঞ্জী কুইজ / অসম বুৰঞ্জী প্ৰশ্ন আৰু উত্তৰ

প্ৰশ্ন ২০৫। কাৰ নেতৃত্বত বি. টি. এ. ডি. (BTAD) ৰ কাৰ্যবাহী পৰিষদ গঠিত হৈছিল?
উত্তৰ:- হাগ্ৰামা মহিলাৰী।

প্ৰশ্ন ২০৬। বি. টি. এ. ডি. (BTAD) কিমান চনত গঠন হৈছিল?
উত্তৰ:- ২০০৫ চনত।

প্ৰশ্ন ২০৭। ইউনাইটেড লিবাৰেছন ফ্ৰণ্ট অৱ আছাম (আলফা) ই কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ বাবে গঠন কৰি দিয়া গোটটোৰ নাম কি?
উত্তৰ:- পিপল্‌ছ কনছালটেটিভ গ্ৰুপ (পি. চি. জি.)।

প্ৰশ্ন ২০৮। কোন চনত অসমৰ ৰাজ্যপাল হিচাবে লে.জে. অজয় সিং এ কাৰ্যভাৰ গ্ৰহণ কৰিছিল?
উত্তৰ:- ২০০৩ চনত।

প্ৰশ্ন ২০৯। অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি?
উত্তৰ:- ছৈয়দা আনোৱাৰা টাইমূৰ।

ৰাষ্ট্ৰীয় কুইজ / ভাৰতৰ সাধাৰণ জ্ঞান

প্ৰশ্ন ২১০। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰৰ তলত থকা ‘সত্যমেৱ জয়তে’ শীৰ্ষক দেৱনাগৰী বাক্যশাৰী কোন উপনিষদৰ পৰা লোৱা হৈছে?
উত্তৰ:- মুণ্ডক।

প্ৰশ্ন ২১১। ভাৰতৰ জাতীয় চৰাই কি?
উত্তৰ:- ম’ৰা চৰাই।

প্ৰশ্ন ২১২। ভাৰতৰ জাতীয় জন্ত কি?
উত্তৰ:- বাঘ।

প্ৰশ্ন ২১৩। ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী কোন?
উত্তৰ:- ৰাষ্ট্ৰপতি।

প্ৰশ্ন ২১৪। ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল?
উত্তৰ:- সৰোজিনী নাইডু (উত্তৰ প্ৰদেশ, ১৯৪৭-৪৮)।

প্ৰশ্ন ২১৫। ভাৰতৰ প্ৰথম আই.পি.এচ. (IPS) বিষয়া কোন আছিল?
উত্তৰ:- কিৰণ বেদী (১৯৭২)।

প্ৰশ্ন ২১৬। ভাৰতৰ সংবিধানখন কেতিয়া কাৰ্যকৰী কৰা হৈছিল?
উত্তৰ:- ইংৰাজী ১৯৫০ চনৰ ২৬ জানুৱাৰীত।

অসমীয়া প্ৰতিদিন বাতৰি কাকত আজিৰ

প্ৰশ্ন ২১৭। ৰাষ্ট্ৰীয় সংগীত ‘জনগন মন’ গীতটি পোন প্ৰথমবাৰৰ বাবে ক’ত পৰিবেশন কৰা হৈছিল?
উত্তৰ:- ১৯১১ চনৰ ২৭ ডিচেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলিকতা অধিবেশনত।

প্ৰশ্ন ২১৮। ভাৰতৰ প্ৰথম আইন মন্ত্ৰী কোন আছিল?
উত্তৰ:- বাবা চাহেব ভীমৰাও আম্বেদকাৰ।

প্ৰশ্ন ২১৯। ভাৰতীয় ৰেলৰ আটাইতকৈ দীঘল ৰেলখনৰ নাম কি?
উত্তৰ:- হিম সাগৰ এক্সপ্ৰেছ (জন্মুৰ পৰা কন্যাকুমাৰীলৈ)।

প্ৰশ্ন ২২০। কিমান চনত বৃটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰে?
উত্তৰ- ১৯১১ চনত।

প্ৰশ্ন ২২১। দিল্লীক কেতিয়া ভাৰতৰ ৰাজধানী হিচাপে স্বীকৃতি দিয়া হৈছিল?
উত্তৰ:- ১৯১১ চনত।

