অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি/ ASSAMESE GK

অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি/ ASSAMESE GK

অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি?

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আজিৰ আমাৰ এই পোষ্টটোত বৰ্তমান ‘অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি?‘ আপোনালোকৰ এই প্ৰশ্নটো উত্তৰৰ তথ্যৰাজি পঢ়িবলৈ পাব। যদি আমাৰ আজিৰ এই পোষ্টটো আপোনাৰ সঁচাকৈয়ে পঢ়ি ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে। লগতে প্ৰতিদিনে Free Assamese Online Mock Test দিবলৈ আমাৰ আপুনি আমাৰ টেলিগ্ৰামৰ গ্ৰুপ জৈন হয় ল’ব পাৰে

অসমৰ বৰ্তমান ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি? / অসমৰ ৰাষ্ট্ৰীয় উদ্যান সমূহৰ নাম কি কি?

বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যান হৈছে ৭ খন আৰু সেইখন হ’ল তলত দিয়া ধৰণৰ আৰু বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ বিষয়ে (Assam National Park Information in Assameseঅসমৰ ৰাষ্ট্ৰীয় উদ্যান

১) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনেই হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ নগাঁও আৰু গোলাঘাট জিলাত অৱস্হিত। ইয়াক ১৯০৫ চনৰ ১ জুনত সংৰক্ষিত বনাঞ্চল কৰাৰ প্ৰস্তাৱ গৃহীত হয়। ইয়াৰ পাছত ১৯১৬ চনৰ ১০ নবেম্বৰত কাজিৰঙাক ‘মৃগয়া বন’ (Game Sanctuary) হিচাপে ঘোষণা কৰা হয় যদিও ‘মৃগয়া বন’ শব্দটোত চিকাৰৰ বৈধতা কথাটো সোমাই থকা বাবে ১৯৫০ চনত তদানীন্তন মুখ্য বন সংৰক্ষক পি ডি ষ্ট্ৰেচী (P D Starccy) য়ে কাজিৰঙা মৃগয়া বনৰ নাম সলনি কৰি কাজিৰঙা অভয়াৰণ্যৰূপে নামকৰণ কৰে। ইয়াৰ মাজতে ১৯৩৮ চনত কাজিৰঙাক দৰ্শনাৰ্থী-পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয়। আৰু শেষত ১৯৭৪ চনৰ ১ জানুবাৰীৰ পৰা কাজিৰঙাই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হৈছে ৮৫৮.৯৮ বৰ্গ কিলোমিটাৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা খৰ্গযুক্ত গঁড়ৰ বাবে পৃথিৱী বিখ্যাত। পৃথিৱীৰ মুঠ এটা খৰ্গযুক্ত গঁড়ৰ ৯০ শতাংশৰে বাসভূমি কাজিৰঙা। সেয়ে পৰ্যটন বিশ্বত এই ৰাষ্ট্ৰীয় উদ্যানখন ‘ৰাইনোলেণ্ড’ (Rhinoland) নামেৰে সমধিক পৰিচিত। তদুপৰি এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যিমান বনৰীয়া ম’হ আছে, ভাৰতৰ আন কোনো ঠাইতে নাই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুঠতে ৩৫ বিধ স্তন্যপায়ী প্ৰাণী, ৪২ প্ৰকাৰ মাছ আৰু প্ৰায় ৫০০ প্ৰকাৰ চৰাই (উলুম’ৰাকে ধৰি) আছে।

২) মানাহ ৰাষ্ট্ৰীয় উদ্যান

মানাহ ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমৰ দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যান আৰু প্ৰথমখন উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল। এই ৰাষ্ট্ৰীয় উদ্যানখন ব্যাঘ প্ৰকল্পৰ বাবে বিখ্যাত। এই ৰাষ্ট্ৰীয় উদ্যানত আছে ৫৪৩ বিধ উদ্ভিদ, ৬০ বিধ উভচৰ প্ৰাণী, ৪২ বিধ সৰীসৃপ, ৭ বিধ উভচৰ প্ৰাণী, ৫ বিধ মাছ, ১০৩ বিধ অমেৰুদণ্ডী প্ৰাণী, ৩২৭ বিধ চৰাই আৰু ২২ টা বিপদাপন্ন বন্যপ্ৰাণী আছে।

