ORANG NATIONAL PARK ESSAY IN ASSAMESE- ওৰাং ৰাষ্ট্ৰীয় উদ্যান

ORANG NATIONAL PARK ESSAY IN ASSAMESE- ওৰাং ৰাষ্ট্ৰীয় উদ্যান

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “ওৰাং ৰাষ্ট্ৰীয় উদ্যান ৰচনা – Orang National Park Essay in Assamese ” ৰ তথ্যৰাজিত অৰ্থাৎ আমাৰ ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে ৰচনা ৰ এই পোষ্টটিত আপোনালোকে ইয়াৰ সম্পূৰ্ণ তথ্যৰ লগতে ইতিহাস তথ্য সম্পৰ্কেও কিছু নজনা কথা জানিবলৈ পাৰিব। আশা কৰোঁ আমাৰ এই তথ্যৰাজিৰ পৰা আপোনালোকে ORANG NATIONAL PARK ESSAY IN ASSAMESE অলপ হ’লেও উপকৃত হ’ব। লগতে শেষৰ ফালে ৰাষ্ট্ৰীয় উদ্যানৰ ORANG NATIONAL PARK ESSAY IN ASSAMESE প্ৰশ্ন আৰু উত্তৰৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ প্ৰচাৰ কৰা হৈছে। এই প্ৰশ্নোত্তৰসমূহ সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে ORANG NATIONAL PARK ESSAY IN ASSAMESE আগবঢ়োৱা হৈছে।

ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে ৰচনা – RAJIV GANDHI ORANG NATIONAL PARK ESSAY IN ASSAMESE LANGUAGE

ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনে দৰং আৰু শোণিতপুৰ জিলা ব্যাপি আছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ইতিহাস যথেষ্ট পুৰণি। ১৯১৫ চনতে ইংৰাজে ইয়াক মৃগয়া বন (Game Sanctuary) হিচাপে ঘোষণা কৰে। ১৯৩১ চনত ওৰাঙক সৰ্বসাধাৰণৰ কাৰণে মুকলি কৰা হয় যদিও দেশে স্বাধীনতা লাভ কৰাৰ কেইবাৰ বছৰ পাছতহে ইয়াক সংৰক্ষিত বনাঞ্চলৰ মৰ্যাদা দিয়া হয়।

১৯৬২ চনত এটা খৰ্গ থকা গঁড় আৰু অন্যান্য বন্যপ্ৰাণী সংৰক্ষণৰ বাবে ওৰাঙক সংৰক্ষিত বনাঞ্চল ৰূপে গঠন কৰা হয়। ইয়াৰো প্ৰায় কুৰি বছৰৰ পাছত ১৯৮৫ চনৰ ২০ ছেপ্তেম্বৰত ওৰাঙে অভয়াৰণ্যৰ মৰ্যাদা লাভ কৰে। ১৯৯২ চনত ইয়াৰ নতুন নামকৰণ হয় ৰাজীৱ গান্ধী অভয়াৰণ্য। কিন্ত্ত ৰাজ্যজুৰি হোৱা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত অভয়াৰণ্যখনৰ নামৰ লগত ওৰাং শব্দটো ৰাখি ইয়াৰ নামকৰণ হয় ৰাজীৱ গান্ধী ওৰাং অভয়াৰণ্য

১৯৯৯ চনৰ ১৩ এপ্ৰিলৰ দিনা এই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰি চৰকাৰে অধিসূচনা জাৰি কৰে। তেতিয়াৰে পৰা ই ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান নামে পৰিচিত।

ওৰাং ৰাষ্ট্ৰীয় উদ্যান বৃহৎ এশিঙীয়া গঁড়ৰ অন্যতম প্ৰাকৃতিক আবাসভূমি। গঁড়ৰ আবাসভূমিৰ সংখ্যা ফালৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পিছতেই এই ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ স্হান। ইয়াক সেয়ে ক্ষুদ্ৰ কাজিৰঙা (Miniature Kaziranga) বুলিও অভিহিত কৰা হয়।

Orang National Park

ৰাষ্ট্ৰীয় উদ্যানখনৰ ৬০ শতাংশ অঞ্চল তৃণভূমি। কিছু সংখ্যক চাপৰি আৰু জলাহ অঞ্চলো অাছে। ইয়াৰ উপৰি বিভিন্ন প্ৰজাতিৰ গছ, নল, জলজ উদ্ভিদ আদিৰে ওৰাঙৰ আৰণ্যক জীৱন সমৃদ্ধ।