প্ৰশ্ন ২২২। কোনে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিক নিযুক্তি দিয়ে?
উত্তৰ:- ৰাষ্ট্ৰপতিয়ে।

ভাৰতৰ ভূগোল MCQ

প্ৰশ্ন ২২৩। ২০০১ চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা কিমান? আৰু সাক্ষৰতাৰ হাৰ কিমান?
উত্তৰ:- ১০২,৭০,১৫,২৪৭ জন।

প্ৰশ্ন ২২৪। ২০০১ চনৰ লোকপিয়ল মতে ভাৰতৰ সাক্ষৰতাৰ হাৰ কিমান?
উত্তৰ:- ৬৫.৩৮ শতাংশ।

ভাৰতৰ ইতিহাস কুইজ / INDIAN HISTORY GK IN ASSAMESE LANGUAGE

প্ৰশ্ন ২২৫। ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?
উত্তৰ:- চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী।

প্ৰশ্ন ২২৬। কোন অনা ভাৰতীয় (ব্ৰিটিছ) নেতাৰ অহোপুৰুষাৰ্থ চেষ্টাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল?
উত্তৰ:- এলান অষ্টেভিয়ান হিউম।

প্ৰশ্ন ২২৭। ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত গঠন হৈছিল?
উত্তৰ:- ১৮৮৫ চনত।

প্ৰশ্ন ২২৮। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ:- এলান অষ্টেভিয়ান হিউম।

প্ৰশ্ন ২২৯। ‘ফাডাৰ অৱ মডাৰ্ণ ইণ্ডিয়া’ বুলি কাক কোৱা হয়?
উত্তৰ:- ৰাজা ৰামমোহন ৰায়।

প্ৰশ্ন ২৩০। কাৰ সন্মানাৰ্থে মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়া (Gateway og Inadia) নিৰ্মাণ কৰা হৈছিল?
উত্তৰ:- ইংলেণ্ডৰ ৰজা পঞ্চম জৰ্জৰ ভাৰতাগমনৰ প্ৰাকমূহুৰ্ত্তত।

প্ৰশ্ন ২৩১। গেটৱে অৱ ইণ্ডিয়া (Gateway og Inadia) ক’ত আছে?
উত্তৰ:- মুম্বাই।

প্ৰশ্ন ২৩২। গেটৱে অৱ ইণ্ডিয়া (Gateway og Inadia) কিমান চনত নিৰ্মাণ কৰা হৈছিল?
উত্তৰ:- ১৯১১ চনত।

প্ৰশ্ন ২৩৩। প্ৰথম ভাৰতীয় এভাৰেষ্ট শৃংগ বিজয়ী কোন?
উত্তৰ:- টেনজিং নৰ্গে।

প্ৰশ্ন ২৩৪। প্ৰথম ভাৰতীয় মেগাছেছ বঁটা বিজয়ী গৰাকী কোন আছিল?
উত্তৰ:- আচাৰ্য বিনোৱা ভাৱে (১৯৫৮ চন)।

প্ৰশ্ন ২৩৫। ভাৰতৰত্ব বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন?
উত্তৰ:- ইন্দিৰা গান্ধী।

প্ৰশ্ন ২৩৬। কোন চনত ইন্দিৰা গান্ধীয়ে ভাৰতৰত্ব বঁটা লাভ কৰিছিল?
উত্তৰ:- ১৯৭২ চনত।

প্ৰশ্ন ২৩৭। ১৯২৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৪৩ তম্‌ অধিবেশনৰ সভাপতি কোন আছিল?
উত্তৰ:- এছ. শ্ৰীনিবাস আয়েঙ্গাৰ।

ভাৰতৰ ৰাজনীতি কুইজ / ৰাজনীতি MCQ

প্ৰশ্ন ২৩৭। উচ্চতম ন্যায়ালয়ৰ প্ৰথম গৰাকী মহিলা ন্যায়াধীশ কোন আছিল?
উত্তৰ:- ফাতেমা বিবি।

প্ৰশ্ন ২৩৮। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী সভাপতি কোন আছিল?
উত্তৰ:- উমেশচন্দ্ৰ বেনৰ্জী।

