ASSAM GK 2023 IN ASSAMESE/অসমীয়া সাধাৰণ জ্ঞান 2023

ASSAM GK 2023 IN ASSAMESE/অসমীয়া সাধাৰণ জ্ঞান 2023

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ Assam GK 2023 ৰ এই তথ্যৰাজিত অসমৰ সাধাৰণ জ্ঞান কুইজৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় ASSAM GK 2023 IN ASSAMESE প্ৰশ্নোত্তৰসমূহ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে।

অসমৰ অসমীয়া কুইজ 2022 / ASSAM GK 2022 IN ASSAMESE

প্ৰশ্ন ১। ‘জোনাকী’ কাকতৰ প্রথম সম্পাদক কোন আছিল?

উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা।

প্ৰশ্ন ২। জোনাকী যুগৰ ত্রিমূর্তি বুলিলে কাক কাক কোৱা হয়?

উত্তৰ:- চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক।

প্ৰশ্ন ৩। ‘বিজুলী’ কাকতখন কোন চনত প্ৰকাশ পাইছিল?

উত্তৰ:- ১৮৯০ চনত।

প্ৰশ্ন ৪। ‘বিজুলী’ কাকতৰ প্রথম সম্পাদক কোন আছিল?

উত্তৰ:- কৃষ্ণপ্ৰসাদ দুৱৰা।

প্ৰশ্ন ৫। ‘ঊষা’ আলোচনীখন কেতিয়া প্রকাশিত হৈছিল?

উত্তৰ:- ১৯০৭ চনত।

প্ৰশ্ন ৬। ‘ঊষা’ আলোচনীখন কোনে সম্পাদনা কৰিছিল?

উত্তৰ:- পদ্মনাথ গোহাঞি বৰুৱাই।

প্ৰশ্ন ৭। ‘বাঁহী’ আলোচনীখন কোন চনত প্ৰকাশ পাইছিল?

উত্তৰ:- ১৯০৯ চনৰ ডিচেম্বৰ মাহত।

প্ৰশ্ন ৮। ‘বাঁহী’ আলোচনীখন কোনে সম্পাদনা কৰিছিল?

উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱাই

প্ৰশ্ন ৯। ‘আৱাহন’ কাকতখন কোন চনত প্রকাশ পাইছি?

উত্তৰ:- ১৯২৯ চনত।

প্ৰশ্ন ১০। ‘আৱাহন’ কাকতখন ক’ৰ পৰা ওলাইছিল?

উত্তৰ:- কলিকতাৰ পৰা।

প্ৰশ্ন ১৪। ‘আৱাহন’ কাকতৰ প্ৰথম সম্পাদক কোন আছিল?

উত্তৰ:- দীননাথ শৰ্মা।

প্ৰশ্ন ১৫। ‘আৱাহন’ কাকতৰ পৃষ্ঠপোষকতা কোনে কৰিছিল?

উত্তৰ:- নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে।

প্ৰশ্ন ১৬। অসমীয়া সাহিত্যত গীতি-কবিতাৰ প্রকৃত প্রৱর্তক কোন?

উত্তৰ:- চন্দ্ৰকুমাৰ আগৰৱালা।

প্ৰশ্ন ১৭। প্রথম অসমীয়া আধুনিক কবিতাটোৰ নাম কি?

উত্তৰ: বনকুঁৱৰী।

প্ৰশ্ন ১৮। প্রথম অসমীয়া ৰোমাণ্টিক কবিজনৰ নাম কি?

উত্তৰ:- চন্দ্ৰকুমাৰ আগৰৱালা।

প্ৰশ্ন ১৯। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ পুথি দুখনৰ নাম কি কি?

উত্তৰ:- প্রতিমা আৰু বীণ বৰাগী।

প্ৰশ্ন ২০। চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘প্রতিমা’ কিমান চনত প্ৰকাশ পাইছিল?

উত্তৰ:- ১৯১৪ চনত।

প্ৰশ্ন ২১। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতাৰ পুথি ‘প্রতিমা’ ক’ত প্রকাশ পাইছিল?

উত্তৰ:- জোনাকীত।

প্ৰশ্ন ২২। চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘প্রতিমা’ কবিতা পুথিখনত সবৰ্মুঠ কেইটা কবিতা সন্নিৱিষ্ট কৰা হৈছে?

উত্তৰ:- ২৫ টা।

প্ৰশ্ন ২৩। ‘প্রতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ’ বুলি কোনে কৈছিল?

উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱাই।

প্ৰশ্ন ২৪। চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয় কবিতাৰ পুথি ‘বীণ বৰাগী’ ক’ত প্ৰকাশ পাইছিল?

উত্তৰ:- বাঁহীত।

প্ৰশ্ন ২৫। চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘বীণ বৰাগী’ কবিতা পুথিখনত সবৰ্মুঠ কেইটা কবিতা সন্নিৱিষ্ট কৰা হৈছে?

উত্তৰ:- ১২ টা।

নতুন কুইজ 2022 /ASSAM GK 2022 IN ASSAMESE

প্ৰশ্ন ২৬। লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱন ক’ৰ পৰা আৰম্ভ হয়?

উত্তৰ:- লিতিকাই নাটকৰ পৰা।

প্ৰশ্ন ২৬। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটখনৰ নাম কি?

