MRINAL KALITA BIOGRAPHY IN ASSAMESE/মৃণাল কলিতাৰ জীৱনী

MRINAL KALITA BIOGRAPHY IN ASSAMESE/মৃণাল কলিতাৰ জীৱনী

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ এই “Mrinal Kalita Biography in Assamese / শিশু সাহিত্যিক মৃণাল কলিতাৰ জীৱনী” তথ্যৰাজিত আপোনালোকে ২০২১ চনৰ শিশু সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিক মৃণাল কলিতা দেৱৰ বিষয়ে কিছু নজনা কথা জানিবলৈ পাব। আশা কৰোঁ আমাৰ এই তথ্যৰাজিৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব। যদি ইয়াৰ দ্বাৰা আপোনালোকে সঁচাকৈয়ে উপকৃত হয় তেনেহ’লে সকলোৱে সহায় হোৱা কৈ যিমান পাৰে সিমানেই শ্বেয়াৰ কৰিব যাতে এই তথ্যৰাজিৰ পৰা তেখেতলোকেও কিছু নজনা কথা জানিব পাৰে।

অসমীয়া সাহিত্যিক মৃণাল কলিতা দেৱৰ পৰিচয় / সাহিত্যিক মৃণাল কলিতা

মৃণাল কলিতা দেৱ হৈছে অসমৰ এগৰাকী শিশু-সাহিত্যিক, গল্পকাৰ, ঔপন্যাসিক আৰু নিৱন্ধকাৰ। বৰ্তমান তেখেত গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ গণিত বিভাগৰ এজন অধ্যাপক।(Mrinal Kalita Biography in Assamese) শেহতীয়াকৈ তেখেতে সাহিত্য অকাডেমিৰ আমন্ত্ৰণ ক্ৰমে কেৰালা সাহিত্য অকাডেমিৰ প্ৰেক্ষাগৃহত ‘মাই ৱৰ্ল্ড মাই ৰাইটিং‘ শীৰ্ষক বক্তৃতা প্ৰদান কৰিছিল। তেখেতৰ “বকুল ফুলৰ দৰে” শীৰ্ষক শিশু উপন্যাসৰ বাবে ২০২১ চনৰ শিশু সাহিত্য অকাডেমি বঁটা লাভ কৰিছে

জন্ম আৰু পৰিচয় / জীৱন পৰিচয়

বৰ্তমান মৃণাল কলিতা দেৱ পেছাত এজন অধ্যাপক। তেখেত গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক ৰূপে কৰ্মৰত। মৃণাল কলিতা দেৱৰ জন্ম (Mrinal Kalita Biography in Assamese) কামৰূপ (গ্ৰাম্য) জিলাৰ বামুন্দিত হৈছিল। তেখেতৰ পিতৃ নাম ধীৰেন্দ্ৰ চন্দ্ৰ কলিতা আৰু মাতৃ নাম কুসুম কলিতা।দাম্পত্য সংগী জোনালী চৌধুৰী আৰু ৰিবৰিবমুনমী তেখেতৰ সন্তান নাম।

শিক্ষা জীৱন / কলেজীয়া জীৱন

মৃণাল কলিতা এজন কৃতী ছাত্ৰ আছিল। তেখেত অসমৰ মেট্ৰিক পৰীক্ষাত অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম আৰু উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত পঞ্চম স্থান (Mrinal Kalita Biography in Assamese) লাভ কৰি উৰ্ত্তীণ হৈছিল। কটন কলেজৰপৰা তেখেতে স্নাতক পৰীক্ষাত, গণিত বিষয়ত প্ৰথম স্থান লাভ কৰি বছৰটোৰ শ্ৰেষ্ঠ স্নাতকৰ সম্মান লাভ কৰিছিল। লগতে তেখেতে সমান্তৰাল ভাৱে কটন মহাবিদ্যালয় সপ্তাহত আৰু গুৱাহাটী বিশ্ববিদ্যালয় সপ্তাহত শ্ৰেষ্ঠ সাহিত্যিকৰ সম্মানো লাভ কৰিছিল।

সাহিত্যৰ ক্ষেত্ৰত অৱদান / মৃণাল কলিতা দেৱৰ সাহিত্য জীৱন

তেখেত এজন অসমৰ এগৰাকী গল্পকাৰ, শিশু-সাহিত্যিক, ঔপন্যাসিক, নিৱন্ধকাৰ। বৰ্তমান তেখেত গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ এজন গণিত বিভাগৰ অধ্যাপক। তেওঁৰ তিনিখনকৈ গল্প সংকলন পুথি, দুখনকৈ উপন্যাস পুথি, গণিত বিষয়ক ৰচনা পুথি আৰু এখনকৈ ভিন্নধৰ্মী ৰচনাৰ পুথিৰ উপৰিও এখনকৈ প্ৰবন্ধ সংকলন প্ৰকাশ পাইছে। মৃণাল কলিতা দেৱৰ বিভিন্ন ধৰণৰ লিখনি যেনেকৈ গল্প, শিশু গল্পৰ প্ৰকাশ গৰীয়সী আদিৰ আলোচনীতো প্ৰকাশ পাইছে। তাৰোপৰি তেখেত অৰ্থাৎ মৃণাল কলিতা দেৱ এজন নিয়মীয়া বাৰ্তা, আমাৰ অসম, দৈনিক জনমভূমি আদি দৈনিক বাতৰি কাকতৰো স্তম্ভ-লেখক