প্ৰশ্ন ২৩৯। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কেনেকৈ পদত্যাগ কৰিব পাৰে?
উত্তৰ:- ভাৰতৰ সংবিধানৰ ৫২ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে উপৰাষ্ট্ৰপতিলৈকে লিখি পদত্যাগ কৰিব পাৰে।

প্ৰশ্ন ২৪০। ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনা নীতি কোনে প্ৰচলন কৰিছিল?
উত্তৰ:- পণ্ডিত জৱাহৰলাল নেহৰু।

প্ৰশ্ন ২৪১। পঞ্জাবৰ জালিয়ানাৱাগৰ হত্যাকাণ্ডৰ নায়ক কোন আছিল?
উত্তৰ:- জেনেৰেল ডায়াৰ।

প্ৰশ্ন ২৪২। কোন চনৰ পৰা ভাৰতত প্ৰথম ডাক টিকট প্ৰচলন কৰা হয়?
উত্তৰ:- ১৯৫৪ চনত।

প্ৰশ্ন ২৪৩। দাণ্ডি যাত্ৰা কোনে আৰম্ভ কৰিছিল?
উত্তৰ:- মহাত্মা গান্ধীয়ে।

প্ৰশ্ন ২৪৪। দাণ্ডি যাত্ৰা কোন চনত আৰম্ভ হৈছিল?
উত্তৰ:- ১৯৩০ চনৰ ১২ মাৰ্চ মাহত।

প্ৰশ্ন ২৪৫। দাণ্ডি যাত্ৰাত অংশ গ্ৰহণ কৰা একমাত্ৰ অসমীয়া মুক্তি যুঁজাৰু জন কোন আছিল?
উত্তৰ:- লীলাধৰ বৰুৱা।

প্ৰশ্ন ২৪৬। ভাৰতৰ প্ৰথম ইংৰাজ জেনেৰেল কোন আছিল?
উত্তৰ:- ওৱাৰেণ হেষ্টিংছ।

প্ৰশ্ন ২৪৭। ভাৰতত পোন প্ৰথমে টকাৰ প্ৰচলন কোনে কৰিছিল?
উত্তৰ:- শ্বেৰচাহে।

INDIA GK IN ASSAMESE LANGUAGE

প্ৰশ্ন ২৪৮। ভাৰতত পোন প্ৰথমে টকাৰ প্ৰচলন কেতিয়া হৈছিল?
উত্তৰ:- ১৫৪২ চনত।

প্ৰশ্ন ২৪৯। তাৰাপুৰ (মুম্বাই), কোটা (ৰাজস্থান), কল্পক্কম (চেন্নাই) আৰু নাৰোৰা (উত্তৰ প্ৰদেশ) এই ঠাইকেইখনৰ মাজত সমন্ধ কি?
উত্তৰ:- পাৰমাণবিক শক্তি কেন্দ্ৰ অৱস্থিত।

প্ৰশ্ন ২৫০। ‘হোমৰুল আন্দোলন’ কোনে আৰম্ভ কৰিছিল?
উত্তৰ:- বালগঙ্গাধৰ তিলকে।

প্ৰশ্ন ২৫১। ভাৰতৰ কোনে প্ৰথমে ন’বেল বঁটা লাভ কৰে?
উত্তৰ:- কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ।

প্ৰশ্ন ২৫২। কবিগুৰু বুলি কাক কোৱা হয়?
উত্তৰ:- ৰবীন্দ্ৰনাথ ঠাকুৰ।

প্ৰশ্ন ২৫৩। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত ন’বেল বঁটা লাভ কৰিছিল?
উত্তৰ:- ১৯১৩ চনত।

প্ৰশ্ন ২৫৪। আটাইতকৈ পুৰণি বেদখনৰ নাম কি?
উত্তৰ:- ঋকবেদ।

প্ৰশ্ন ২৫৫। চন্দ্ৰগুপ্তৰ ৰাজত্বকালত কোন গ্ৰীক পৰিব্ৰাজক ভাৰতলৈ আহিছিল?
উত্তৰ:- মেগাস্থেনিছ।