উত্তৰ:- লিতিকাই।

প্ৰশ্ন ২৭। লক্ষ্মীনাথ বেজবৰুৱাৰ ‘লিতিকাই’ কোন শ্ৰেণীৰ নাটক?

উত্তৰ:- ধেমেলীয়া (প্ৰহসন)।

প্ৰশ্ন ২৮। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি?

উত্তৰ:- পদুম কুঁৱৰী।

প্ৰশ্ন ২৯। অসমীয়া চুটিগল্পৰ জন্মদাতা কোন?

উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা।

প্ৰশ্ন ৩০। প্রথম অসমীয়া চুটিগল্পটোৰ নাম কি?

উত্তৰ:- সেউতী।

প্ৰশ্ন ৩১। লক্ষ্মীনাথ বেজবৰুৱাৰ ‘সেউতী’ গল্পটো ক’ত, কেতিয়া প্ৰকাশ হৈছিল?

উত্তৰ:- জোনাকীৰ চতুৰ্থ বছৰ চতুৰ্থ সংখ্যাত, ১৮৯২ চনৰ মে’ মাহত।

প্ৰশ্ন ৩২। ভদৰী নামৰ অসমীয়া চুটিগল্পটোৰ লেখক কোন?

উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা।

প্ৰশ্ন ৩৩। অসমীয়া চুটিগল্পই জন্ম লাভ কৰা আলোচনীখনৰ নাম কি?

উত্তৰ:- জোনাকী।

প্ৰশ্ন ৩৪। ফ্রয়েডীয় যৌন মনস্তত্বৰ ব্যাখ্যা দাঙি ধৰা লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পটোৰ নাম কি?

উত্তৰ:- পাটমুগী।

প্ৰশ্ন ৩৫। লক্ষ্মীনাথ বেজবৰুৱাৰ প্রথম গল্পটো কোনখন আলোচনীত প্ৰকাশ পাইছিল?

উত্তৰ:- জোনাকী।

প্ৰশ্ন ৩৬। লক্ষ্মীনাথ বেজবৰুৱাৰ প্রথম গল্প পুথিখনৰ নাম কি?

উত্তৰ:- সুৰভি।

প্ৰশ্ন ৩৭। লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পপুথি কেইখন কি কি?

উত্তৰ:- চাৰিখন আৰু সেই কেইখন হ’ল – সুৰভি, জোনবিৰি, সাধুকথাৰ কুকি আৰু কেহোকলি।

প্ৰশ্ন ৩৮। লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত চুটিগল্প পুথিখনৰ নাম কি?

উত্তৰ:- কেহোকলি।

প্ৰশ্ন ৩৯। কেহোকলি কোনে সম্পাদনা কৰিছিল?

উত্তৰ:- অতুলচন্দ্ৰ হাজৰিকাই।

প্ৰশ্ন ৪০। লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথি কেইখন কি কি?

উত্তৰ:- তিনিখন সেই তিনিখন হ’ল – বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি ল’ৰা’ আৰু জুনুকা।

প্ৰশ্ন ৪১। লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাট কেইখন কি কি?

উত্তৰ:- চাৰিখন আৰু সেই চাৰিখন হ’ল – লিতিকাই, নোমল, পাচনি আৰু চিকৰপতি নিকৰপতি।

প্ৰশ্ন ৪২। লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাট কেইখন কি কি?

উত্তৰ:- তিনিখন আৰু সেই তিনিখন হ’ল – জয়মতী, বেলিমাৰ আৰু চক্ৰধ্বজ সিংহ।

প্ৰশ্ন ৪৩। “কবিতা হয় যদি হওঁক, নহয় যদি নহওঁক” এই কবিতাটোৰ কবি গৰাকী কোন আছিল?

উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা।

প্ৰশ্ন ৪৪। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম কি?

উত্তৰ:- কদমকলি।

প্ৰশ্ন ৪৫। লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কবিতা পুথিখনৰ নাম কি?

উত্তৰ:- পদুমকলি।

প্ৰশ্ন ৪৬। লক্ষ্মীনাথ বেজবৰুৱাই কি ছদ্মনামেৰে ব্যংগ আৰু হাস্য ৰসাত্মক প্রবন্ধ লেখিছিল?

উত্তৰ:- কৃপাবৰ বৰবৰুৱা।

প্ৰশ্ন ৪৭। “কৃপাবৰী হাস্যৰস আৰু ব্যংগৰ প্ৰাধান্য থকা স্বত্বেও বেজবৰুৱা অসমীয়া চুটিগল্পৰ স্ৰষ্টাই নহয়, সার্থক দ্ৰষ্টা।” – কোনে কৈছিল?

উত্তৰ:- ড° নগেন শইকীয়াই।

প্ৰশ্ন ৪৮। প্রথম অসমীয়া আত্মজীৱনীখনৰ নাম কি?

উত্তৰ:- মোৰ জীৱন সোঁৱৰণ।

প্ৰশ্ন ৪৯। লক্ষ্মীনাথ বেজবৰুৱাই ক’ত আৰু কেতিয়া অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল?

উত্তৰ:- ১৯২৪ চনৰ অধিৱেশন গুৱাহাটীত।

প্ৰশ্ন ৫০। ছনেটৰ জন্মদাতা কোন?

উত্তৰ:- ইটালী কবি পেট্রাক।

Leave a Comment