DIBRU SAIKHOWA NATIONAL PARK ESSAY IN ASSAMESE – ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ৰচনা

DIBRU SAIKHOWA NATIONAL PARK ESSAY IN ASSAMESE – ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ৰচনা

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “Dibru Saikhowa National Park Essay in Assamese” ৰ তথ্যৰাজিত অৰ্থাৎ আমাৰ ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে ৰ এই পোষ্টটিত আপোনালোকে ইয়াৰ সম্পূৰ্ণ তথ্যৰ লগতে ইতিহাস তথ্য সম্পৰ্কেও কিছু নজনা কথা জানিবলৈ পাৰিব। আশা কৰোঁ আমাৰ এই তথ্যৰাজিৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব। লগতে শেষৰ ফালে ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰশ্ন আৰু উত্তৰৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ প্ৰচাৰ কৰা হৈছে। এই প্ৰশ্নোত্তৰসমূহ সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে।

অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ ৰচনা -Dibru Saikhowa National Park Assam

ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ অন্তৰ্গত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি ৩৪০ বৰ্গ কিলোমিটাৰ। দুষ্প্ৰাপ্য দেওহাঁহৰ প্ৰধান আৱাস ভূমি ৰূপে এই ৰাষ্ট্ৰীয় উদ্যান স্বীকৃতি। ৰাষ্ট্ৰীয় উদ্যানখনৰ সাত ভাগৰ এভাগ আৰ্দ্ৰভূমি। বাকী অংশ ঘাঁহ জাতীয় উদ্ভিদ আৰু মজলীয়াৰ পৰা ডাঠ বনাঞ্চলে আৱৰা। এজাৰ, চাম, শিমলু, কদম, চতিয়না আদি ইয়াৰ উল্লেখযোগ্য উদ্ভিদ। কেইবাজাতৰ তৃণজাতীয় আৰু জলজ উদ্ভিদো আছে। ৰাষ্ট্ৰীয় উদ্যানখনত পোৱা উল্লেখযোগ্য বন্যপ্ৰাণীসমূহ হ’ল – বিভিন্ন প্ৰজাতিৰ বান্দৰ, প্ৰায় ১৫০ প্ৰজাতিৰ স্হলচৰ আৰু জলচৰ চৰাই, হৰিণা, বন গাহৰি, বাঘ, বিভিন্ন প্ৰজাতিৰ সাপ আদি।

ৰাষ্ট্ৰীয় উদ্যানৰ ইতিহাস – National Park History In Assamese Language

১৯৮৬ চনত ডিব্ৰু আৰু চৈখোৱা সংৰক্ষিত বনাঞ্চলক অসম চৰকাৰে ডিব্ৰু-চৈখোৱা অভয়াৰণ্য ৰূপে ঘোষণা কৰে। ইয়াৰ আগতে ১৮৯০ চনতে ইংৰাজে অঞ্চলটোৰ ৬০,৬৩৪ একৰ এলেকা সামৰি ডিব্ৰু সংৰক্ষিত বনাঞ্চল ঘোষণা কৰিছিল। পৰৱৰ্তী সময়ত ইয়াৰ লগত ক্ৰমে ১৯২০ চনত ৬০০ একৰ আৰু ১৯৩৩ চনত ৪৯৮ একৰ মাটি যোগ দিয়া হয়। ১৯২৯ চনত ইংৰাজে এই অৰণ্য অঞ্চলক ডিব্ৰু-চৈখোৱা বনাঞ্চল ৰূপে ঘোষণা কৰে।

১৯৫৫ চনত এই অঞ্চলক ডিব্ৰু-চৈখোৱা জৈৱ মণ্ডল সংৰক্ষিত বনাঞ্চল (Biosphere Reserve) হিচাপে স্বীকৃতি দিয়া হয়। উল্লেখযোগ্য, ডিব্ৰু-চৈখোৱা উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়খন (প্ৰথম মানাহ ৰাষ্ট্ৰীয় উদ্যান) জৈৱ মণ্ডল সংৰক্ষিত বনাঞ্চল। ১৯৯৯ চনৰ ৯ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে এই বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰে

ডিব্ৰু-চৈখোৱাই বিশ্বৰ একমাত্ৰ বনাঞ্চল, য’ত বনৰীয়া ঘোঁৰা পোৱা যায়। বুৰঞ্জীৰ তথ্য অনুসৰি আদিতে এই অঞ্চলত ইংৰাজৰ সামৰিক ছাউনী আছিল। স্বাধীনতাৰ পাছত ভাৰতৰ এক সেনা ছাউনী ইয়াতে স্হান কৰা হয়। কিন্ত্ত ১৯৫০ চনৰ বৰ ভূইকঁপত এই ছাউনী থানবান হৈ যায়, লগতে বহু সেনাৰ মৃত্যু হয়। বাচি থকাসকলে উঠি আহিল ন-শদিয়ালৈ। লগতে পাছে একো আনিব নোৱাৰিলে।