প্ৰশ্ন ২৫৬। গ্ৰীক পৰিব্ৰাজক মেগাস্থেনিছ কাৰ ৰাজত্বকালত ভাৰতৰ লৈ আহিছিল?
উত্তৰ:- চন্দ্ৰগুপ্ত।

প্ৰশ্ন ২৫৭। মহামতি আকবৰৰ হিন্ধু পত্নী গৰাকীৰ নাম কি?
উত্তৰ:- জোধাবাই।

প্ৰশ্ন ২৫৮। জোধাবাইৰ পত্নী নাম কি আছিল?
উত্তৰ:- মহামতি আকবৰ।

প্ৰশ্ন ২৫৯। ভাৰতৰ প্ৰাচীন সভ্যতাক কি বুলি কোৱা হয়?
উত্তৰ:- সিন্ধু সভ্যতা।

GK IN ASSAMESE / ভাৰতৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ

প্ৰশ্ন ২৬০। বুদ্ধৰ পূৰ্ব জন্মৰ কাহিনী সমূহক কি বুলি কোৱা?
উত্তৰ:- জাতকৰ কাহিনী।

প্ৰশ্ন ২৬১। জাতকৰ কাহিনী কাক বোলে?
উত্তৰ:- বুদ্ধৰ পূৰ্ব জন্মৰ কাহিনী সমূহক জাতকৰ কাহিনী বুলি কোৱা।

প্ৰশ্ন ২৬২। বোমা বিস্ফোৰণ ঘটি প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ কোন ঠাইত মৃত্যু হৈছিল?
উত্তৰ:- শ্ৰীপেৰামবুদুৰ।

প্ৰশ্ন ২৬৩। শ্ৰীপেৰামবুদুৰ ক’ত অৱস্হিত?
উত্তৰ:- তামিলনাডু।

প্ৰশ্ন ২৬৪। ভাৰত আৰু শ্ৰীলংকাৰ মাজত থকা প্ৰণালীটোৰ নাম কি?
উত্তৰ:- পক্‌ প্ৰণালী।

প্ৰশ্ন ২৬৫। ভাৰত বুৰঞ্জীত কোন ৰজাক জ্ঞানী-মূৰ্খ ৰজা বুলি কোৱা হয়?
উত্তৰ:- মহম্মদ বিন টোঘলক।

প্ৰশ্ন ২৬৬। মানুহৰ প্ৰথম বাহন কি?
উত্তৰ:- জন্ত।

ASSAMESE HISTORY GK QUIZ IN INDIA

প্ৰশ্ন ২৬৭। কৃষি কাৰ্য আৰু চিকাৰৰ ভিতৰত মানুহৰ অধিক পুৰণি ব্যৱসায় কোনটো?
উত্তৰ:- চিকাৰ।

প্ৰশ্ন ২৬৮। প্ৰাচীন ভাৰতৰ মহাকাব্য দুখনৰ নাম কি কি?
উত্তৰ:- ৰামায়ণ আৰু মহাভাৰত।

প্ৰশ্ন ২৬৯। দিল্লীৰ সিংহাসনত আৰোহণ কৰা প্ৰথম মহিলা কোন আছিল?
উত্তৰ:- চুলতানা ৰেজিয়া।

প্ৰশ্ন ২৭০। আশোকৰ শিলালিপিত অধিক ব্যৱহৃত হোৱা লিপি দুটাৰ নাম কি কি?
উত্তৰ:- ব্ৰাহ্মী আৰু খৰোস্থী লিপি।

প্ৰশ্ন ২৭১। জৈন ধৰ্ম প্ৰধান ভাগ কেইটা আৰু কি কি?
উত্তৰ:- দুটা। সেই কেইটা হ’ল হীনযান আৰু মহাযান।

প্ৰশ্ন ২৭২। মুছলমান সকলৰ প্ৰধান ভাগ কেইটা আৰু কি কি?
উত্তৰ:- দুটা। সেই কেইটা হ’ল চিয়া আৰু চুন্নী।

প্ৰশ্ন ২৭৩। কোনে ময়ুৰ সিংহাসন আৰু কহিনুৰ হীৰা ভাৰতৰ পৰা পাৰস্যলৈ নিছিল?
উত্তৰ:- নাদিৰ চাহে।

