COW BIHU ESSAY IN ASSAMESE CLASS 6, 7, 8, 9, 10, 11, 12

COW BIHU ESSAY IN ASSAMESE CLASS 6, 7, 8, 9, 10, 11, 12

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “গৰু বিহু ৰচনা – Cow Bihu Essay in Assamese ” ৰ এই তথ্যৰাজিত আপোনালোকে গৰু বিহু কাক বোলে, কিয় পালন কৰা হয়, গৰু বিহুত কি কি কৰে, গৰু বিহু কেতিয়া পালন কৰা হয় আদিৰ বিষয়ে পঢ়িবলৈ পাব। আশা কৰোঁ আমাৰ এই অসমীয়া গৰু বিহুৰ ৰচনা তথ্যৰাজি পঢ়ি আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

চ’তৰ বিহু বুলিও খ্যাত ব’হাগ বিহুৰ প্ৰথম দিনটো গৰু বিহু। সেইদিনা ৰাতিপুৱাই দীঘলতিৰ নুফুলা ঠাৰিৰে কোবাই কোবাই গৰুক পথাৰলৈ খেদি নি নৈ, বিল বা পুখুৰীৰ পাৰত গা ধুৱায় আৰু লাও, বেঙেনা আদি গৰুৰ গাত ছটিয়াই দিয়া হয়। লাও-বেঙেনা আদি ছটিয়াবলৈ এডাল পাতল ফলা মিহি বাঁহৰ সঁজুলিৰ সহায় লোৱা হয়। দেখিবলৈ এডাল ত্ৰিশূলৰ দৰে এই বাঁহৰ সঁজুলি ডালৰ নাম ‘চাট‘।

জনবিশ্বাস মতে সদাশিৱৰ সন্ত্তষ্টিৰ বাবে চাট ডালৰ আকাৰ ত্ৰিশূলৰ দৰে কৰা হয়। লাও, বেঙেনাৰ উপৰি চাট ডালত কেটুৰী, হালধি, থেকেৰা, কেৰেলা আদি চকলিয়াই গাঁথি দিয়া হয়। চাটৰ পৰা লাও, বেঙেনা আদি গৰুৰ গালৈ ছটিয়াওঁতে গোৱা হয়, ‘দীঘলতি দীঘল পাত, মাখি মাৰো জাত জাত (কোনো কোনোৱে ‘গৰু কোবাওঁ জাত জাত’ বুলি গায়; মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু। লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।‘ লাও, বেঙেনা ছটিওৱা চাট ডাল আনৰ লগত সলনি কৰিলে অপায়-অমংগল দূৰ হয় আৰু গৰুৰ আপায়-অমংগল নহ’বৰ বাবে গোহালিত জাগ বা ধোঁৱা দিয়া হয়।

গৰু অসমীয়া খেতিৰ প্ৰধান অৱলম্বন আৰু ই উৰ্বৰতাৰ প্ৰতীক বুলিও ধৰ্ম-মত প্ৰচলিত। সেয়ে বছৰেকৰ বিহুৰ প্ৰথম দিনটোৱেই গো-সংবদ্ধৰ্নৰ বাবে উৎসৰ্গীকৃত। গৰু বিহুৰ দিনাই গধূলি হাতত জেতুকা লোৱাটো অসমৰ জীয়ৰী-বোৱাৰীৰ এক অপৰিহাৰ্য্য আৰু ফূৰ্তিৰ প্ৰথা। গৰু বিহুৰ দিনা ৰাতি নেওৰা তলত বহি মচুৰ মাহ, আমৰ মল, কঁঠালৰ মুচি, নিমপাত, নিমখ আদি একেলগে পিহি তৈয়াৰ কৰা মহৌষধি খালে বছৰটোলৈ বেমাৰ-আজাৰ নহয় বুলি বিশ্বাস কৰা হয়।

গৰু বিহুৰ পাছদিনা মানুহ বিহু। নামনি অসমত সেইদিনাৰ বিহুক ‘বৰ দোমাহী‘ বোলা হয়। বিহুৱান প্ৰদান আৰু পৰিধান এই বিহুৰ বিশেষত্ব। নতুন বছৰ আৰু ৰঙালী বিহু উপলক্ষে অসমীয়া সমাজত আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ মাজত গামোচা, নতুন কাপোৰ বা আন উপহাৰৰ বিনিময় হয়। এনে উপহাৰকে বিহুৱান বোলা হয়।

