2023 GK IN ASSAMESE LANGUAGE ASSAM GK

2023 GK IN ASSAMESE LANGUAGE ASSAM GK

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ 2023 GK IN ASSAMESE LANGUAGE ASSAM GK ৰ এই তথ্যৰাজিত অসম কুইজৰ  ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ কেইটা আপোনালোকৰ UPSC, APSC, SSC, APDCL, Assam TET, Assam Police পৰীক্ষাসমূহৰ বাবে সহায়ক হ’ব।

অসমৰ সাধাৰণ জ্ঞান কুইজ 2023- সাধাৰণ জ্ঞান 2023 – GK IN ASSAMESE

প্ৰশ্ন ১। অসমীয়া গদ্য সাহিত্যৰ জনক কোন?

উত্তৰ:- ভট্টদেৱক ৷

প্ৰশ্ন ২। প্ৰথম অসমৰ চনেট কবি কোন?

উত্তৰ:- হেমচন্দ্ৰ গোস্বামী৷

প্ৰশ্ন ৩। অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথি খনৰ নাম কি?

উত্তৰ:- হেমসৰস্বতীৰ “প্ৰহ্লাদ চৰিত”৷

প্ৰশ্ন ৪। অসমীয়া সাহিত্যত ৰোমাণ্টিক যুগৰ আৰম্ভণি কেতিয়াৰ পৰা হৈছিল?

উত্তৰ:- “জোনাকী” কাকত ওলোৱাৰ পৰা।

প্ৰশ্ন ৫। প্ৰথম অসমীয়া কথাছবি জয়মতীৰ মূল নায়িকা গৰাকী কোন আছিল?

উত্তৰ:- আইদেউ সন্দিকৈ৷

প্ৰশ্ন ৬। অসমত প্ৰথম অনাতাঁৰ কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল?

উত্তৰ:- ১৯৪৮ চনত৷

প্ৰশ্ন ৭। স্বৰ্ণকমল বটাঁ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি?

উত্তৰ:- হালধীয়া চৰাইয়ে বাওধান খায়। এই চলচ্চিত্ৰখনৰ পৰিচালক আছিল জাহ্নু বৰুৱা (১৯৮৭ চন)৷

প্ৰশ্ন ৮। চামেলি মেমচাব কথাছবিখনৰ সংগীত পৰিচালক কোন আছিল?

উত্তৰ:- ড০ ভূপেন হাজৰিকা৷

প্ৰশ্ন ৯। শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া ছবিখনৰ নাম কি?

উত্তৰ:- আব্দুল মজিদ পৰিচালিত চামেলী মেমচাব৷

প্ৰশ্ন ১০। ৰাষ্ট্ৰপতিৰ পদক লাভ কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি?

উত্তৰ:- নিপ বৰুৱাৰ পৰিচালিত ৰঙা পুলিচ৷

প্ৰশ্ন ১১। অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি কাক কোৱা হয়?

উত্তৰ:- ৰজনীকান্ত বৰদলৈক৷

প্ৰশ্ন ১২। প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম কি?

উত্তৰ:- “গ্ৰামাৰ অব্ আছামিজ্ লেংগুৱেজ” – উইলিয়াম ৰবিনছন (১৮৩৯)।

প্ৰশ্ন ১৩। অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিলে?

উত্তৰ:- শৰৎ চন্দ্ৰ গোস্বামী৷

প্ৰশ্ন ১৪। অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি?

উত্তৰ:- “চন্দ্ৰকান্ত অভিধান” ১৯৩৩ চন৷

প্ৰশ্ন ১৫। ‘চিৰাজ” নাটকখনৰ নাট্যকাৰজন কোন আছিল?

উত্তৰ:- ফণী শৰ্মা৷

অসমৰ কুইজ – অসমৰ কুইজ 2022 PDF

প্ৰশ্ন ১৬। “ভানুমতী” উপন্যাসখনৰ ঔপন্যাসিকগৰাকীৰ নাম কি?

উত্তৰ:- পদ্মনাথ গোহাঞি বৰুৱা৷

প্ৰশ্ন ১৭। সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া পুথিখনৰ নাম কি?

উত্তৰ:- বনফুল (১৯৫২) লেখক হৈছে যতীন্দ্ৰনাথ দুৱৰা৷

প্ৰশ্ন ১৮। অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তিজন কোন আছিল?

উত্তৰ:- হেমচন্দ্ৰ বৰুৱা৷

প্ৰশ্ন ১৯। প্ৰথম অসমীয়া নাটকখনৰ নাম কি?

উত্তৰ:- শংকৰদেৱৰ চিহ্নযাত্ৰা৷

প্ৰশ্ন ২০। প্ৰথম অসমীয়া কথাকবিতাৰ ৰচিয়তা কোন?

উত্তৰ:- যতীন্দ্ৰ নাথ দুৱৰা৷

প্ৰশ্ন ২১। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি আৰু ইয়াৰ লেখক কোন?

উত্তৰ:- আত্মাৰাম শৰ্মাৰ ধৰ্মপুস্তক (১৮১৩ চন)৷

প্ৰশ্ন ২২। কোনজন অসমীয়াক ‘কলাগুৰু’ বুলি কোৱা হয়?

উত্তৰ:- বিষ্ণুপ্ৰসাদ ৰাভা৷

প্ৰশ্ন ২৩। কোনজন অসমীয়াক ‘ৰূপকোঁৱৰ’ বুলি কোৱা হয়?

উত্তৰ:- জ্যোতিপ্ৰসাদ আগৰৱালাক৷

প্ৰশ্ন ২৪। কোনজন অসমীয়া ‘লোকপ্ৰিয়’ নামেৰে জনাজাত?

