HAPPY NEW YEAR 2023 WISHES IN ASSAMESE

HAPPY NEW YEAR 2023 WISHES IN ASSAMESE

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, পুৰণি বছৰৰ HAPPY NEW YEAR 2023 WISHES IN ASSAMESE দুখ-কষ্ট পৰিহাৰ কৰি ন ন ৰঙেৰে উদ্ভাসিত হৈ উঠক আপোনালোকৰ জীৱন, তাৰে কামনা কৰি পুন প্ৰথমে আমাৰ অসমীয়া শিক্ষা বিভাগৰ ৱেবছাইট Assamesegk.com ৰ ফালৰ পৰা আপোনালোকৰলৈ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আজিৰ আমাৰ এই পোষ্টটোত আপোনালোকৰ বাবে আমি লৈ আনিছোঁ বিভিন্ন ছাইটৰ পৰা সংগ্ৰহ কৰি কেইটামান Happy New Year 2022 Wishes in Assamese / Image / PDF / নতুন বছৰৰ শুভেচ্ছা বাণী ২০২২ লগতে আমি আপোনালোকৰ বাবে শেষৰফালে Assamese Happy New Year 2022 Image ও আগবঢ়াইছোঁ।

পোষ্টটিত থকা নতুন অসমীয়া শুভেচ্ছা বাণী ২০২২ (2022) সমূহৰ PDF Download কৰিবলৈ দিয়া হৈছে। আপোনালোকে আপোনালোকৰ আমাৰ এই শুভেচ্ছা বাণী বন্ধু-বান্ধৱী, ভাই-ভনী, ককা, দাদা, মামা, মা, দেউতা, নতুন বছৰৰ শুভেচ্ছা বাণী ২০২২ সকলোৱে লগত শ্বেয়াৰ কৰিব পাৰিব।

(১)
বছৰটো সলনি হওঁক,
দিনবোৰ সলনি হওঁক,
কিন্তু মৰম, ভালপোৱা, স্নেহ আৰু বন্ধুত্ব যাতে একেই থাকে
তাৰেই শুভকামনা জ্ঞাপন কৰিলোঁ।
শুভ নৱবর্ষ ২০২২

(২)

জীৱনটো বাস্তবতে খুবেই সহজ,

কিন্তু
আমি নিজে ইচ্ছা কৰি আমাৰ কাম-কাজবোৰ মাধ্যমেৰে
তাক জটিল কৰি তোলো।
আশা কৰো নতুন বছৰত তোমাৰ জীৱনটো যেন
শৈশৱকালটোৰ নিচিনা সহজ-সৰল হৈ উঠে।

(৩)

বিগত বৰ্ষৰ মধুৰ মূহুৰ্ত বোৰ

স্মৃতিৰ মণিকুঠত ৰাখি
নৱবৰ্ষত নতুন আশাৰে,
নতুন উদ্যমেৰে আৰু আগবঢ়াৰ হেঁপাহেৰে নতুন বছৰৰ হিয়াভৰা শুভ কামনা জনালোঁ।

(৪)

নতুন বৰ্ষৰ শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। আশা কৰোঁ নৱবৰ্ষৰ প্ৰতিটো দিনেই স্মৰণীয় হৈ ৰওঁক আৰু সুখেৰে উপচি পৰক।।

(৫)

আশা কৰোঁ আপোনাৰ পৰিয়ালৰ সকলোৰে নতুন বৰ্ষটো
হাঁহিৰে আৰম্ভ হৈ হাঁহিৰে শেষ হওঁক। নৱবৰ্ষৰ শুভকামনা জনালোঁ।

(৬)

নতুন বৰ্ষৰ নতুন সংকল্প মই লৈছোঁ। নতুন সংকল্প বোৰ পূৰণ কৰাত আপোনালোকৰ আশীৰ্বাদ আৰু মৰম অত্যন্ত প্ৰয়োজন। Happy New Year 2022

(৭)

২০২২ চনৰ কষ্টময় দিনবোৰ পুনৰায যাতে় ঘূৰি নাহক, তাৰে আশাৰে ২০২২ চনৰ বাবে শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ।

(৮)

চাওঁতে চাওঁতে মৰমৰ ২০২১ ক আমি বিদায় দিবৰে হ’ল ৷ পাৰ হৈ অহা দিনত যদি মই কেতিয়াবা কিবা দুখ দিছিলোঁ বন্ধু বুলি পাহৰি যাবা ৷৷

(৯)

মোৰ ফালৰ পৰা সকলোকে নতুন বছৰ ও আহি থকা ভোগালী বিহুৰ অভিনন্দন জনাই তোমাৰ লগতে সপৰিয়ালকে মোৰ ঘৰলৈ আহিবলৈ নিমন্ত্ৰণী শৰাই আগবঢ়ালো
মই নকওঁ যে তুমি সফল হোৱা
মই নকওঁ যে তুমি সুখী হোৱা
মই কৈছো যে নতুন বছৰত তোমাৰ যেন এটি সুন্দৰ চৰিত্ৰ গঠন হয়৷
যিজন চৰিত্ৰবান হয়
তেওঁৰ জীৱন সদায় সুখকৰ হয়৷