বিহুৱান বুলিলে সাধাৰণতে COW BIHU ESSAY IN ASSAMESE গামোচাকে বুজোৱা হয় যদিও বিহু তথা নতুন বছৰ উপলক্ষে দিয়া প্ৰায় আটাইবোৰ উপহাৰকে বিহুৱান লগতে সাঙুৰি ল’ব প‍াৰি। আমাৰ সমাজত এই বিহুৱানৰ এক সুকীয়া মৰ্যাদা আৰু সন্মান আছে।

গৰু বিহু আৰু মানুহ বিহু, দুয়োদিনেই মাহ-হালধিৰে COW BIHU ESSAY IN ASSAMESE গা ধোৱাৰ উপৰি চিৰা-আখৈ আৰু পিঠা-পনাৰে জুতি লগাই জলপান খোৱা হয়। সুকীয়াকৈ যতনাই থোৱা বকনা ম’হৰ থমা দৈৰে সৈতে একোবাটি বৰ বৰা ধানৰ হুৰুমৰ লগত বকুল বৰা ধানৰ আখৈৰ একোটি বাটি বিহুৰ লোভলগা জলপান

সেইদৰে সান্দহ, বৰধানৰ তেঁতেলীপতীয়া চিৰা আৰু এঁৱা গাখীৰো বিহুৰ জলপানৰ জুতিলগা উপকৰণ। লগতে ঘিলাপিঠা, তিলাপিঠা, সুতুলি পিঠা আদি থাকিলে ‘সোণত সুৱগা চৰে‘। বিহুৰ সৰহভাগ জা-জলপান ধানৰ পৰাই কৰা হয়।

ধানৰ পৰা কৰা চিৰা, আখৈ, মুৰি, হুৰুম, সান্দহ, কোমল চাউল বা বোকা চাউল, গোট কৰাই, কৰাই গুড়ি, পিঠাগুড়ি আদি ৰঙালী বিহুৰ বিশেষ COW BIHU ESSAY IN ASSAMESE জলপান। তদুপৰি পিঠাগুৰিৰ পৰা কৰা বিবিধ পিঠাবোৰো ৰঙালী বিহুত কৰা হয়। ৰঙালী বিহুৰ সময়ত অসমৰ কোনো কোনো অঞ্চলৰ ৰাইজ লগ লাগি মাছ ধৰিবলৈ আৰু চিকাৰ কৰিবলৈ যোৱাৰ নিয়ম আজিও আছে।

SCIENCE MCQ IN ASSAMESE LANGUAGE

মানুহ বিহুৰ দিনা পুৰণি বিবাদ আৰু মনোমালিন্য মিট-মাট কৰা হয়, বন্ধু-বান্ধৱ, আত্মীয়-স্বজনৰ ঘৰলৈ গৈ বিহুৰ সম্ভাষণ জনোৱা হয় আৰু জা-জলপানেৰে অভ্যৰ্থনা কৰা হয়, ব্ৰাহ্মণ-সজ্জন, দুখীয়া-দৰিদ্ৰক দান-দক্ষিণা দিয়া হয়, বয়োজ্যেষ্ঠসকলক সন্মান দৰ্শোৱা COW BIHU ESSAY IN ASSAMESE হয় আৰু ভদ্ৰতাসূচক শ্ৰাদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আশা, আনন্দ আৰু সকলোৰে প্ৰতি শুভেচ্ছা জনাই নতুন বছৰক আদৰণি জনোৱা হয়।

নামনি অসমৰ গোৱালপাৰাৰ জিলাৰ কোনো কোনো ঠাইত বিহুক ‘বিষুৱা‘ বুলি কয়। উজনি অসমত গৰু বিহুৰ পৰা সাত দিনজুৰি সাত বিহু পালন কৰাৰ দৰে গোৱালপাৰাতো গৰু বিহুৰ পৰা সাত দিনৰলৈকে সাত বিহু বা সাত বিষুৱ পালন কৰা হয়। গোৱালপাৰাৰ ব্ৰহ্মপুত্ৰৰ COW BIHU ESSAY IN ASSAMESE উত্তৰ পাৰৰ বগৰীবাৰীৰ শ্ৰী শ্ৰী মহামায়া ধামত ব’হাগৰ এক তাৰিখৰ পৰা সাতদিনলৈ সাত বিষুৱা আৰু আই শাকাতিৰ থানত গৰু বিহুৰ দিনাখন বিষুৱা উৎসৱ, পূজা-পাতল আৰু মেলা আদিৰে সমাৰোহেৰে পালন কৰা হয়।

1 thought on “COW BIHU ESSAY IN ASSAMESE CLASS 6, 7, 8, 9, 10, 11, 12”

Leave a Comment