ASSAM GK 2023 IN ASSAMESE LANGUAGE

ASSAM GK 2023 IN ASSAMESE LANGUAGE

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “Assam GK 2023” ৰ এই তথ্যৰাজিত নতুন সাধাৰণ জ্ঞান কুইজৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে।

অসমীয়া সাধাৰণ জ্ঞান ২০২২ / কুইজ ২০২২

আশা কৰোঁ আমাৰ এই  গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ কেইটা আপোনালোকৰ UPSCAPSCSSCAPDCLAssam TETAssam Police পৰীক্ষাসমূহৰ বাবে সহায়ক হ’ব।

3 JANUARY CURRENT AFFAIRS IN ASSAMESE LANGUAGE

প্ৰশ্ন ১। উত্তৰ প্ৰদেশ চৰকাৰে ঝান্সি ৰে’ল ষ্টেচনৰ নাম সলনি কৰি কি নাম ৰখা ঘোষণা কৰিছে?

উত্তৰ:- উত্তৰ প্ৰদেশ চৰকাৰে ঝান্সি ৰে’ল ষ্টেচনৰ নাম সলনি কৰি “বীৰাঙ্গনা লক্ষ্মীবাই ৰে’ল ষ্টেচন” নাম ৰখা ঘোষণা কৰিছে।

প্ৰশ্ন ২। উত্তৰ প্ৰদেশ ৰাজ্যৰ নতুন মুখ্য সচিব কোন?

উত্তৰ:- উত্তৰ প্ৰদেশ ৰাজ্যৰ নতুন মুখ্য সচিব দুৰ্গাশংকৰ মিশ্ৰ

প্ৰশ্ন ৩। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয় আৰু সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰকাশ কৰা অটল উদ্ভাৱন ৰেংকিং ২০২১ ত কোনখন আইআইটি প্ৰতিষ্ঠানে শীৰ্ষস্থান দখল কৰিছে?

উত্তৰ:- কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয় আৰু সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰকাশ কৰা অটল উদ্ভাৱন ৰেংকিং ২০২১ ত আইআইটি মাদ্ৰাজ প্ৰতিষ্ঠানে শীৰ্ষস্থান দখল কৰিছে।

প্ৰশ্ন ৪। ৫৮ বছৰ বয়সত মৃত্যু হোৱা মালায়ালম চলচ্চিত্ৰৰ বিখ্যাত পৰিচালকজনৰ নাম কি আছিল?

উত্তৰ:- ৫৮ বছৰ বয়সত মৃত্যু হোৱা মালায়ালম চলচ্চিত্ৰৰ বিখ্যাত পৰিচালকজনৰ নাম কৈথাপৰম বিশ্বনাথ আছিল।

প্ৰশ্ন ৫। ইণ্ডো-টিবেটান সীমান্ত আৰক্ষী বাহিনী (ITBP) ৰ সঞ্চালক প্ৰধান সঞ্জয় অৰোৰাক কোনটো বিভাগৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে?

উত্তৰ:- ইণ্ডো-টিবেটান সীমান্ত আৰক্ষী বাহিনী (ITBP) ৰ সঞ্চালক প্ৰধান সঞ্জয় অৰোৰাক সশস্ত্ৰ সীমা বল (SSB) ৰ বিভাগৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে।

TODAY CURRENT AFFAIRS IN ASSAMESE/ ASSAM GK 2022

প্ৰশ্ন ৬। সংগঠিত অপৰাধ আৰু দুৰ্নীতি প্ৰতিবেদন প্ৰকল্পৰ এক প্ৰতিবেদন অনুসৰি, ২০২১ চনত কোন নেতা বিশ্বৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত নেতাৰ তালিকাত শীৰ্ষস্থানত আছিল?

উত্তৰ:- সংগঠিত অপৰাধ আৰু দুৰ্নীতি প্ৰতিবেদন প্ৰকল্পৰ এক প্ৰতিবেদন অনুসৰি, ২০২১ চনত বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেঙ্কো বিশ্বৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত নেতাৰ তালিকাত শীৰ্ষস্থানত আছিল।

প্ৰশ্ন ৭। শেহতীয়াকৈ টেষ্ট ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰা নিউজিলেণ্ডৰ ক্ৰিকেটাজনৰ নাম কি?

উত্তৰ:- শেহতীয়াকৈ টেষ্ট ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰা নিউজিলেণ্ডৰ ক্ৰিকেটাজনৰ নাম হ’ল ৰছ টেইলৰ

প্ৰশ্ন ৮। কোন খন ৰাজ্যত বিতৰ্কিত আইন এএফএছপিএ পৰৱৰ্তী ছয় মাহ (জুন ২০২২) লৈ বৃদ্ধি কৰা হৈছে?

উত্তৰ:- নাগালেণ্ড ৰাজ্যত বিতৰ্কিত আইন এএফএছপিএ পৰৱৰ্তী ছয় মাহ (জুন ২০২২) লৈ বৃদ্ধি কৰা হৈছে।

প্ৰশ্ন ৯। শেহতীয়াকৈ মৃত্যু হোৱা বলীউডৰ চলচ্চিত্ৰ নিৰ্মাতাজনৰ নাম কি আছিল?