নৱবৰ্ষৰ শুভেচ্ছা বাণী ২০২২ / ফটো

(১০)

মই মনৰ পৰা প্ৰাৰ্থনা কৰিছো যে মোৰ সকলো বন্ধুৰ যেন এই নতুন বছৰটো খুব ভাল ভাবে পাৰ হয়৷
কিন্তু বন্ধুবোৰে মোকো যেন পাহৰি নাযায়৷

(১১)

আপোনাৰ জীৱনটো হওঁক সূৰ্য্যৰ দৰে উজ্জ্বল পানীৰ দৰে শীতল মৌৰ দৰে মিঠা
আশাকৰো এই শুভ নৱবৰ্ষত আপোনাৰ সকলো ইচ্ছা যেন পূৰ্ণ হয়।
Happy New Year 2022

(১২)

মোৰ জীৱনৰ এটা শেষ ষ্টেটাছ। মোৰ শৰীৰ দিনে দিনে বেয়া হৈ আহিছে। ডাক্টৰে কৈছে মই আৰু মাত্ৰ কেইদিনমানৰ বাবেহে থাকিম। তাৰ পিছত মই অতীত হৈ যাম। তোমালোকে চিন্তা নকৰিবা। মোৰ উত্তৰপুৰুষ তোমালোকৰ লগত থাকিব আৰু তোমালোকক সুখ দিব। ইতি তোমালোকৰ ২০২১॥

(১৩)

নতুন বছৰটিয়ে তোমালৈ লৈ আনক অনেক সুখৰ আৰু আনন্দৰ বতৰা ৷ দুখবোৰ আঁতৰি সুখেৰে ভৰি পৰক ৷

(১৪)

নতুন বছৰটো নিজৰ বাবে একো নহলেওঁ মা দেউতাক যেন সদাই সুখত ৰাখিব পাৰো তাৰেই কামনা কৰিলোঁ ।

(১৫)

নতুন বছৰৰ নতুন কিৰণ। এই কিৰণৰ প্ৰতিটো স্পৰ্শই জী তোলক আপোনাৰ জীৱন। তাৰেই কামনাৰে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ!

(১৬)

পুৰণি বছৰৰ দুখ-কষ্ট পৰিহাৰ কৰি ন ৰঙেৰে উদ্ভাসিত হৈ উঠক আপোনাৰ জীৱন।

(১৭)

তোমাৰ মন মৰম চেনেহ আৰু সৎ চিন্তা ভাৱনাৰে পৰিপূৰ্ণ হৈ পৰক।
Happy New Year 2022

(১৮)

যান্ত্ৰিকতাৰে ভৰা জীৱনত অনেক ব্যস্ততাৰ মাজতো মোৰ হৃদয়ে ৰে আজি মই তোমাক শুভেচ্ছা জনাইছোঁ, কাৰণ তুমি মোৰ বন্ধু। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তোমাৰ জীৱনৰ সপোনবোৰ এপাহ ৰক্ত গোলাপৰ দৰে উজ্জ্বলি উঠে।

(১৯)

টকা পইচা শেষ হৈ যাব,কিন্তু বন্ধুত্বৰ স্মৃতি চিৰযুগমীয়া হৈ থাকি যাব।
নৱবৰ্ষৰ নৱ আলোকেৰে ন ৰূপত মানৱতাৰ সম্প্ৰীতিৰ এনাজৰীডাল আৰু অধিক শক্তিশালী হ‌ওঁক।
নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ।

(২০)

নতুন বৰ্ষত নতুন উদ্যমেৰে নতুন জীৱনৰ কৰ্ম কৰি যাওঁ আঁহক।
নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

HAPPY NEW YEAR 2022 ASSAMESE / PHOTO / IMAGE

(২১)

ভগৱানক ধন্যবাদ যে এই দুদিনীয়া জীৱনটোত মোক তোমাৰ দৰে এজন বন্ধু দিলে।
তোমাৰ বন্ধুত্বৰে মই আজীৱন চহকী।
মোৰ জীৱনৰ কক্ষপথৰ লগৰী হোৱা বাবে তোমাক বহুত বহুত ধন্যবাদ!
আমাৰ মাজত থকা মৰম-স্নেহ, মিলা-প্ৰীতি বোৰ আগলৈও এনেদৰেই থকাৰ আশাৰে তোমালৈ নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ।৷

(২২)

আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ এই নৱবৰ্ষই কঢ়িয়াই আনক সুখ শান্তি আৰু সমৃদ্ধি।
HAPPY NEW YEAR 2022

(২৩)

সন্মূখত নতুন বছৰ বুলি
বেছি একো নিবিচাৰোঁ,
মাত্ৰ এটাই প্ৰাৰ্থনা
হে ভগৱান সকলোকে ভালে ৰাখিবা।
সকলোৰে জীৱনত অলপ সুখ আৰু শান্তি দিবা।

(২৪)