প্ৰশ্ন ২৭৪। ভাৰতৰ লৌহ মানৱ কোন?
উত্তৰ:- চৰ্দাৰ বল্লভ ভাই পেটেল।

প্ৰশ ২৭৫। কোন চনৰ পৰা ভাৰতত প্ৰথম ডাক টিকট প্ৰচলন কৰা হয়?
উত্তৰ:- ১৯৫৪ চনত।

WORLD GK QUIZ IN ASSAMESE LANGUAGE /  আন্তঃৰাষ্ট্ৰীয় কুইজ

প্ৰশ্ন ২৭৬। বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল?
উত্তৰ:- শ্ৰীমাভো বন্দৰ নায়ক (শ্ৰীলংকা)।

প্ৰশ্ন ২৭৭। এক লাখ ইহুদীক হত্যা কৰি ইতিহাসৰ পাত কলংকিত কৰা ব্যক্তি তথা শাসক জন কোন আছিল?
উত্তৰ:- এডলফ্‌ হিটলাৰ।

প্ৰশ্ন ২৭৮। এডলফ্‌ হিটলাৰ কোন দেশৰ আছিল?
উত্তৰ:- জাৰ্মানী।

প্ৰশ্ন ২৭৯। বিশ্বৰ আটাইতকৈ বেছি লুণীয়া পানীৰ সাগৰ কোনখন?
উত্তৰ:- মৃত সাগৰ।

প্ৰশ্ন ২৮০। মৃত সাগৰ কিয় বিখ্যাত?
উত্তৰ:- লুণীয়া পানীৰ বাবে।

প্ৰশ্ন ২৮১। ‘চিন্‌লু’ কি?
উত্তৰ:- জাপানৰ এটা প্ৰাচীন জাতিগোষ্ঠী।

প্ৰশ্ন ২৮২। ‘বগা মানুহৰ কবৰ’ (White Man’s Grave) বুলি কাক কোৱা হয়?
উত্তৰ:- গিনি কোৰ্ট।

প্ৰশ্ন ২৮৩। পৃথিৱীৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয়খনৰ নাম কি?
উত্তৰ:- মুছলিম ইউনিভাৰচিটি অৱ কাইৰন। স্থাপিত ৮৫৯ খ্ৰীষ্টাব্দত।

প্ৰশ্ন ২৮৪। পৃথিৱীৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয়খন ক’ত অৱস্হিত?
উত্তৰ:- মৰক্কোৰ ফেজ চহৰত।

WORLD HISTORY GK IN ASSAMESE LANGUAGE / বিশ্ব ইতিহাস কুইজ

প্ৰশ্ন ২৮৫। ফৰাচী বিপ্লৱৰ জন্মদাতা কোন?
উত্তৰ:- ৰুচো।

প্ৰশ্ন ২৮৬। কোন দেশৰ লিখিত সংবিধান নাই?
উত্তৰ:- ইংলেণ্ডৰ।

প্ৰশ্ন ২৮৭। খ্ৰীষ্টফাৰ কলম্বাছে কোন চনত আমেৰিকা আৱিষ্কাৰ কৰে?
উত্তৰ:- ১৪৯২ চনত।

প্ৰশ্ন ২৮৮। আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ:- খ্ৰীষ্টফাৰ কলম্বাছে।

প্ৰশ্ন ২৮৯। কোন ন’বেল বঁটা বিজয়ী আততায়ীৰ হৰ্তত নিহত হৈছিল?
উত্তৰ:- মাৰ্টিন লুথাৰ কিওং।

প্ৰশ্ন ২৯০। এচিয়ান ডেভেলপমেণ্ট বেংকৰ মুখ্য কাৰ্য্যালয় ক’ত অৱস্থিত?
উত্তৰ:- মেনিলাত।

প্ৰশ্ন ২৯১। ফিলিপাইনৰ ৰাজধানী নাম কি?
উত্তৰ:- মেনিলা।

প্ৰশ্ন ২৯২। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল?
উত্তৰ:- জৰ্জ ৱাচিংটন।

প্ৰশ্ন ২৯৩। জৰ্জ ৱাচিংটন কোন আছিল?
উত্তৰ:- আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল।

