ASSAMESE GK 2023/অসমীয়া প্ৰতিদিন বাতৰি কাকত আজিৰ

ASSAMESE GK 2023/অসমীয়া প্ৰতিদিন বাতৰি কাকত আজিৰ

আমি সকলোৱে বসবাস কৰা সমাজ বা দেশখনত নিতৌ ক’ত কি ঘটিছে বা ঘটিব লাগিছে, সেইবোৰৰ খবৰ ৰখাটো বৰ প্রয়োজনীয়। তাকে জানিবলৈ হ’লে বাতৰি কাকতৰ সহায় অপৰিহার্য। মুঠতে কম সময়তে দেশ-বিদেশৰ খা-খবৰ, সাময়িক ঘটনা-প্ৰৱাহ আৰু জ্ঞান-বিজ্ঞানৰ অগ্ৰগতিৰ বুজ ল’বলৈ আমি বাতৰি ASSAMESE GK 2023 কাকত পঢ়িবই লাগিব।

আজিৰ অসমীয়া প্ৰতিদিন বাতৰি কাকত / ASSAMESE GK 2023 অসমীয়া প্ৰতিদিন হৈছে এখন অসমীয়া দৈনিক বাতৰি কাকতৰ নাম। এই বাতৰি কাকতখন ১৯৯৫ চনত প্ৰথম প্ৰকাশ পাইছিল। কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদক অজিত কুমাৰ ভূঞা। অসমীয়া প্ৰতিদিন কাকতখনৰ প্ৰথম কাৰ্য্যবাহী সম্পাদক আছিল পৰাগ কুমাৰ দাস। প্ৰাক্তন সম্পাদক অদীপ কুমাৰ ফুকন আৰু মনজিত মহন্ত। বৰ্তমান এই কাকতৰ মুখ্য সম্পাদক নিত্য বৰা আৰু কাৰ্যবাহী সম্পাদক হৈছে ধ্যৰ্য হাজৰিকা। কাকতখনৰ গৰাকী জয়ন্ত বৰুৱাৰ হৈ যতীন চৌধুৰীয়ে প্ৰকাশ কৰে। জয়ন্ত বৰুৱা মালিকানাধীন এই কাকত গোষ্ঠীটোৰ দ্বাৰা প্ৰকাশিত আন আন কাকত ASSAMESE GK 2023 আৰু আলোচনীসমূহ হ’ল – সাদিন, সাতসৰী আৰু নন্দিনী। বাতৰি কাকতখনৰ চাৰিটা সংস্কৰণ আছে। সেই সংস্কৰণ কেইটা হ’ল গুৱাহাটী, ডিব্ৰুগড়, উত্তৰ লখিমপুৰ আৰু বঙাইগাঁও। সংস্কৰণ কেইটাৰ পৰা একেসময়তেই এই অসমীয়া প্ৰতিদিন কাকতখন প্ৰকাশ পায়।

বাতৰি কাকতৰ প্ৰশ্ন আৰু উত্তৰ / NEWSPAPER GK QUIZ IN ASSAMESE LANGUAGE

প্ৰশ্ন ১। অসমীয়া প্ৰতিদিন বাতৰি কাকত খনৰ প্ৰথম প্ৰকাশ কিমান চনত হৈছিল?
উত্তৰ:- ১৯৯৫ চনত।

প্ৰশ্ন ২। অসমীয়া প্ৰতিদিন বাতৰি কাকতৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- অজিত কুমাৰ ভূঞা।

প্ৰশ্ন ৩। অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ প্ৰথম কাৰ্য্যবাহী সম্পাদক কোন আছিল?
উত্তৰ:- পৰাগ কুমাৰ দাস।

প্ৰশ্ন ৪। অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ প্ৰথম প্ৰাক্তন সম্পাদক কোন আছিল?
উত্তৰ:- অদীপ কুমাৰ ফুকন আৰু মনজিত মহন্ত।

প্ৰশ্ন ৫। অসমীয়া প্ৰতিদিন বাতৰি কাকতৰ গৰাকী কোন?
উত্তৰ:- জয়ন্ত বৰুৱা।

প্ৰশ্ন ৬। অসমীয়া প্ৰতিদিন বাতৰি কাকতৰ প্ৰকাশক কোন?
উত্তৰ:- যতীন চৌধুৰী।

প্ৰশ্ন ৭। অসমীয়া প্ৰতিদিন বাতৰি কাকতৰ বৰ্তমান মুখ্য সম্পাদক কোন?
উত্তৰ:- নিত্য বৰা।

প্ৰশ্ন ৮। অসমীয়া প্ৰতিদিন কাকতৰ বৰ্তমান কাৰ্যবাহী সম্পাদক কোন?
উত্তৰ:- ধ্যৰ্য হাজৰিকা।

প্ৰশ্ন ৯। মালিকানাধীন জয়ন্ত বৰুৱা কাকত গোষ্ঠীটোৰ দ্বাৰা প্ৰকাশিত আন আন কাকত আৰু আলোচনীসমূহৰ নাম কি কি?
উত্তৰ:- সাদিন, সাতসৰী আৰু নন্দিনী।

প্ৰশ্ন ১০। অসমীয়া প্ৰতিদিন বাতৰি কাকতখন কোন কোন ঠাইৰ পৰা প্ৰকাশ পায়?
উত্তৰ:- গুৱাহাটী, ডিব্ৰুগড়, উত্তৰ লখিমপুৰ আৰু বঙাইগাঁও।

SCIENCE MCQ IN ASSAMESE LANGUAGE

Leave a Comment