কিন্ত্ত ৰচদ পাতি কঢ়িয়াব বাবে সেনাই ব্যৱহাৰ কৰা প্ৰায় ৫০০ ঘোঁৰা তাতে থাকি গ’ল। নিঠৰুৱা ঘোঁৰাবোৰ হাবিয়ে বননিয়ে ঘূৰি ফুৰিবলৈ ধৰিলে। পাছত প্ৰাকৃতিক দুৰ্যোগ আৰু মানুহৰ হাতত তাৰে কিছু ঘোঁৰা নিধন হ’ল।

মানুহৰ বান্ধোনৰ পৰা মুক্ত হৈ চাৰি-পাঁচটা প্ৰজন্ম হাবিত কটোৱা ঘৰচীয়া ঘোঁৰাবোৰে প্ৰাকৃতিক দুৰ্যোগৰ সতে যুঁজ দিবলৈ গৈ বনৰীয়া আচৰণ কৰিবলৈ বাধ্য হয়। সেয়েহে এই ঘোঁৰাবোৰ বন-ঘৰচীয়া ঘোঁৰা হিচাপে বিখ্যাত হৈ পৰে।

ডিব্ৰু-চৈখোৱ‍াৰ প্ৰায় ২০ বৰ্গ কিলোমিটাৰ এলেকাৰ চুৰকে চাপৰিটোৱেই বন-ঘৰচীয়া ঘোঁৰাৰ বিচৰণ থলী। চাৰিওফালে পানীৰে আৱৰা (দ্বীপসদৃশ) চাপৰিটোত দিনৰ ভাগৰ ১০-১২ টাৰ পৰা ২৫-৩০ টা পৰ্যন্ত ঘোঁৰাৰ একোটা জাক চৰি থাকে।

বন-ঘৰচীয়া ঘোঁৰা আৰু দেওঁহাহ চাবৰ বাবেই বহু পৰ্যটক ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ আহে। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ বাবে উপযুক্ত সময় হৈছে অক্টোবৰ পৰা এপ্ৰিল।

ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰশ্ন আৰু উত্তৰ – ৰাষ্ট্ৰীয় উদ্যানৰ কুইজ – NATIONAL PARK QUESTIONS AND ANSWERS

প্ৰশ্ন ১। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক’ত অৱস্হিত?

উত্তৰ:- ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্হিত।

প্ৰশ্ন ২। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান?

উত্তৰ:- ৩৪০ বৰ্গ কিলোমিটাৰ।

প্ৰশ্ন ৩। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কিয় বিখ্যাত? নাইবা, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত?

উত্তৰ:- বনৰীয়া ঘোঁৰা আৰু দুষ্প্ৰাপ্য দেওহাঁহৰ বাবে বিখ্যাত।

প্ৰশ্ন ৪। ডিব্ৰু-চৈখোৱাক কিমান চনত বনাঞ্চল হিচাপে ঘোষণা কৰিছিল?

উত্তৰ:-১৯২৯ চনত।

প্ৰশ্ন ৫। ডিব্ৰু-চৈখোৱাক কিমান চনত অভয়াৰণ্য হিচাপে ঘোষণা কৰিছিল?

উত্তৰ:- ১৯৮৬ চনত।

প্ৰশ্ন ৬। ডিব্ৰু-চৈখোৱাক কিমান চনত জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়া হৈছিল?

উত্তৰ:- ১৯৯৫ চনত।

প্ৰশ্ন ৭। উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়খন জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ নাম কি? নাইবা, অসমৰ দ্বিতীয়খন জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ নাম কি?

উত্তৰ:- ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান।

প্ৰশ্ন ৮। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ নাম কি? নাইবা, অসমৰ প্ৰথমখন জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ নাম কি?

উত্তৰ:- মানাহ ৰাষ্ট্ৰীয় উদ্যান।

প্ৰশ্ন ৯। ডিব্ৰু-চৈখোৱাক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল?

উত্তৰ:- ১৯৯৯ চনৰ ৯ মাৰ্চত।

প্ৰশ্ন ১০। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত কি কি বন্যপ্ৰাণী পোৱা যায়?

উত্তৰ:- ৰাষ্ট্ৰীয় উদ্যানখনত পোৱা উল্লেখযোগ্য বন্যপ্ৰাণীসমূহ হ’ল – বনৰীয়া ঘোঁৰা, দুষ্প্ৰাপ্য দেওহাঁহ, বিভিন্ন প্ৰজাতিৰ বান্দৰ, প্ৰায় ১৫০ প্ৰজাতিৰ স্হলচৰ আৰু জলচৰ চৰাই, হৰিণা, বন গাহৰি, বাঘ, বিভিন্ন প্ৰজাতিৰ সাপ আদি।

Leave a Comment