ASSAMESE GK – ASSAM GK IN ASSAMESE LANGUAGE

ASSAMESE GK – ASSAM GK IN ASSAMESE LANGUAGE

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “ASSAMESE GK – ASSAM GK IN ASSAMESE LANGUAGE” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে।

প্ৰশ্ন ১। ‘অসম’ নামটোৰ কেতিয়াৰ প্ৰচলন হয়?
উত্তৰ:- ত্ৰয়োদশ শতিকা মানত আহোম সকলে এই ভূ-খণ্ড জয় কৰাৰ পাছত।

প্ৰশ্ন ২। অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল?
উত্তৰ:- খ্ৰীষ্টিয় নৱম-দশম শতিকা মানত।

প্ৰশ্ন ৩। অসমৰ পুৰণি নাম কি?

উত্তৰ:- কামৰূপ (প্ৰাগজ্যোতিষপুৰ)।

প্ৰশ্ন ৪। প্ৰথমে কোনে অসমীয়াত ৰামায়ণ ৰচনা কৰিছিল?
উত্তৰ:- মাধৱ কন্দলি।

প্ৰশ্ন ৫। মহাভাৰতখন অসমীয়া পদ্যত ভাঙনি কৰোঁতা জনৰ নাম কি?
উত্তৰ:- ৰাম সৰস্বতী।

প্ৰশ্ন ৬। অসমীয়া গদ্য সাহিত্যৰ জনক কোন?
উত্তৰ- ভট্টদেৱ।

প্ৰশ্ন ৭। প্ৰথম অসমীয়া লেখিকা গৰাকীৰ নাম কি?
উত্তৰ:- পদ্মাৱতী দেৱফুকননী।

প্ৰশ্ন ৮। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি?
উত্তৰ:- ধৰ্মপুস্তক (১৮১) আৰু এই পুথিখনৰ লিখক হৈছে আত্মাৰাম শৰ্মা।

প্ৰশ্ন ৯। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰ হোৱা প্ৰথম নাট খনৰ নাম কি আৰু ইয়াৰ নাট্যকাৰ কোন আছিল?
উত্তৰ:- “ধৰালৈ যিদিনা নামিব সৰগ” – সত্যপ্ৰসাদ বৰুৱা।

প্ৰশ্ন ১০। ইংৰাজী ভাষাৰ আটাইতকৈ বৃহৎ অভিধানখন কি?
উত্তৰ:- Oxford English Dictionary.

প্ৰশ্ন ১১। অসমত প্ৰথম ইংৰাজী অসমীয়া (Anglo assamese) অভিধান কোনে প্ৰণয়ন কৰে?
উত্তৰ:- বুদ্ধীন্দ্ৰনাথ ভট্টাচাৰ্যই (যোৰহাট)।

প্ৰশ্ন ১২। “বন্দো কি ছন্দেৰে” নামৰ প্ৰখ্যাত গীত ৰচয়িতা কোন?
উত্তৰ:-অম্বিকাগিৰি ৰায় চৌধুৰী।

প্ৰশ্ন ১৩। অলিভাৰ টি কট্টাৰ কোন?
উত্তৰ:- অসমৰ প্ৰথম বাৰ্তালোচনী ‘অৰুণোদয়’ৰ (১৮৪৬) প্ৰতিষ্ঠাপক মুদ্ৰক।

প্ৰশ্ন ১৪। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল?
উত্তৰ:- কৃষ্ণকান্ত সন্দিকৈ। (১৯৪৮-১৯৫৭)

প্ৰশ্ন ১৫। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা অসমৰ জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ’ ৰ সুৰকাৰ কোন আছিল?
উত্তৰ:- কমলা প্ৰসাদ আগৰৱালা।

প্ৰশ্ন ১৬। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি জনৰ নাম কি?
উত্তৰ:- পদ্মনাথ গোহাঞিবৰুৱা, শিৱসাগৰ, ডিচেম্বৰ ১৯১৭ চন।