পূৰ্বতে মানাহত গঁড়ো পোৱা গৈছিল যদিও ১৯৭৫ চনৰ পৰা চোৰাং চিকাৰীৰ দ্বাৰা গঁড় হত্যা পৰিণতিত ৰাষ্ট্ৰীয় উদ্যানখনত গঁড়ৰ সংখ্যা শূন্য হয়। শেহতীয়াকৈ অৱশ্যে ‘ইণ্ডিয়ান ৰাইনো ভিছন ২০২০’ আঁচনিৰ অধীনত কাজিৰঙাৰ পৰা মানাহৰলৈ গঁড় নিয়া হৈছে। ১৯২৮ চনত মানাহক অভয়াৰণ্যৰূপে, ১৯৭৩ চনত লুপ্তপ্ৰায় ঢেঁকিয়াপতীয়া বাঘৰ সংৰক্ষণৰ বাবে ‘প্ৰজেক্ট টাইগাৰ’ বা ‘ব্যাঘ্ৰ প্ৰকল্প’ হিচাপে, ১৯৭৯ চনত ৰাষ্ট্ৰীয় জৈৱমণ্ডলীয় সমিতিয়ে মানাহক জৈৱমণ্ডল সংৰক্ষণ কেন্দ্ৰ হিচাপে আৰু ১৯৯০ চনত মানাহক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে। উত্তৰ অসমৰ বাগছা জিলাৰ অসম-ভূটান সীমান্তত অৱস্হিত এই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হৈছে প্ৰায় ৫০০ বৰ্গ কিলোমিটাৰ।

৩) ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়খন জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। এজাৰ, চাম, শিমলু, কদম, চতিয়না আদি ইয়াৰ উল্লেখযোগ্য উদ্ভিদ। কেইবাজাতৰ তৃণজাতীয় আৰু জলজ উদ্ভিদো ইয়াত আছে। ৰাষ্ট্ৰীয় উদ্যানখনত পোৱা উল্লেখযোগ্য বন্যপ্ৰাণীসমূহ হ’ল – বিভিন্ন প্ৰজাতিৰ বান্দৰ, প্ৰায় ১৫০ প্ৰজাতিৰ স্হলচৰ আৰু জলচৰ চৰাই, হৰিণা, বন গাহৰি, বাঘ, বিভিন্ন প্ৰজাতিৰ সাপ আদি। বনৰীয়া ঘোঁৰা আৰু দেওহাঁহ বাবে এই উদ্যানখন বিখ্যাত।

অসমৰ ৰাষ্ট্ৰীয় উদ্যান ১৯২৯ চনত ইংৰাজ চৰকাৰে এই অৰণ্য অঞ্চলক ডিব্ৰু-চৈখোৱা সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰে। তাৰ পিছত ১৯৮৬ চনত ডিব্ৰু-চৈখোৱা সংৰক্ষিত বনাঞ্চলক অসম চৰকাৰে ডিব্ৰু-চৈখোৱা অভয়াৰণ্যৰূপে, ১৯৯৫ চনত জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল আৰু ১৯৯৯ চনৰ ৯ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে এই বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰে। উদ্যানখন অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ অন্তৰ্গত। এই ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ মাটিকালি হৈছে ৩৪০ বৰ্গ কিলোমিটাৰ।

৪) ওৰাং ৰাষ্ট্ৰীয় উদ্যান

ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন বৃহৎ এশিঙীয়া গঁড়ৰ অন্যতম প্ৰাকৃতিক আবাসভূমি। গঁড়ৰ সংখ্যাৰ ফালৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পিছতেই ইয়াৰ স্হান। ইয়াক সেয়ে ক্ষুদ কাজিৰঙা (Miniature Kaziranga) বুলিও অভিহিত কৰা হয়। এই ৰাষ্ট্ৰীয় উদ্যানখনত এশিঙীয়া গঁড়ৰ উপৰিও বাঘ, বন গাহৰি, খটিয়া পহু, হাতী, বনৰীয়া মেকুৰী, বিভিন্ন প্ৰজাতিৰ জহামাল, বিভিন্ন প্ৰজাতিৰ বগলী আৰু অন্যান্য স্হলচৰ-জলচৰ চৰাই, হৰিণা আদি জীৱ-জন্ত্তবোৰ পোৱা যায়। বিৰল প্ৰজাতিৰ উলুম’ৰা চৰাই (Bengal Florican) ৰ আবাস ভূমিৰূপেও এই ওৰাং ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত। ইয়াক ১৯৬২ চনত সংৰক্ষিত বনাঞ্চল, ১৯৮৫ চনৰ ২০ ছেপ্টেম্বত অসমৰ ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য, ১৯৯২ চনত ৰাজীৱ গান্ধী অভয়াৰণ্য আৰু ১৯৯৯ চনৰ ১৩ এপ্ৰিলৰ দিনা ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰি চৰকাৰে অধিসূচনা জাৰি কৰে। এই ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ দৰং আৰু শোণিতপুৰ জিলাত অৱস্হিত। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হৈছে ৭৮.৯১ বৰ্গ কিলোমিটাৰ।

