ASSAM HISTORY IN ASSAMESE- মানৰ অসম আক্ৰমণ

ASSAM HISTORY IN ASSAMESE- মানৰ অসম আক্ৰমণ

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “ASSAM HISTORY IN ASSAMESE– মানৰ অসম আক্ৰমণ” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Assam Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে মানৰ অসম আক্ৰমণৰ চমুটোকা ৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে।

ASSAM BURANJI IN ASSAMESE LANGUAGE – মানৰ অসম আক্ৰমণৰ প্ৰশ্ন আৰু উত্তৰ

আহোম ৰাজত্বৰ শেষৰ ফালে ব্ৰহ্মদেশৰ (বৰ্তমান ম্যানমাৰ) মানসকলে তিনিবাৰকৈ অসম আক্ৰমণ কৰে। মানৰ এই অবৰ্ণনীয় আক্ৰমণত অসমৰ বিস্তৰ ক্ষতি হয়; ছশ বছৰীয়া আহোম সাম্ৰাজ্যৰো বেলি মাৰ যায়। ১৮১১ চন্দ্ৰকান্ত সিংহ ৰাজপাটত উঠে। তেওঁৰ দিনতে বাল্যবন্ধু সৎৰামে পূৰ্ণানন্দ বুঢ়াগোহাঁইক হত্যা কৰিবলৈ কৰা ষড়যন্ত্ৰ ধৰা পৰে।

এই ষড়যন্ত্ৰত গুৱাহাটীত বৰফুকন বদনচন্দ্ৰৰো সহযোগ থকাৰ উমান পোৱাত বদনক ধৰি আনিব বাবে পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে মহেশ্বৰ পৰ্বতীয়া ফুকনক পাচিলে। পূৰ্বেৰপৰা বদনচন্দ্ৰ আৰু চন্দ্ৰকান্ত সিংহ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ কাম-কাজত ভিতৰি ভিতৰি অসন্ত্তষ্ট হৈ আছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে বদনক বন্দী কৰিবলৈ বিচৰা বুলি বদনচন্দ্ৰৰ জীয়েকে (পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বোৱাৰীয়েক) আগতীয়াকৈ গম পাই বাপেকলৈ খবৰ পঠিয়ায়। সেই খবৰ পাই বদনচন্দ্ৰ ঘটনাক্ৰমে মানৰ ওচৰ পায়গৈ আৰু মানৰ সহায় বিচাৰে।

সেই অনুসৰি ১৮১৬ চনৰ শেষৰ ফালে আঠ হাজাৰ মান সৈন্য লৈ বদন বৰফুকনে অসম আক্ৰমণ কৰে। সেয়াই আছিল বুৰঞ্জী প্ৰসিদ্ধ মানৰ প্ৰথম আক্ৰমণ। মানৰ এই আক্ৰমণত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হয়। বহুতৰ মতে পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে আত্মহত্যা কৰিছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যুত বদনচন্দ্ৰৰ অত্যাচাৰ বাঢ়ি গ’ল।

এনে অৱস্হাত ৰাজমাৱে ৰূপ সিং নামৰ এজন চিপাহীৰ হতুৱাই বদনচন্দ্ৰক হত্যা কৰোৱায়। প্ৰথমবাৰ অসম আক্ৰমণ কৰোঁতে বদন বৰফুকনে মানক তেওঁলোকৰ যাৱতীয় খা-খৰচ আৰু তেওঁৰ হৈ যুদ্ধ কৰাৰ বাবে বহু ধন দিয়। ১৮১৭ চনৰ এপ্ৰিল মাহত মানসকলে নিজৰ দেশৰ লৈ উভতি যায়। যাওঁতে তেওঁলোকে হেমো নামৰ এগৰাকী আহোম ৰাজকুঁৱৰীও লগতে নিয়ে। তেওঁৰ নামেৰেই ব্ৰাহ্মদেশ (বৰ্তমান ম্যানমাৰ) ৰ ভামো নগৰ হৈছে বুলি কোনো কোনো বুৰঞ্জীবিদে মত প্ৰকাশ কৰিছে।

বুৰঞ্জীবিদ এডৱাৰ্ড গেইটৰ মতে দৰাচলতে হেমো ৰাজ অন্তেষপুৰৰ লিগিৰীহে আছিল আৰু আহোম ৰাজকুঁৱৰী বুলি তেওঁক মানৰ হাতত দিয়া হৈছিল। প্ৰথমবাৰ অসম আক্ৰমণ কৰি মান উভতি যোৱা পাছত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুত্ৰ ৰুচিনাথ বুঢ়াগোহাঁইয়ে সৈন্য সামন্তৰে যোৰহাট দখল কৰি চন্দ্ৰকান্ত সিংহৰ অংগক্ষত কৰি পুৰন্দৰ সিংহক ৰজা পাতে। বদনচন্দ্ৰক হত্যা আৰু চন্দ্ৰকান্ত সিংহৰ সিংহাসন চ্যুতৰ বাতৰি পাই ১৮১৯ চনত মানে দ্বিতীয়বাৰ অসম আক্ৰমণ কৰে।