প্ৰশ্ন ১৭। অসমৰ প্ৰথম স্নাতক ডিগ্ৰী কোনে লাভ কৰিছিল?
উত্তৰ:- আনন্দৰাম বৰুৱা।

ASSAMESE GK QUESTIONS ANSWERS / GK IN ASSAMESE LANGUAGE

প্ৰশ্ন ১৮। অসমৰ প্ৰথম মহিলা আই. এ. এছ (I.A.S.) কোন?
উত্তৰ:- পাৰুল দাস (১৯৭৪ চন)

প্ৰশ্ন ১৯। অসমৰ প্ৰথম মহিলা এ. ছি. এছ. (A.C.S.) কোন?
উত্তৰ:- শুচিব্ৰতা ৰায়চৌধুৰী।

প্ৰশ্ন ২০। কাণখোৱা পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰ:- শ্ৰীধৰ কন্দলি।

প্ৰশ্ন ২১। শ্ৰীকৃষ্ণৰ শিক্ষাগুৰু কোন আছিল?
উত্তৰ:- সান্দিপনী।

প্ৰশ্ন ২২। অসমৰ পৰা প্ৰকাশিত প্ৰথম ইংৰাজী দৈনিক কাকত খনৰ নাম কি?
উত্তৰ:- The Assam Tribune.

প্ৰশ্ন ২৩। The Assam Tribune বাতৰি কাকতৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ:- লক্ষ্মীনাথ ফুকন।

প্ৰশ্ন ২৪। The Assam Tribune বাতৰি কাকতখন কোন চনত প্ৰকাশ হৈছিল?
উত্তৰ:- ১৯৪৬ চনত ৰাধাগোবিন্দ বৰুৱাৰ দ্বাৰা গুৱাহাটীৰ পৰা প্ৰকাশিত হৈছিল।

প্ৰশ্ন ২৫। নগাঁও জিলাৰ বৰদোৱা সত্ৰত থকা কীৰ্ত্তন ঘৰৰ কাষত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভৰিৰ পতাৰ চিহ্ন থকা এচটা শিল আছে। শিলচটাক কি নামেৰে নামাকৰণ কৰা হৈছে?
উত্তৰ:- “পাদশিলা”।

ASSAM POLICE MOCK TEST IN ASSAMESE LANGUAGE

প্ৰশ্ন ২৬। প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল?
উত্তৰ:- বিষ্ণুৰাম মেধি (মাদ্ৰাজ ১৯৫৭)।

প্ৰশ্ন ২৭। স্বাধীন অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ:- লোকপ্ৰিয় গোপীনাথ বৰদলৈ।

প্ৰশ্ন ২৮। ৰাষ্ট্ৰৰ সৰ্বোচ্চ আসনত অদিষ্ঠিত হোৱা সুযোগ্য অসম সন্তান জন কোন বাৰু?
উত্তৰ:- ফকৰুদ্দিন আলি আহমেদ (১৯৭৪-৭৭)।

প্ৰশ্ন ২৯। অসমৰ প্ৰথম মহিলা চিকিৎসকৰ সন্মান কোনে লাভ কৰিছিল?
উত্তৰ:- ডাঃ ৰজনীপ্ৰভা শইকীয়া।

প্ৰশ্ন ৩০। লণ্ডন বিশ্ববিদ্যালয়পৰা “ডি-লিট” সন্মান লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন?
উত্তৰ:- সূৰ্য কুমাৰ ভূঞা।

প্ৰশ্ন ৩১। কোন চনত জোনাকী আলোচনীখন প্ৰকাশ হৈছিল?
উত্তৰ : ১৮৮৯ চনত।

প্ৰশ্ন ৩২। জোনাকী কাকতখন প্ৰথমে ক’ৰপৰা প্ৰকাশ পাইছিল?
উত্তৰ:- কলিকতাৰ পৰা।

প্ৰশ্ন ৩৩। জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ:- চন্দ্ৰ কুমাৰ আগৰৱালা।