মৃণাল কলিতা দেৱৰ উল্লেখযোগ্য গ্ৰন্থসমূহৰ নাম / কিতাপসমূহৰ নাম

গল্প সংকলন –

  • অনুশীলন
  • অযান্ত্ৰিক অনুশীলন
  • মৃত্যুৰ সিপাৰে

শিশু উপন্যাস – বকুল ফুলৰ দৰে। শিশুৰ বাবে কাহিনীৰ সংকলন – ৰিবৰিব মুনমীহঁতৰ শেষ নোহোৱা কাহিনী। প্ৰৱন্ধ সংকলন – অকপটে। গণিত বিষয়ক পুথি – গণিতৰ বৰ্ণিল জগত (পুথিখন ড° জোনালী চৌধুৰীৰ সৈতে একলগে লিখিছিল)। ৰচনা সংকলন – গডফাদাৰৰ হাত আৰু চয়তানৰ মগজু

ASSAM GK QUIZ IN ASSAMESE LANGUAGE

২০২১ চনৰ শিশু সাহিত্য অকাডেমি বঁটা

মৃণাল কলিতা দেৱে তেখেতৰ শিশু উপন্যাস ‘বকুল ফুলৰ দৰে‘ ৰ বাবে ২০২১ চনৰ শিশু সাহিত্য অকাডেমি বঁটা লাভ কৰিছে। তেখেতৰ এই ২০২১ চনৰ শিশু সাহিত্য অকাডেমি বঁটা লাভ কৰা শিশু উপন্যাস ‘বকুল ফুলৰ দৰে’ ২০১৫ চনৰ নৱেম্বৰ মাহত বান্ধৱ প্ৰকাশনে প্ৰকাশ কৰিছিল। উপন্যাসখন গ্ৰন্থ আকাৰে প্ৰকাশ হোৱা আগেয়ে নটা সংস্কৰণ বাৰ ওঠৰ নাম কিশোৰ-কিশোৰীৰ উপযোগী মাহেকীয়া আলোচনীখনিত(Mrinal Kalita Biography in Assamese) ধাৰাবাহিক ৰূপে প্ৰকাশ পাই আছিল। উপন্যাসখন লগতে ৯২.৭ বিগ এফৰ “আজিৰ পৃষ্ঠা” নামৰ অনুষ্ঠানটোৰ যোগেদিও আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগেদিও প্ৰচাৰ কৰা হৈছে।

READ MORE ABOUT MRINAL KALITA FROM OTHER SOURCES

জানিবলগীয়া কিছু কথা / অসমীয়া সাহিত্য জগতৰ প্ৰশ্ন আৰু উত্তৰ

প্ৰশ্ন ১। মৃণাল কলিতা কোন?

উত্তৰ:- মৃণাল কলিতা হৈছে অসমৰ এগৰাকী শিশু-সাহিত্যিক, গল্পকাৰ, ঔপন্যাসিক আৰু নিৱন্ধকাৰ। বৰ্তমান তেখেত গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ গণিত বিভাগৰ এজন অধ্যাপক। লগতে ২০২১ চনৰ শিশু সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিক।

MRINAL KALITA BIOGRAPHY IN ASSAMESE

প্ৰশ্ন ২। মৃণাল কলিতা বৰ্তমান কোন কলেজৰ অধ্যাপক? নাইবা, মৃণাল কলিতা বৰ্তমান কোন মহাবিদ্যালয়ৰ অধ্যাপক?

উত্তৰ:- গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ।

প্ৰশ্ন ৩। কোনখন শিশু উপন্যাসৰ বাবে মৃণাল কলিতা দেৱে ২০২১ চনৰ শিশু সাহিত্য অকাডেমি বঁটা লাভ কৰিছে? নাইবা, কোনখন পুথিৰ বাবে মৃণাল কলিতা দেৱে ২০২১ চনৰ শিশু সাহিত্য অকাডেমি বঁটা লাভ কৰিছে?

উত্তৰ:- বকুল ফুলৰ দৰে।

প্ৰশ্ন ৪। মৃণাল কলিতা দেৱৰ শিশু উপন্যাসখনৰ নাম কি?

উত্তৰ:- বকুল ফুলৰ দৰে।

প্ৰশ্ন ৫। “বকুল ফুলৰ দৰে” শিশু উপন্যাসৰ বাবে মৃণাল কলিতা দেৱে কোনো বঁটা লাভ কৰিছিল?

উত্তৰ:- ২০২১ চনৰ শিশু সাহিত্য অকাডেমি বঁটা।

MRINAL KALITA BIOGRAPHY IN ASSAMESE

প্ৰশ্ন ৬। মৃণাল কলিতা দেৱৰ গণিত বিষয়ক পুথিখনৰ নাম কি?

উত্তৰ:- গণিতৰ বৰ্ণিল জগত।

প্ৰশ্ন ৭। মৃণাল কলিতা দেৱৰ প্ৰৱন্ধ সংকলন পুথিখনৰ নাম কি?

উত্তৰ:- অকপটে।

প্ৰশ্ন ৮। মৃণাল কলিতা দেৱে কোনখন কলেজৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈছিল?

উত্তৰ:- কটন কলেজৰপৰা।

প্ৰশ্ন ৯। মৃণাল কলিতাৰ জন্ম ক’ত হৈছিল?

উত্তৰ:- কামৰূপ (গ্ৰাম্য) জিলাৰ বামুন্দিত হৈছিল।

প্ৰশ্ন ১০। মৃণাল কলিতাৰ পিতৃ-মাতৃ নাম কি?

উত্তৰ:- পিতৃ নাম ধীৰেন্দ্ৰ চন্দ্ৰ কলিতা আৰু মাতৃ নাম কুসুম কলিতা।

1 thought on “MRINAL KALITA BIOGRAPHY IN ASSAMESE/মৃণাল কলিতাৰ জীৱনী”

Leave a Comment