উত্তৰ:- শেহতীয়াকৈ মৃত্যু হোৱা বলীউডৰ চলচ্চিত্ৰ নিৰ্মাতাজনৰ নাম বিজয় গালানি আছিল।

প্ৰশ্ন ১০। পেটা ইণ্ডিয়া (PETA India) য়ে ২০২১ ৰ Person of the Year হিচাপে কাক বাছনি কৰিছিল?

উত্তৰ:- পেটা ইণ্ডিয়া (PETA India) য়ে ২০২১ ৰ Person of the Year হিচাপে আলিয়া ভাটক বাছনি কৰিছিল।

2 JANUARY 2022 CURRENT AFFAIRS IN ASSAMESE

প্ৰশ্ন ১। ৰে’লৱে ব’ৰ্ডৰ নতুন অধ্যক্ষ কোন?

উত্তৰ:- ৰে’লৱে ব’ৰ্ডৰ নতুন অধ্যক্ষ বিনয় কুমাৰ ত্ৰিপাঠী

প্ৰশ্ন ২। ২০২১ চনৰ শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ হিচাপে মনোনীত হোৱা ভাৰতীয় খেলুৱৈ গৰাকীৰ নাম কি?

উত্তৰ:- ২০২১ চনৰ শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ হিচাপে মনোনীত হোৱা ভাৰতীয় খেলুৱৈ গৰাকীৰ নাম হ’ল স্মৃতি মান্ধানা

প্ৰশ্ন ৩। বৰ্তমান ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডত পাইপলাইনৰ সঞ্চালক কোন?

উত্তৰ:- বৰ্তমান ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডত পাইপলাইনৰ সঞ্চালক হ’ল ডি.এছ. নানাভাৰে

প্ৰশ্ন ৪। শেহতীয়াকৈ ৯৭ বছৰ বয়সত মৃত্যু হোৱ‍া বিখ্যাত মালায়ালী অভিনেতাজনৰ নাম কি আছিল?

উত্তৰ:- শেহতীয়াকৈ ৯৭ বছৰ বয়সত মৃত্যু হোৱ‍া বিখ্যাত মালায়ালী অভিনেতাজনৰ নাম আছিল জি.কে. পিল্লাই

প্ৰশ্ন ৫। শেহতীয়াকৈ হিমাচল প্ৰদেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা ১১,০০০ কোটি টকাৰ জলবিদ্যুৎ প্ৰকল্পটো নাম কি?

উত্তৰ:- শেহতীয়াকৈ হিমাচল প্ৰদেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা ১১,০০০ কোটি টকাৰ জলবিদ্যুৎ প্ৰকল্পটো নাম হৈছে “সাভাৰা-কুদ্দু জলবিদ্যুৎ প্ৰকল্প“।

অসমীয়া কুইজ ২০২২ – নতুন সাধাৰণ জ্ঞানৰ কুইজ ২০২২

প্ৰশ্ন ৬। বন অৰ্থনীতি শক্তিশালী কৰিবলৈ ঝাৰখণ্ড চৰকাৰে কাৰ সৈতে অংশীদাৰীত্ব কৰিছে?

উত্তৰ:- বন অৰ্থনীতি শক্তিশালী কৰিবলৈ ঝাৰখণ্ড চৰকাৰে ইণ্ডিয়ান স্কুল অফ বিজনেছৰ সৈতে অংশীদাৰীত্ব কৰিছে।

প্ৰশ্ন ৭। ২০২১ বৰ্ষৰ CEO Winner of the Year বঁটা কোনে লাভ কৰিছিল?

উত্তৰ:- ২০২১ বৰ্ষৰ CEO Winner of the Year বঁটা কিশোৰ কুমাৰ য়েদাম‘য়ে লাভ কৰিছিল।

প্ৰশ্ন ৮। বৰ্তমান ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ নতুন মুৰব্বী কোন?

উত্তৰ:- বৰ্তমান ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ নতুন মুৰব্বী হৈছে ভিএছ পাঠানিয়া

প্ৰশ্ন ৯। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ মহানিৰ্দেশক (DG) হিচাপে কাক নিযুক্তি দিয়া হৈছে? নাইবা, বৰ্তমান উত্তৰ প্ৰদেশৰ মহানিৰ্দেশক (Director General) কোন?

উত্তৰ:- বৰ্তমান উত্তৰ প্ৰদেশৰ মহানিৰ্দেশক (Director General) হ’ল অবিনাশ চন্দ্ৰ

প্ৰশ্ন ১০। কোনটো দলে অষ্টমবাৰৰ বাবে অনুৰ্ধ-১৯ এছিয়া কাপৰ খিতাপ জিকিছে?

উত্তৰ:- ভাৰতীয় অনুৰ্ধ-১৯ দলে অষ্টমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ জিকিছে।

1 JANUARY 2022 CURRENT AFFAIRS IN ASSAMESE LANGUAGE

প্ৰশ্ন ১। শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ কোনজন খেলুৱৈয়ে তাৎক্ষণিক প্ৰভাৱৰ সৈতে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে?