প্ৰশ্ন ২৯৪। পৃথিৱীৰ ভিতৰত আটাইতকৈ সঠিক সময় দিয়া ঘড়ী ক’ত আছে?
উত্তৰ:- গ্ৰীণউইচৰ মান মন্দিৰত।

অসমৰ সাধাৰণ জ্ঞান

প্ৰশ্ন ২৯৫। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কেইখন আৰু কোন ৰাষ্ট্ৰই ভেটো প্ৰদান কৰিব পাৰে?
উত্তৰ:- পাঁচখন, আমেৰিকা, ৰাছিয়া, চীন, ইংলেণ্ড আৰু ফ্ৰান্স নামৰ ৰাষ্ট্ৰকেইখনে ভেটো প্ৰদান কৰিব পাৰে।

প্ৰশ্ন ২৯৬। পৃথিৱীৰ ভিতৰত কোন দেশত আটাইতকৈ পুৰণি ৰাজবংশই এতিয়াও ৰাজত্ব কৰি আছে?
উত্তৰ:- জাপানত।

প্ৰশ্ন ২৯৭। বিল গেটছৰ প্ৰকৃত (আচল) নাম কি?
উত্তৰ:- উইলিয়াম হেনৰি গেটছ্‌।

প্ৰশ্ন ২৯৮। বিশ্বৰ সৰ্ববৃহৎ অনাতাঁৰ প্ৰতিষ্ঠান BBC ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ:- ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পোৰেছন। (British Broadcasting Corporation)।

প্ৰশ্ন ২৯৯। সমগ্ৰ বিশ্বতে সু-পৰিচিত আৰু প্ৰামাণিকৰূপে স্বীকৃত বিশ্বকোষখনৰ নাম কি?
উত্তৰ:- এনচাইক্লোপেডিয়া ব্ৰিটেইনিকা (Encyclopadia Britannica)।

প্ৰশ্ন ৩০০। কাৰ দ্বাৰা বিশ্ব বেংক (World Bank) প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ:- ৰাষ্ট্ৰসংঘৰ দ্বাৰা।

প্ৰশ্ন ৩০১। কিমান চনত বিশ্ব বেংক (World Bank) প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ:- ১৯৪৫ চনৰ ২৭ ডিচেম্বৰ।

প্ৰশ্ন ৩০২। চীনৰ দ্বিতীয় সৰ্ববৃহৎ নদীখনৰ নাম কি?
উত্তৰ:- হোৱাংহো নদী।

প্ৰশ্ন ৩০৩। হোৱাংহো নদী ক’ত আছে?
উত্তৰ:- চীনত।

ভূগোল কুইজ / অসমীয়া ভূগোল MCQ

প্ৰশ্ন ৩০৪। হোৱাংহো নদীৰ ইংৰাজী নাম কি?
উত্তৰ:- ইয়েলো’ ৰিভাৰ (Yellow River)।

প্ৰশ্ন ৩০৫। কোনখন নদীক Yellow River বুলি কোৱা হয়?
উত্তৰ:- হোৱাংহো নদীক।

প্ৰশ্ন ৩০৬। কনষ্টানটিনপ’ল চহৰখনক বৰ্তমান কি বুলি কোৱা হয়?
উত্তৰ:- ইষ্টানবুল (তুৰ্কী)।

প্ৰশ্ন ৩০৭। ইণ্টাৰনেশ্যনেল ৰেডক্ৰছ সংস্থাৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ:- জেনেভাত।

প্ৰশ্ন ৩০৮। বগা হাতীৰ দেশ (Land of White Elephents) বুলি কোন দেশক কোৱা হয়?
উত্তৰ:- থাইলেণ্ড।

প্ৰশ্ন ৩০৯। কোনখন যুদ্ধৰ পৰাজয়ক নেপোলিয়নৰ ৰাজত্বৰ অৱসান বুলি কোৱা হয়?
উত্তৰ:- ১৮১৫ চনৰ ৱাটাৰলু যুদ্ধৰ পৰাজয়ক।

প্ৰশ্ন ৩১০। ইউনাইটেড কিংডম (UK) ৰ সম্পূৰ্ণ নামটো কি?
উত্তৰ:- United Kingdom of Great Britain and Northern Ireland.

1 thought on “ASSAM GK 2023 IN ASSAMESE LANGUAGE”

Leave a Comment