এই আক্ৰমণ মানে যোৰহাট দখল কৰি চন্দ্ৰকান্ত সিংহ পুনৰ ৰজা পাতে। এই সময়চোৱাত চন্দ্ৰকান্ত নামতহে ৰজা হৈ আছিল। দৰাচলতে এই সময়ছোৱাত মানেহে অসমত ৰাজত্ব কৰিছিল। ১৮২০ চন মানত মান সেনাপতি মিংগিমাহা তিলোৱাই অসম এৰি গুচি যোৱাত চন্দ্ৰকান্ত সিংহই মানৰ অধীনত্ব দলিয়াই পেলোৱাৰ যো-জা কৰে। এই খবৰ পাই ১৮২১ চনৰ মাৰ্চ মাহত মানে তৃতীয়বাৰ অসম আক্ৰমণ কৰে।

মানে আহোম ৰাজ্য দখল কৰি যোগেশ্বৰ সিংহক আহোম ৰজা পাতে। হেৰোৱা ৰাজ্য ঘূৰাই আনিবলৈ চন্দ্ৰকান্ত সিংহই শেষবাৰৰ বাবে মান সৈন্যৰ লগত যুঁজ দিয়ে, কিন্ত্ত মানক ঘটুৱাব নোৱাৰিলে। ১৮১৯ চনৰ পৰা ১৮২৪ চনলৈকে মানে অসমত শাসন চলোৱা নামত প্ৰজাৰ ওপৰত অৱৰ্ণনীয় অত্যাচাৰ চলায়।

অবাধ লুণ্ঠনৰ লালসাত মানে অসমত উপদ্ৰৱ কৰি সমগ্ৰ ৰাজ্যখনকেই ছাৰখাৰ কৰি পেলায়। নৃশংসভাৱে নৰহত্যা কৰি, সা-সম্পত্তি লুট কৰি, গাঁৱৰ পিছত গাঁও ধ্বংস কৰি, মুনিহ-তিৰোতা, ল’ৰা-ছোৱালী, ডেকা-বুঢ়া নিৰ্বিচাৰে সকলোৰে ওপৰত অকথ্য অত্যাচাৰ চলাই সেই সময়ছোৱাত মানে অসমত এক চৰম দুঃশাসন চলাইছিল।

ইয়াৰ ফলত সমগ্ৰ অসমেই ধ্বংস হৈ যায়, সমগ্ৰ সমাজ ব্যৱস্হাও ভাঙি চূৰমাৰ হয়। বহু শতিকা ধৰি ক্ৰমান্বয়ে গঢ়ি উঠা সামাজিক ব্যৱস্হাৰো ভেটি চূৰ্চূমৈ হৈ যায়। মানৰ এই অত্যাচাৰ আৰু সন্ত্ৰাস আজিও অসমবাসীয়ে ‘মানৰ দিন‘ বুলি শংকাৰে সোঁৱৰে।

ক্ৰমে মানে অন্যায়ভাৱে ইংৰাজ এলেকাত আক্ৰমণ চলোৱাত পৰিস্হিতি গুৰুত্ব হৈ উঠে। ফলত ১৮২৪ চনত ইংৰাজ আৰু মানৰ মাজত প্ৰথম যুদ্ধ হয়। ইংৰাজে এই যুদ্ধত জয়লাভ কৰে আৰু ইয়াৰ পাছৰ কেইবাখনো যুদ্ধত ইংৰাজৰ উন্নত অস্ত্ৰ-শস্ত্ৰ আৰু ৰণ-কৌশলৰ আগত মানসেনা সম্পূৰ্ণভাৱে পৰাভূত হয়।

অৱশেষত ১৮২৬ চনৰ ২৪ ফেব্ৰুবাৰিত ব্ৰাহ্মদেশৰ ইয়াণ্ডাবুত ইংৰাজৰ লগত মানে সন্ধি কৰে আৰু এই সন্ধিৰ চৰ্তমতে অসম ইংৰাজৰ হাতৰলৈ যায়। যিবোৰ ৰাজ্যক লৈ তথাকথিত ইংৰাজ-অধিকৃত ভাৰত গঠিত হৈছিল তাৰ ভিতৰত সৰ্বশেষ ৰাজ্য আছিল অসম।