এশিঙিয়া গঁড়ৰ উপৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পোৱা আন জীৱ-জন্ত্তবোৰ হ’ল – বাঘ, বন গাহৰি, খটিয়া পহু, হাতী, বনৰীয়া মেকুৰী, বিভিন্ন প্ৰজাতিৰ জহামাল, বিভিন্ন প্ৰজাতিৰ বগলী আৰু অন্যান্য স্হলচৰ-জলচৰ চৰাই, হৰিণা আদি। বিৰল প্ৰজাতিৰ উলুম’ৰা চৰাই (Bengal Florican) ৰ আবাসভূমি ৰূপেও ওৰাং ৰাষ্ট্ৰীয় উদ্যান খ্যাত।

অসমৰ আন কেইবাখনো বনাঞ্চলৰ দৰেই ওৰাঙতো চোৰাং চিকাৰীৰ গঁড় হত্যাৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে। একেদৰে ব্ৰহ্মপুত্ৰৰ গৰা-গহনীয়ায়ো উদ্যানখনৰ ক্ষতি কৰিছে।

প্ৰতি বছৰৰ নৱেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈকে ওৰাং দৰ্শনাৰ্থীৰ বাবে মুকলি থাকে। গুৱাহাটীৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ দূৰত্ব ১২০ ORANG NATIONAL PARK ESSAY IN ASSAMESE কিলোমিটাৰ আৰু সমীপৱৰ্তী চহৰ মঙলদৈৰ পৰা দূৰত্ব ৫০ কিলোমিটাৰ

সাহিত্য অকাডেমি বঁটা ২০২১ – ভাষা, গ্ৰন্থ, সাহিত্যিকৰ তালিকা 

ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰশ্ন আৰু উত্তৰ (কুইজ) / NATIONAL PARK GK QUIZ IN ASSAMESE LANGUAGE

প্ৰশ্ন ১। ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত আছে?

উত্তৰ:- দৰং আৰু শোণিতপুৰ জিলাত। অৰ্থাৎ দুয়োখন জিলাত ব্যাপি আছে এই ওৰাং ৰাষ্ট্ৰীয় উদ্যান।

প্ৰশ্ন ২। ওৰাং ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত ইংৰাজে মৃগনা বন (Game Sanctuary) হিচাপে ঘোষণা কৰিছিল?

উত্তৰ:- ১৯১৫ চনত।

প্ৰশ্ন ৩। ওৰাঙক কেতিয়া আৰু কিয় সংৰক্ষিত বনাঞ্চল ৰূপে গঠন কৰা হৈছিল?

উত্তৰ:- ১৯৬২ চনত এটা খৰ্গ থকা গঁড় আৰু অন্যান্য বন্যপ্ৰাণী সংৰক্ষণৰ বাবে ওৰাঙক সংৰক্ষিত বনাঞ্চলৰূপে গঠন কৰা হৈছিল।

প্ৰশ্ন ৪। ওৰাঙে কেতিয়া এখন অভয়াৰণ্যৰ মৰ্যাদা লাভ কৰিছিল?

উত্তৰ:- ১৯৮৫ চনৰ ২০ ছেপ্তেম্বৰত।

প্ৰশ্ন ৫। ওৰাঙে কেতিয়া ৰাজীৱ গান্ধী ওৰাং অভয়াৰণ্য ৰূপে স্বীকৃতি লাভ কৰিছিল?

উত্তৰ:- ১৯৯২ চনত।

প্ৰশ্ন ৬। ওৰাং অভায়াৰণ্যক কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল?

উত্তৰ:- ১৯৯৯ চনৰ ১৩ এপ্ৰিলত।

প্ৰশ্ন ৭। ওৰাং ৰাষ্ট্ৰীয় উদ্যানক কিয় ক্ষুদ্ৰ কাজিৰঙা বুলি কোৱা হয়?

উত্তৰ:- ওৰাং ৰাষ্ট্ৰীয় উদ্যান বৃহৎ এশিঙীয়া গঁড় ৰ অন্যতম প্ৰাকৃতিক আবাসভূমি। গঁড়ৰ আবাসভূমিৰ সংখ্যা ফালৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পিছতেই এই ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ স্হান। ইয়াক সেয়ে ক্ষুদ্ৰ কাজিৰঙা (Miniature Kaziranga) বুলি কোৱা হয়।

প্ৰশ্ন ৮। কোনখন ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ কাজিৰঙা (Miniature Kaziranga) বুলি কোৱা হয়?

উত্তৰ:- ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান।

প্ৰশ্ন ৯। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নতুন নাম কি?

উত্তৰ:- ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান।

প্ৰশ্ন ১০। গুৱাহাটীৰ পৰা ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ দূৰত্ব কিমান?

উত্তৰ:- ১২০ কিলোমিটাৰ।

Leave a Comment