উত্তৰ:- শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ কুইন্টন ডিককে তাৎক্ষণিক প্ৰভাৱৰ সৈতে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে।

প্ৰশ্ন ২। বেইজিংত অনুষ্ঠিত হ’বলগীয়া শীতকালীন অলিম্পিকৰ দুটা পৃথক ইভেণ্টৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় খেলুৱৈ কোন?

উত্তৰ:- বেইজিংত অনুষ্ঠিত হ’বলগীয়া শীতকালীন অলিম্পিকৰ দুটা পৃথক ইভেণ্টৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় খেলুৱৈ হৈছে আনছ আলপাইন স্কিয়াৰ আৰিফ মহম্মদ খান।

প্ৰশ্ন ৩। ২০২১ বৰ্ষৰ বাবে কাক হিন্দী আৰু ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছে?

উত্তৰ:- ২০২১ বৰ্ষৰ বাবে দয়া প্ৰকাশ সিনহা (হিন্দী) আৰু নমিতা গোখলে (ইংৰাজী) ক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছে।

প্ৰশ্ন ৪। ২০২১ বৰ্ষৰ অসমীয়া ভাষাৰ কোনজন সাহিত্যিক শিশু সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছে?

উত্তৰ:- অসমীয়া ভাষাৰ সাহিত্যিক মৃণাল কলিতাক ২০২১ বৰ্ষৰ শিশু সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছে।

Mrinal Kalita Biography in Assamese / শিশু সাহিত্যিক মৃণাল কলিতাৰ জীৱনী

প্ৰশ্ন ৫। ভাৰতীয় প্ৰতিযোগিতা আয়োগ (Competition Commission of India) য়ে ৱৰ্ল্ডৱানৰ কোনটো কোম্পানীত ৯৬ শতাংশতকৈ অধিক অংশ অধিগ্ৰহণৰ অনুমোদন জনাইছে?

উত্তৰ:- ভাৰতীয় প্ৰতিযোগিতা আয়োগ (Competition Commission of India) য়ে ৱৰ্ল্ডৱানৰ জিন্দল পাৱাৰ কোম্পানীটোত ৯৬ শতাংশতকৈ অধিক অংশ অধিগ্ৰহণৰ অনুমোদন জনাইছে।

CURRENT AFFAIRS 2022 IN ASSAMESE LANGUAGE

প্ৰশ্ন ৬। কানাডাৰ দ্বাৰা কোন তিনিজন ভাৰত বংশীক শীৰ্ষ অসামৰিক বঁটা “অৰ্ডাৰ অফ কানাডা” প্ৰদান কৰা হৈছে?

উত্তৰ:- কানাডাৰ দ্বাৰা ভাৰত বংশী ড° বৈকুণ্ঠম আয়াৰ লক্ষ্মণন, নৱজিৎ সিং ধিলন আৰু ড° প্ৰদীপ মাৰ্চেণ্টক শীৰ্ষ অসামৰিক বঁটা “অৰ্ডাৰ অফ কানাডা” প্ৰদান কৰা হৈছে।

প্ৰশ্ন ৭। ২০২১ চনত বিশ্বৰ আটাইতকৈ সঘনাই ডাউনলোড কৰা এপটো নাম কি?

উত্তৰ:- ২০২১ চনত বিশ্বৰ আটাইতকৈ সঘনাই ডাউনলোড কৰা এপটো নাম হ’ল টিক-টক (TikTok)। ডাউনলোড সংখ্যা হৈছে ৬৫৬ নিযুত।

প্ৰশ্ন ৮। কোনখন দেশক ব্ৰিকছ নৱ বিকাশ বেংকে ইয়াৰ নতুন সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিছে?

উত্তৰ: ইজিপ্ত দেশক ব্ৰিকছ নৱ বিকাশ বেংকে ইয়াৰ নতুন সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিছে।

প্ৰশ্ন ৯। কলকাতাৰ নতুন আৰক্ষী আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰ:- কলকাতাৰ নতুন আৰক্ষী আয়ুক্ত হিচাপে বিনীত কুমাৰ গোৱেলক নিযুক্তি দিয়া হৈছে।

প্ৰশ্ন ১০। মেক্সিকোত ভাৰতৰ নতুন ৰাষ্ট্ৰদূত হিচাপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰ:- মেক্সিকোত ভাৰতৰ নতুন ৰাষ্ট্ৰদূত হিচাপে পংকজ শৰ্মাক নিযুক্তি দিয়া হৈছে।

প্ৰশ্ন ১১। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ কোনখন সমিতি ভাৰতক অৰ্পণ কৰা হৈছে?

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সন্ত্ৰাসবাদ বিৰোধী সমিতি ভাৰতক অৰ্পণ কৰা হৈছে।

অস্বীকাৰ: আমি আপোনালোকৰলৈ প্ৰশ্ন আৰু উত্তৰসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰদান কৰোঁ। কেতিয়াবা যিকোনো প্ৰশ্নোত্তৰৰ ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনালোকক আমাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল।

Leave a Comment