সফলতা আৰু বিফলতা বুলি জীৱন পথৰ পাক্‌ লগা দুটি শব্দৰ পিছত ধৰি আগবাঢ়িবলৈ সকলোৱে বিচাৰে।
কিন্তু, সফলতাৰ পিছত দৌৰি ভাগৰিছে যদিয়ো আপুনি কাহানিয়ো থমকিব খোজা নাই বাবে আজিয়ো যুঁজি আছে নহয়। তেনেকৈয়ে আপোনাৰ প্ৰতিটো পুৱা এখনি যুদ্ধৰে আৰম্ভ কৰিব। আৰু নিশাবোৰত সৰিবলৈ দিব ভুল-শুদ্ধৰ তুলাচনীত কেৱল ভুলবোৰক। তেতিয়াহে আপুনি হয়টো জয়ৰ মুখ দেখিব। এটা বছৰে বহু কথাই শিকাই গ’ল। আমি ভৱাৰ দৰে সকলো সময়তে সকলো নহ’বও পাৰে। তথাপিয়ো আমি সাহস হেৰুৱাব নালাগে। আগবাঢ়িবলৈ নতুন নতুন প্ৰস্তুতি চলাব লাগে। আহিবলগীয়া বছৰটো সুন্দৰ আৰু সুখেৰে পৰিপূৰ্ণ হওঁক প্ৰতিখন ঘৰ। এটি শুভকামনা সকলোলৈ। ২০২২ চিৰস্মৰণীয় হৈ ৰওঁক কেৱল আনন্দ আৰু সুখৰ নামেৰেই।

HAPPY NEW YEAR 2022 WISHES ASSAMESE LINE

(২৫)

নিউ ইয়েৰৰ অশেষ শুভকামনা
হেপ্পী নিউ ইয়েৰ 2022

(২৬)

Happy new year 2022 ৰ আগন্তক শুভেচ্ছা জনালোঁ॥

(২৭)

নতুন বছৰৰ প্ৰতিদিনে সুখ, আনন্দৰে ভৰি পৰক আৰু সাফল্যৰ বাৰ্তা আনি জীৱনটো ৰঙীন আৰু সুন্দৰ কৰি তোলক তাৰেই কামনাৰে নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ।

(২৮)

কষ্ট দুখ ভয় এইবোৰ পাহৰি যোৱা। নতুন বছৰটোত প্ৰাণখুলি হাঁহা আনন্দৰে থাকা। নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জনালোঁ। HAPPY NEW YEAR 2022।

(২৯)

কিছু দুখ কিছু সুখ ২০২১ ত আছিল। আজি সেয়া অতীত।
তাৰ ঠাই পূৰাব আহিছে ২০২২ য়ে।
যিটো তোমাৰ পচন্দ তাক মন দি কৰা। ধ্যান ৰাখিবা যাতে তাত কাৰো ক্ষতি নহয়।
মন দি কাম কৰি যোৱা তেতিয়া তোমাৰ সপোন তোমাৰ কাষলৈ নিজেই আহিব।
HAPPY NEW YEAR 2022

(৩০)

বিগত বছৰটোত কৰা ভূলবোৰ শুধৰণি কৰাৰ সময় আহিছে।
আহিছে এটা নতুন বছৰ।
গুচি যোৱা সময়ক কাহানিওঁ উভতাই আনিব নোৱাৰি।
কিন্তু আহিবলগীয়া সময়খিনিত আমাৰ নতুন কৰ্মসূচী ঠিক কৰিব পাৰি।

NEW YEAR 2022 ASSAMESE LINE / PHOTOS / IMAGE DOWNLOAD

(৩১)

নতুন বৰ্ষৰ শুভেচ্ছা জনালোঁ।
আশা কৰোঁ নৱবৰ্ষৰ প্ৰতিটো দিনেই স্মৰণীয় হৈ ৰওঁক।

(৩২)

নতুন বছৰ নতুন চিন্তাৰে নতুন উদ্যমেৰে সকলো বাধা নিউচি আগুৱাই যাওঁক সকলো।
তাৰেই কামনা কৰি সকলোলৈ নৱ বৰ্ষৰ শুভেচ্ছা জনালোঁ।

(৩৩)

সকলোলৈকে নতুন বছৰৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা থাকিল,
সকলোৰে আহিব লগীয়া দিনবোৰ যেন মধুময় হওঁক।

(৩৪)

নিৰাশা বোৰ নাইকিয়া হৈ আশা বোৰ পূৰণ হওঁক,
সাঁচি থোৱা প্রতিটো সপোন পলকতে বাস্তৱ ৰূপ হওঁক,
আৰু এই নতুন বছৰটিয়ে আপোনাৰ বাবে কঢ়িয়াই আনক
আনন্দ আৰু সুখৰ বন্য তাৰেই কামনাৰে
আপোনাক লগতে আপোনাৰ পৰিয়াললৈ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ।

নতুন বছৰৰ শুভেচ্ছা বাণীৰ ফটো

(৩৫)

আপোনাৰ জীৱনটো হওঁক
সূৰ্যৰ দৰে উজ্জ্বল,
পানীৰ দৰে শীতল
আৰু মৌৰ দৰে মিঠা,
এই শুভ নৱবৰ্ষত,
আপোনাৰ সকলো ইচ্ছা যেন পূৰণ হয়।

Leave a Comment