প্ৰশ্ন ৩৪। জ্যোতিপ্ৰসাদ আগৰৱালাহতঁৰ এসময়ৰ “পকী” নামৰ ঘৰটো কি নামেৰে জনাজাত?
উত্তৰ:- জ্যোতি ভাৰতী।

প্ৰশ্ন ৩৫। বিষ্ণু ৰাভাৰ প্ৰথম পত্নীৰ নাম কি আছিল?
উত্তৰ:- প্ৰিয়লতা দত্ত।

প্ৰশ্ন ৩৬। ‘মৃত্যুওটো এটা শিল্প / জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য ………’ কবি কোন?
উত্তৰ:- হীৰেণ ভট্টাচাৰ্য।

অসমৰ সাধাৰণ জ্ঞান ২০২২ / অসমৰ সাধাৰণ জ্ঞান কুইজ

প্ৰশ্ন ৩৭। কটন কলেজৰ প্ৰথম অধ্যক্ষ গৰাকী কোন আছিল?
উত্তৰ:- ফ্ৰেডৰিক উইলিয়াম চুদমাৰ্চন।

প্ৰশ্ন ৩৮। কটন কলেজ কোন চনত স্হাপন কৰা হৈছিল?
উত্তৰ:- ১৯০১ চনত।

প্ৰশ্ন ৩৯। ‘অভিযাত্ৰী’ উপন্যাসখন কোন অসমীয়া মুক্তিযোদ্ধা নাৰীৰ জীৱনৰ ওপৰত আধাৰিত?

উত্তৰ:- চন্দ্ৰপ্ৰভা শইকীয়ানী।

প্ৰশ্ন ৪০। ‘বীণবৰাগী’ কবিতা পুথিৰ ৰচক কোন?
উত্তৰ:- চন্দ্ৰকুমাৰ আগৰৱালা।

প্ৰশ্ন ৪১। প্ৰসিদ্ধ চিন্তাবিদ ড° হীৰেণ গোঁহায়ে কোনখন গ্ৰন্থৰ বাবে সন্মানীয় সাহিত্য একাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ:- “অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা” শীৰ্ষক গ্ৰন্থৰ বাবে।

প্ৰশ্ন ৪২। অ. ভা. উ. সা. সভা বুলিলে কি বুজা?
উত্তৰ:- অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা।

প্ৰশ্ন ৪৩। ২০০৭ চনৰ অসম সাহিত্য সভাৰ অধিবেশনৰ সভাপতি কোন আছিল?
উত্তৰ:- কনক সেন ডেকা। (দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত)।

প্ৰশ্ন ৪৪। ২০০৬ চনৰ অসম উপত্যকা বঁটা লাভ কৰা ব্যক্তিজন কোন আছিল?
উত্তৰ:- নলিনীধৰ ভট্টাচাৰ্য।

প্ৰশ্ন ৪৫। ২০০৬ চনৰ চুকাফা বঁটা লাভ কৰা ব্যক্তিজন কোন আছিল?
উত্তৰ:- ৰতন থিয়াম।

প্ৰশ্ন ৪৬। ‘চিৰচেনেহী মোৰ ভাষা জননী’ এই গীতটো কোনে ৰচনা কৰিছিল?
উত্তৰ:- সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই।

প্ৰশ্ন ৪৭। আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসৰ নাম কি?
উত্তৰ:- ভানুমতী।

প্ৰশ্ন ৪৮। আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ লিখক কোন?
উত্তৰ:- পদ্মনাথ গোহাঞি বৰুৱা।

প্ৰশ্ন ৪৯। অসমীয়া সমাজৰ সকলো কামতে অপৰিহাৰ্য ‘তামোল’ শব্দটো কোন জাতি গোষ্ঠীৰ অৱদান?
উত্তৰ:- অষ্ট্ৰিক জাতি।

প্ৰশ্ন ৫০। বিষ্ণু ৰাভাৰ মৃত্যু কেতিয়া হৈছিল?
উত্তৰ:- ১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ০২:২৫ বজাত মৃত্যু হৈছিল।

Leave a Comment