উত্তৰ:- গোপীনাথ বৰদলৈ৷

প্ৰশ্ন ২৫। কোনজন অসমীয়া ‘কৰ্মবীৰ’ নামেৰে জনজাত?

উত্তৰ:- নবীনচন্দ্ৰ বৰদলৈ৷

প্ৰশ্ন ২৬। অসমীয়া ভাষা সাহিত্যৰ জনক কোন?

উত্তৰ:- শ্ৰীমন্ত শংকৰদেৱ।

প্ৰশ্ন ২৭। শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম কি?

উত্তৰ:- কীৰ্ত্তনঘোষা।

প্ৰশ্ন ২৮। প্ৰথম অসমীয়া গদ্য লেখক কোন? উত্তৰ:- ভট্টদেৱ৷

প্ৰশ্ন ২৯। কোনজন অসমীয়া ‘দেশভক্ত’ নামেৰে জনাজাত?

উত্তৰ:- তৰুণৰাম ফুকন৷

প্ৰশ্ন ৩০। অসমীয়া সাহিত্যত ‘ভাঙনি কোঁৱৰ’ বুলি কাক কোৱা হয়?

উত্তৰ:- আনন্দ চন্দ্ৰ আগৰৱালা৷

GENERAL KNOWLEDGE ASSAM IN ASSAMESE LANGUAGE PDF – ASSAM GK QUIZ IN ASSAMESE LANGUAGE

প্ৰশ্ন ৩১। ‘বিহগী কবি’ হিচাপে কোনজন কবিক জনা যায়?

উত্তৰ:- ৰঘুনাথ চৌধুৰী৷

প্ৰশ্ন ৩২। ‘নটসূৰ্য্য’ নামেৰে খ্যাত অসমীয়া ব্যক্তিগৰাকী কোন?

উত্তৰ:- ফণী শৰ্মা।

প্ৰশ্ন ৩৩। অসমৰ কোন ঠাইত উচ্চ ন্যায়ালয় আছে?

উত্তৰ:- গুৱাহাটীত৷

প্ৰশ্ন ৩৪। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়ধীশ কোন আছিল?

উত্তৰ:- মীৰা শৰ্মা।

প্ৰশ্ন ৩৫। প্ৰথম অসমীয়া কথা-কবিতাৰ ৰচক কোন?

উত্তৰ:- যতীন্দ্ৰ নাথ দুৱৰা৷

প্ৰশ্ন ৩৬। অসমীয়া চুটিগল্পৰ জনক বুলি কাক কোৱা হয়?

উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা৷

প্ৰশ্ন ৩৭। প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি?

উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱাৰ ‘সুৰভি’৷

প্ৰশ্ন ৩৮। অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচোঁতা কোন?

উত্তৰ:- উইলিয়াম ৰবিন্সন (১৮৩৯ চন)।

প্ৰশ্ন ৩৯। প্ৰথম অসমৰ ৰাজ্যপাল কোন আছিল?

উত্তৰ:- ছাৰ চালেহ মহম্মদ আকবৰ হাইদৰী৷

প্ৰশ্ন ৪০। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ:- গোপীনাথ বৰদলৈ৷

প্ৰশ্ন ৪১। প্ৰথম অসমীয়া ৰাজ্যপালজনৰ নাম কি?

উত্তৰ:- বিষ্ণুৰাম মেধি (মাদ্ৰাজ, ১৯৫৭)৷

প্ৰশ্ন ৪২। প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন আছিল?

উত্তৰ:- ফকৰুদ্দিন আলি আহমেদ৷

প্ৰশ্ন ৪৩। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ:- চৈয়দা আনোৱাৰা টাইমুৰ৷

প্ৰশ্ন ৪৪। প্ৰথম অসমীয়া বুৰঞ্জীবিদ কোন আছিল?

উত্তৰ:- হলীৰাম ফুকন৷

প্ৰশ্ন ৪৫। প্ৰথম অসমীয়া ভাষাত অভিধান ৰচোঁতা কোন আছিল?

উত্তৰ:- ব্ৰনচন (১৮৬৭ চন)।

ASSAM GK IN ASSAMESE LANGUAGE WITH PDF – অসমীয়া কুইজ

প্ৰশ্ন ৪৬। প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম কি?

উত্তৰ:- পদ্মনাথ গোহাঞিবৰুৱা ৰচিত লাহৰী (১৮৯২ চন)৷

প্ৰশ্ন ৪৭। কোনবোৰ গীতত অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন পোৱা যায়?

উত্তৰ:- চৰ্যাপদ বা চৰ্যাগীতত৷

প্ৰশ্ন ৪৮। অসমীয়া প্ৰথম চুটিগল্পটোৰ নাম কি?

উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱাৰ ‘কন্যা’৷

প্ৰশ্ন ৪৯। অসমীয়া প্ৰথম ৰোমাণ্টিক কবিতাটো কি?

উত্তৰ:- বনকুঁৱৰী (কবি – চন্দ্ৰকুমাৰ আগৰৱালা)।

প্ৰশ্ন ৫০। অসমীয়া প্ৰথম ভ্ৰমণ কাহিনীখনৰ নাম কি?

উত্তৰ:- ‘বিলাতৰ চিঠি’ (১৯৩৯ চন) লেখক হৈছে জ্ঞানদাভিৰাম বৰুৱা।

MRINAL KALITA BIOGRAPHY IN ASSAMESE/মৃণাল কলিতাৰ জীৱনী

1 thought on “2023 GK IN ASSAMESE LANGUAGE ASSAM GK”

Leave a Comment