TODAY AMAR ASOM NEWSPAPER/ আমাৰ অসম বাতৰি কাকত আজিৰ 2023

TODAY AMAR ASOM NEWSPAPER/ আমাৰ অসম বাতৰি কাকত আজিৰ 2023

আমি সকলোৱে বসবাস কৰা সমাজ বা দেশখনত নিতৌ ক’ত কি ঘটিছে বা ঘটিব লাগিছে, সেইবোৰৰ খবৰ ৰখাটো বৰ প্রয়োজনীয়। তাকে জানিবলৈ হ’লে বাতৰি কাকতৰ সহায় অপৰিহার্য। মুঠতে কম সময়তে দেশ-বিদেশৰ খা-খবৰ, সাময়িক ঘটনা-প্ৰৱাহ আৰু জ্ঞান-বিজ্ঞানৰ অগ্ৰগতিৰ বুজ ল’বলৈ আমি বাতৰি কাকত পঢ়িবই লাগিব। আমাৰ অসম বাতৰি কাকত আজিৰ (Today Amar Asom Newspaper) পঢ়িবলৈ তলৰ লিংকত ক্লি’ক কৰক:-

http://amarasom.glpublications.in/

আজিৰ আমাৰ অসম বাতৰি কাকত / TODAY AMAR ASOM NEWSPAPER

আমাৰ অসম হৈছে এখন অসমৰ দৈনিক বাতৰি কাকতৰ নাম। কাকতখনৰ মুখ্য ভাষা অসমীয়া। এই আমাৰ অসম (Today Amar Asom Newspaper) কাকতখনৰ গৰাকী হ’ল জি. এল. পাব্লিকেশ্বনছ লিমিটেড (G. L. Publications Ltd.)। বাতৰি কাকতখন ১৯৯৭ চনৰ ২১ এপ্ৰিলৰ পৰা সমসাময়িকভাৱে গুৱাহাটী, যোৰহাট আৰু উত্তৰ লখিমপুৰৰ পৰা প্ৰকাশ পাই আহিছে। আমাৰ অসম কাকতৰ প্ৰকাশক হৈছে পি. এল. আগৰৱালা আৰু প্ৰধান সম্পাদক হৈছে মনোজ কুমাৰ গোস্বামী। ইয়াৰ মুখ্য কাৰ্য্যালয় গুৱাহাটীত অৱস্হিত। বৰ্তমান সময়ত নতুন দিল্লী, কলকাতা আৰু শ্বিলঙতো ইয়াৰ শাখা কাৰ্যালয় আছে বুলি জানিব পৰা যায়। এই বাতৰি কাকতখনত সাধাৰণতে ১২ পৃষ্ঠাৰ সন্নিবিষ্ট থাকে। পৃষ্ঠাসমূহ সাধাৰণতে আঞ্চলিক বাতৰি, সম্পাদকীয় শিতান, সাহিত্য, আন্তৰ্জাতিক বাতৰি, খেল-জগত আদিৰ ভাগত বিভক্ত থাকে।

OLYMPICS GK QUIZ IN ASSAMESE LANGUAGE

লগতে প্ৰত্যেক শনিবাৰে কাকতখনত এখন ৪ পৃষ্ঠাত স্বাস্থ্য, সংস্কৃতি, প্ৰকৃতি আৰু যুৱ প্ৰজন্ম সম্পৰ্কীয় লেখনি প্ৰকাশ পায়। ইয়াৰ উপৰিও প্ৰত্যেক বছৰৰ ব’হাগ বিহুৰ বিশেষত অৰ্থাৎ এপ্ৰিল-মে মাহত এখন বছৰেকীয়া পৰিপূৰিকাও প্ৰকাশ পায়। ইয়াত মুখ্যত সাহিত্য, সংস্কৃতি আদি লেখনি প্ৰকাশ পোৱা যায়।

বাতৰি কাকতৰ প্ৰশ্ন

প্ৰশ্ন ১। আমাৰ অসম (Amar Asom) কাকতখনৰ গৰাকী কোন?
উত্তৰ:- জি. এল. পাব্লিকেশ্বনছ লিমিটেড (G. L. Publications Ltd.)।

প্ৰশ্ন ২। আমাৰ অসম (Amar Asom) কাকতখন কেতিয়া পৰা প্ৰকাশ পাইছে?
উত্তৰ:- ১৯৯৭ চনৰ ২১ এপ্ৰিলৰ পৰা।

প্ৰশ্ন ৩। আমাৰ অসম (Amar Asom) কাকতখন ক’ৰ পৰা প্ৰকাশিত নাইবা প্ৰকাশ পায়?
উত্তৰ:- গুৱাহাটী, যোৰহাট আৰু উত্তৰ লখিমপুৰৰ পৰা প্ৰকাশ পাই আহিছে। বৰ্তমান সময়ত নতুন দিল্লী, কলকাতা আৰু শ্বিলঙতো ইয়াৰ শাখা কাৰ্যালয় আছে বুলি জানিব পৰা যায়।

প্ৰশ্ন ৪। আমাৰ অসম কাকতৰ প্ৰকাশক (Publisher) কোন?
উত্তৰ:- পি. এল. আগৰৱালা।

প্ৰশ্ন ৫। আমাৰ অসম কাকতৰ সম্পাদক কোন?
উত্তৰ:- মনোজ কুমাৰ গোস্বামী।

প্ৰশ্ন ৬। আমাৰ অসম কাকতৰ মুখ্য কাৰ্য্যালয় ক’ত আছে / অৱস্হিত?
উত্তৰ:- গুৱাহাটী।

Leave a Comment