এনেদৰেই চুকাফাই অসীম সাহস আৰু বীৰত্বৰে প্ৰতিষ্ঠা কৰা ছশবছৰীয়া আহোম ৰাজত্বৰ লগত অসমৰ স্বাধীনতাৰ বেলি মাৰ যায় আৰু ১৮২৬ চনৰ পৰা অসম ইংৰাজৰ অধীন হ’বলগীয়া হয়।

মানৰ অসম আক্ৰমণৰ QUESTIONS ANSWERS PDF

প্ৰশ্ন ১। মানসকল কোন দেশৰ আছিল?

উত্তৰ:- ব্ৰাহ্মদেশৰ আছিল।

প্ৰশ্ন ২। বৰ্তমান ব্ৰাহ্মদেশক কি নামেৰে জনা যায়?

উত্তৰ:- ম্যানমাৰ।

প্ৰশ্ন ৩। মানসকলে কিমানবাৰ অসম আক্ৰমণ কৰিছিল?

উত্তৰ:- তিনিবাৰ।

প্ৰশ্ন ৪। কাৰ অবৰ্ণনীয় আক্ৰমণত ছশ বছৰীয়া আহোম সাম্ৰাজ্যৰ বেলি মাৰ গৈছিল?

উত্তৰ:- মানৰ অবৰ্ণনীয় আক্ৰমণত।

প্ৰশ্ন ৫। মানসকলক অসমৰলৈ কোনে আছিল? উত্তৰ:- বদনচন্দ্ৰ বৰফুকনে।

প্ৰশ্ন ৬। মানৰ প্ৰথম অসম আক্ৰমণ কোন চনত হৈছিল?

উত্তৰ:- ১৮১৭ চনৰ ২৭ মাৰ্চত।

প্ৰশ্ন ৭। মানসকলক কোনে অসমৰ লৈ আনিছিল?

উত্তৰ:- বদনচন্দ্ৰ বৰফুকনে।

প্ৰশ্ন ৮। মানৰ অসম আক্ৰমণ কোন কোন চনত হৈছিল?

উত্তৰ:- ১৮১৭, ১৮১৯ আৰু ১৮২১ চনত হৈছিল।

প্ৰশ্ন ৯। বদন বৰফুনক কোনে হত্যা কৰিছিল?

উত্তৰ:- ৰূপ সিং নামৰ এজন চিপাহীয়ে।

প্ৰশ্ন ১০। বদন বৰফুনক কোনে হত্যা কৰোৱাইছিল?

উত্তৰ:- ৰাজমাৱে।

প্ৰশ্ন ১১। বদন বৰফুনক কোনে কেনেকৈ কিয় হত্যা কৰিছিল?

উত্তৰ:- ওপৰৰ দফা কেইটা ভালদৰে মনদি পঢ়ক।

প্ৰশ্ন ১২। কেতিয়া বদনচন্দ্ৰক হত্যা কৰা হৈছিল?

উত্তৰ:- ১৮১৮ চনত।

প্ৰশ্ন ১৩। ৰুচিনাথ বুঢ়াগোহাঁইৰ পিতৃ নাম কি আছিল?

উত্তৰ:- পূৰ্ণানন্দ বুঢ়াগোহাঁই।

প্ৰশ্ন ১৪। মানৰ দ্বিতীয় অসম আক্ৰমণ কোন চনত হৈছিল?

উত্তৰ:- ১৮১৯ চনত।

প্ৰশ্ন ১৫। মানৰ তৃতীয় অসম আক্ৰমণ কোন চনত হৈছিল?

উত্তৰ:- ১৮২১ চনৰ মাৰ্চ মাহত।

প্ৰশ্ন ১৬। ইংৰাজ আৰু মানৰ মাজত প্ৰথম যুদ্ধ কিমান চনত হৈছিল?

উত্তৰ:- ১৮২৪ চনত।

প্ৰশ্ন ১৭। ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল?

উত্তৰ:- ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰিত।

প্ৰশ্ন ১৮। ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল?

উত্তৰ:- ইংৰাজ সেনা আৰু মান সেনাৰ মাজত হৈছিল।

প্ৰশ্ন ১৯। ইয়াণ্ডাবু সন্ধি ক’ত হৈছিল?

উত্তৰ:- ব্ৰাহ্মদেশৰ ইয়াণ্ডাবুত।

প্ৰশ্ন ২০। অসমখন ইংৰাজৰ হাতৰলৈ কেতিয়া গৈছিল?

উত্তৰ:- ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিত।

Leave a Comment