৫) নামেৰি ৰাষ্ট্ৰীয় উদ্যান

নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন বহু আপুৰুগীয়া, বিৰল আৰু বিলুপ্তপ্ৰায় প্ৰাণীৰ বিচৰণভূমি। ইয়াৰ ভিতৰত অন্যতম হ’ল দেওহাঁহ। এই ৰাষ্ট্ৰীয় উদ্যানৰ উল্লেখযোগ্য বন্যপ্ৰাণীসমূহ হ’ল – ধনেশ পক্ষী, মাটিয়া ভালুক, ক’লা ভালুক, বিভিন্ন প্ৰজাতিৰ পহু, বিভিন্ন জাৰ শিলঘৰীয়া মাছ, পখিলা, টুপী মূৰীয়া বান্দৰ, হাতী আদি। প্ৰথম অৱস্হাত এই ৰাষ্ট্ৰীয় উদ্যানখন সংৰক্ষিত বনাঞ্চলৰূপেহে পৰিচিত আছিল।

১৮৭৮ চনৰ ১৭ নবেম্বৰত ইয়াক ‘নদুৱাৰ বনাঞ্চল’ বুলি ঘোষণা কৰা হয়। পাছত ১৯৮৫ চনৰ ১৮ ছেপ্টেম্বৰত অভয়াৰণ্যৰূপে আৰু ১৯৯৮ চনৰ ১৫ নবেম্বৰত ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰূপে আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ শোণিতপুৰ জিলাত অৱস্হিত। এই নামেৰী ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ মাটিকালি হৈছে ২১২ বৰ্গ কিলোমিটাৰ

৬) ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান

অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম হৈছে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুম‍াত এই ৰাষ্ট্ৰীয় উদ্যানখন অৱস্হিত। ২০২১ চনৰ ৯ জুনৰ এক চৰকাৰী নিৰ্দেশনাত পূৰ্বৰ সংৰক্ষিত বনাঞ্চলখনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়।

সোণালী বান্দৰৰ আৱাসভূমি ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত সোণালী বান্দৰৰ উপৰি আছে হাতী, নাহৰফুটুকী বাঘ, গোধা ফুটুকী বাঘ, মেথোন, বনৰীয়া ম’হ, ফুটুকী হৰিণ, ধনেশ পক্ষী, ১৫০ বিধতকৈ অধিক প্ৰজাতিৰ পখিলা, ১৭০ প্ৰজাতিৰ চৰাই, ৩৮০ প্ৰজাতিৰ বিভিন্ন উদ্ভিদ আৰু অৰ্কিড পোৱা যায়। সোণালী বান্দৰক বড়ো ক্ষেত্ৰীয় অঞ্চলৰ শুভংকৰ প্ৰতীক বুলি গণ্য কৰা হয়। এই ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ মাটিকালি হৈছে ৪২২ বৰ্গ কিলোমিটাৰ।

৭) দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান

উদ্যানখনৰ বিস্তৃতি তথা ঘন বনাঞ্চলৰ বাবে বিশ্ব প্ৰসিদ্ধ আমাজন বৰ্ষাৰণ্যৰ উপমাৰৰ বাবে এই দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানক ‘পূবৰ আমাজন’ (The Amazon of the East) বুলি কোৱা হয়। ইয়াক ২০০৪ চনৰ ১৩ জানুৱাৰীত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হৈছিল।

অসমৰ ৰাষ্ট্ৰীয় উদ্যান এই ৰাষ্ট্ৰীয় উদ্যানখন দিহিং-পাটকাই হস্তী সংৰক্ষিত বনাঞ্চল (Dehing-Patkai Elephant Reserve) ৰ এটা অংশ। উদ্যানখন তিনিটা অংশেৰে গঠিত: জয়পুৰ, দিহিং আৰু ডিৰক বৰ্ষাৰণ্য। বৰ্ষাৰণ্যখন অসমৰ তিনিখন জিলাৰ (ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ) প্ৰায় ২৩৪ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে। এই দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন বৰ্তমান সময়ত ভাৰতৰ সৰ্ববৃহৎ ক্ৰান্তীয় বৰ্ষাৰণ্য বুলি পৰিগণিত হৈছে।

ৰাষ্ট্ৰীয় উদ্যানখনৰ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, জীৱ-জন্ত্ত, চৰাই-চিৰিকতি আদিৰেই প্ৰধান।বৰ্তমানলৈকে ইয়াত ৪৫ গোত্ৰৰ প্ৰায় ১০১ বিধ অৰ্কিডৰ প্ৰজাতি পোৱা গৈছে। এই অৰ্কিডসমূহৰ ভিতৰত ‘Thrixspermum Acuminatissimum‘ নামৰ প্ৰজাতিটো ভাৰতত প্ৰথমবাৰৰ বাবে পোৱা গৈছে।

অসমৰ ৰাষ্ট্ৰীয় উদ্যান তদুপৰি ৯ বিধ অন্য অৰ্কিডো অসমৰ এই ৰাষ্ট্ৰীয় উদ্যানতেই প্ৰথমবাৰৰ বাবে পোৱা গৈছে। ইয়াক ২০২১ চনৰ ১৫ জুনত চৰকাৰে ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰিছিল। এই দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্হিত।

Leave a Comment