ASSAM SAHITYA SABHA IN ASSAMESE/ অসম সাহিত্য সভা বিষয়ে 2022

ASSAM SAHITYA SABHA IN ASSAMESE/ অসম সাহিত্য সভা বিষয়ে 2022

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজি আমি “অসম সাহিত্য সভা অধিবেশনৰ বিষয়ে” (Assam Sahitya Sabha) এই শীৰ্ষ ASSAM SAHITYA SABHA IN ASSAMESE তথ্য ৰাজিত আপোনাকৰ বাবে লৈ আনিছোঁ ASSAM SAHITYA SABHA IN ASSAMESE কেইটামান জানিথবলগীয়া Assam Sahitya Sabha Questions and Answers) আশা কৰোঁ এই সাহিত্য সভাৰ প্ৰশ্ন কেইটা আপোনালোকৰ সকলো ধৰণৰ প্ৰতিযোগিতাতমূলক পৰীক্ষাৰ বাবে সহায়ক হ’ব। লগতে আমাৰ এই তথ্য ৰাজিৰ যোগেদি আপোনালোকৰ বাবে অসম সাহিত্য সভাৰ সদস্যসকলৰ নামৰ সম্পূৰ্ণ তালিকাও আগবঢ়োৱা হৈছে।

ASSAM SAHITYA SABHA QUESTIONS AND ANSWERS / সাহিত্য কুইজ

প্ৰশ্ন ১। প্ৰথম অসম সাহিত্য সভাৰ অধিবেশন কেতিয়া হৈছিল?

উত্তৰ:- ১৯১৭ চনৰ ২৬ আৰু ২৭ ডিচেম্বৰত।

প্ৰশ্ন ২। প্ৰথম অসম সাহিত্য সভাৰ সভাপতি কোন আছিল?

উত্তৰ:- পদ্মনাথ গোহাঞিবৰুৱা।

প্ৰশ্ন ৩। প্ৰথম অসম সাহিত্য সভাৰ অধিবেশন ক’ত হৈছিল?

উত্তৰ:- শিৱসাগৰত।

প্ৰশ্ন ৪। অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি কোন?

উত্তৰ:- অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান তথা সাহিত্য অকাডেমি বঁটা বিজয়ী ড° কুলধৰ শইকীয়াই।

প্ৰশ্ন ৫। প্ৰথম অসম সাহিত্য সভাৰ সম্পাদক কোন আছিল?

উত্তৰ:- শৰৎ চন্দ্ৰ গোস্বামী।

প্ৰশ্ন ৬। অসম সাহিত্য সভাৰ মুখ্য কাৰ্য্যালয় ক’ত আছে?

উত্তৰ:- যোৰহাটত।

প্ৰশ্ন ৭। অসম সাহিত্য সভাৰ আৰম্ভণি গীতটোৰ নাম কি?

উত্তৰ:- “চিৰ চেনেহী মোৰ ভাষা জননী।”

প্ৰশ্ন ৮। অসম সাহিত্য সভাৰ মুখপত্ৰখনৰ নাম কি?

উত্তৰ:- “অসম সাহিত্য  সভা পত্ৰিকা”।

ASSAM SAHITYA SABHA QUIZ / সাহিত্য সভাৰ কুইজ / অসম সাহিত্য সভা অধিবেশৰ প্ৰশ্ন আৰু উত্তৰ

প্ৰশ্ন ৯। অসম সাহিত্য সভাৰ পতাকাখন দেখিবলৈ কেনেকুৱা?

উত্তৰ:- অসম সাহিত্য সভাৰ পতাকাখন শুকুলা পাটৰ কাপোৰৰ। ই দীঘলে ১.৫ মিটাৰ আৰু পথালিয়ে ১ মিটাৰ। পতাকাখনৰ চাৰিওকাষে সেউজীয়া বৰণৰ সীমান্ত আছে। আৰু পতাকাৰ সোঁমাজত আছে অসম সাহিত্য সভাৰ প্ৰতীকটো।

প্ৰশ্ন ১০। অসম সাহিত্য সভাৰ পতাকাখন মাপ (জোখ) কিমান?

উত্তৰ:- দীঘলে ১.৫ মিটাৰ আৰু পথালিয়ে ১ মিটাৰ।

প্ৰশ্ন ১১। অসম সাহিত্য সভাৰ পতাকা উত্তোলনৰ সময়ত কোন সংগীত পৰিৱেশন কৰে?

উত্তৰ:- অসমৰ জাতীয় সংগীত “অ মোৰ আপোনাৰ দেশ।”

ASSAM CULTURE GK QUIZ IN ASSAMESE LANGUAGE

প্ৰশ্ন ১২। অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক কোন আছিল?

উত্তৰ:- শৰৎ চন্দ্ৰ গোস্বামী।

প্ৰশ্ন ১৩। অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথমখন গ্ৰন্থ নাম কি?

উত্তৰ:- নৰদেৱ গ্ৰন্থাৱলীৰ “শ্ৰীশ্ৰী দামোদৰদেৱ চৰিত।” আৰু এই গ্ৰন্থখন প্ৰকাশ পাইছিল ১৯২৭ চনত। গ্ৰন্থখন ৰচনা কৰিছিল নীলকণ্ঠ দাসে আৰু শৰৎ চন্দ্ৰ গোস্বামীয়ে।

প্ৰশ্ন ১৪। অসম সাহিত্য সভাৰ বৰ্তমান প্ৰধান সম্পাদক কোন?

উত্তৰ:- যাদৱ চন্দ্ৰ শৰ্মা।

প্ৰশ্ন ১৫। অসম সাহিত্য সভাৰ প্ৰতীক কোনে অংকন কৰিছিল?

উত্তৰ:- যুগল দাস

প্ৰশ্ন ১৬। অসম সাহিত্য সভাৰ সদস্য সকলৰ নাম লিখা।

উত্তৰ:- অসম সাহিত্য সভাৰ সদস্য সকলৰ নাম, অধিবেশনৰ স্হান আৰু চনসমূহ তলত উল্লেখ কৰা ধৰণৰ –

অসম সাহিত্য সভাৰ সদস্যসকলৰ নাম (Names Of The Members Of Assam Sahitya Sabha)

সভাপতি নাম অধিবেশনৰ স্হান চন
ড° কুলধৰ শইকীয়া শুৱালকুছি ২০২০-২০২২
ড° পৰমানন্দ ৰাজবংশী বুঢ়ীদিহিং-বৰডুমচা ২০১৮-২০২০
ড° ধ্ৰুৱজ্যোতি বৰা কলিয়াবৰ ২০১৫-২০১৭
ইমৰান শ্বাহ গুৱাহাটী ২০১৪-১৫
ইমৰান শ্বাহ বৰপেটাৰোড ২০১২-১৩
ৰং বং তেৰাং ডেৰগাঁও ২০১১-২০১২
ৰং বং তেৰাং ধেমাজি ২০০৯-২০১০
কনকসেন ডেকা চাপৰ ২০০৭-২০০৮
কনকসেন ডেকা ছিপাঝাৰ ২০০৫-২০০৬
ড° বীৰেন্দ্ৰনাথ দত্ত উত্তৰ লখিমপুৰ ২০০২-২০০৩
হোমেন বৰগোহাঞি ডিব্ৰুগড় ২০০১-২০০২
চন্দ্ৰপ্ৰসাদ শইকীয়া হাজো ১৯৯৯-২০০০
ড° নগেন শইকীয়া হাওৰাঘাট ১৯৯৮
ড° নগেন শইকীয়া বিলাসীপাৰা ১৯৯৭
ড° লক্ষ্মীনন্দন বৰা বোকাখাট ১৯৯৬
হিতেশ ডেকা সৰ্থেবাৰী ১৯৯৫
ড° লীলা গগৈ মৰিগাঁও ১৯৯৪
ড° ভূপেন হাজৰিকা শিৱসাগৰ ১৯৯৩
লক্ষ্যধৰ চৌধুৰী গোৰেশ্বৰ ১৯৯২
ড° নিৰ্মলপ্ৰভা বৰদলৈ দুধনৈ ১৯৯১
নৱকান্ত বৰুৱা বিশ্বনাথ চাৰিআলি ১৯৯০
মহিম বৰা ডুমডুমা ১৯৮৯
কীৰ্তিনাথ হাজৰিকা হাইলাকান্দি ১৯৮৮
ড° মহেন্দ্ৰ বৰা পাঠশালা ১৯৮৭
বীৰেণ বৰকটকী কামপুৰ ১৯৮৬
যোগেশ দাস বিহপুৰীয়া ১৯৮৫
ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য বঙাইগাঁও ১৯৮৩
সীতানাথ ব্ৰহ্মচৌধুৰী ডিফু ১৯৮২
সীতানাথ ব্ৰহ্মচৌধুৰী তিনিচুকীয়া ১৯৮১
যতীন্দ্ৰনাথ গোস্বামী ৰহা ১৯৮০
অতুল চন্দ্ৰ বৰুৱা শুৱালকুছি ১৯৭৯
প্ৰসন্নলাল চৌধুৰী গোলাঘাট ১৯৭৮
চৈয়দ আব্দুল মালিক অভয়াপুৰী ১৯৭৭
যজ্ঞেশ্বৰ শৰ্মা টিহু ১৯৭৬
ড° সত্যেন্দ্ৰনাথ শৰ্মা তিতাবৰ ১৯৭৫
ড° মহেশ্বৰ নেওগ মঙলদৈ ১৯৭৪
গিৰিধৰ শৰ্মা ৰঙিয়া ১৯৭৩
হেম বৰুৱা ধুবুৰী ১৯৭২
তীৰ্থনাথ শৰ্মা মাকুম ১৯৭১
উপেন্দ্ৰ চন্দ্ৰ লেখাৰু ধিং ১৯৭০
আনন্দচন্দ্ৰ বৰুৱা বৰপেটা ১৯৬৯
জ্ঞাননাথ বৰা তেজপুৰ ১৯৬৮
নকুলচন্দ্ৰ ভূঞা ডিব্ৰুগড় ১৯৬৭
বিনন্দচন্দ্ৰ বৰুৱা উত্তৰ লখিমপুৰ ১৯৬৬
ডিম্বেশ্বৰ নেওগ নলবাৰী ১৯৬৫
মিত্ৰদেৱ মহন্ত ডিগবৈ ১৯৬৪
ৰত্নকান্ত বৰকাকতী নাজিৰা ১৯৬৩
ত্ৰৈলোক্যনাথ গোস্বামী গোৱালপাৰা ১৯৬১
ত্ৰৈলোক্যনাথ গোস্বামী পলাশবাৰী ১৯৬০
অতুলচন্দ্ৰ হাজৰিকা নগাঁও ১৯৫৯
পদ্মধৰ চলিহা তিনিচুকীয়া ১৯৫৮
বেণুধৰ শৰ্মা ধুবুৰী ১৯৫৬
যতীন্দ্ৰনাথ দুৱৰা গুৱাহাটী ১৯৫৫
নলিনীবালা দেৱী যোৰহাট ১৯৫৪
ড° সূৰ্য্য কুমাৰ ভূঞা শ্বিলং ১৯৫৩
অম্বিকাগিৰী ৰায়চৌধুৰী মাৰ্ঘেৰিটা ১৯৫০
নীলমণি ফুকন ডিব্ৰুগড় ১৯৪৭
নীলমণি ফুকন শিৱসাগৰ ১৯৪৪
ড° ময়িদুল ইছলাম বৰা যোৰহাট ১৯৪০
কৃষ্ণকান্ত সন্দিকৈ গুৱাহাটী ১৯৩৭
ৰঘুনাথ চৌধাৰী তেজপুৰ ১৯৩৬
আনন্দচন্দ্ৰ আগৰৱালা মঙলদৈ ১৯৩৪
জ্ঞানদাভিৰাম বৰুৱা উত্তৰ লখিমপুৰ ১৯৩৩
নগেন্দ্ৰ নাৰায়ণ চৌধুৰী শিৱসাগৰ ১৯৩১
মফিজুদ্দিন আহমদ হাজৰিকা গোলাঘাট ১৯৩০
কমলাকান্ত ভট্টচাৰ্য যোৰহাট ১৯২৯
তৰুণৰাম ফুকন গোৱালপাৰা ১৯২৭
বেণুধৰ ৰাজখোৱা ধুবুৰী ১৯২৬
ৰজনীকান্ত বৰদলৈ নগাঁও ১৯২৫
লক্ষ্মীনাথ বেজবৰুৱা গুৱাহাটী ১৯২৪
কনকলাল বৰুৱ ডিব্ৰুগড় ১৯২৪
অমৃতভূষণ দেৱ অধিকাৰী যোৰহাট ১৯২৩
হেমচন্দ্ৰ গোস্বামী তেজপুৰ ১৯২০
কালিৰাম মেধি বৰপেটা ১৯১৯
চন্দ্ৰধৰ বৰুৱা গোৱালপাৰা ১৯১৮
পদ্মনাথ গোহাঞিবৰুৱা শিৱসাগৰ ১৯১৭

Leave a Comment