KAZIRANGA NATIONAL PARK/ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৰচনা

KAZIRANGA NATIONAL PARK/ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৰচনা

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “Kaziranga National Park in Assamese” ৰ এই তথ্যৰাজিত আপোনালোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে কিছু নজনা কথা জানিবলৈ পাব। আশা কৰোঁ আমাৰ এই তথ্যৰাজিৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব। যদি সঁচাকৈয়ে উপকৃত হয়, তেনেহ’লে আপোনালোকৰ বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যাতে তেখেতলোকেও ইয়াৰ দ্বাৰা কিছু নজনা কথা জানি উপকৃত হ’ব পাৰে। লগতে শেষৰ ফালে জানিথবলগীয়া প্ৰশ্ন আৰু উত্তৰ অৰ্থাৎ সকলো প্ৰতিযোগিতাতমূলক পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰসমূহ উল্লেখ কৰা হৈছে।

আমাৰ টেলিগ্ৰামৰ বাবে – ইয়াত ক্লিক কৰক!

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে ৰচনা / KAZIRANGA NATIONAL PARK ESSAY IN ASSAMESE LANGUAGE

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানখনত থকা ৰাজকীয় চেহেৰাৰ এটা খৰ্গযুক্ত গঁড়ৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনে বিশ্ব প্ৰশস্তি লাভ কৰিছে। বিবিধ বৈচিত্ৰ্যৰ অৰ্কিডৰ উপৰি বিভিন্ন ধৰণৰ গছ-গছনিয়ে ইয়াৰ অৰণ্যক সম্ভাৰ সমৃদ্ধ কৰিছে। একেদৰে পক্ষী প্ৰেমীসকলৰ বাবেও কাজিৰঙা যেন স্বৰ্গপুৰী।

পেলিকান, বিভিন্ন প্ৰজাতিৰ বগলী, ধণেশ, বাঢ়ৈটোকা, বিবিধ প্ৰজাতিৰ পৰিভ্ৰমী চৰাই, বৰটোকোলা আদিৰে কাজিৰঙাৰ পক্ষীকুল অতিশয় চহকী। কাজিৰঙাত প্ৰায় ৫০০ প্ৰজাতিৰ চৰাই পোৱা যায়। এনে বৃহৎ প্ৰজাতিৰ চৰাই দেশৰ কোনো বনাঞ্চলতে নাই। গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ আৰু নগাঁও জিলা সংলগ্ন কাজিৰঙাৰ উত্তৰেদি বৈ গৈছে ব্ৰহ্মপুত্ৰ নদী।

পৃথিৱীৰ মুঠ এটা খৰ্গযুক্ত গঁড়ৰ ৯০ শতাংশৰে বাসভূমি কাজিৰঙা। সেয়ে পৰ্যটন বিশ্বত এই ৰাষ্ট্ৰীয় উদ্যান ‘ৰাইনোলেণ্ড‘ (Rhinoland) নামেৰেও সমধিক পৰিচিত। তদুপৰি কাজিৰঙাত যিমান বনৰীয়া ম’হ আছে, ভাৰতৰ আন কোনো ঠাইতে নাই। কাজিৰঙাত মুঠতে ৩৫ বিধ স্তন্যপায়ী প্ৰাণী, ৪২ প্ৰকাৰ মাছ আৰু প্ৰায় ৫০০ প্ৰকাৰ চৰাই (উলুম’ৰাকে ধৰি) আছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইতিহাস / KAZIRANGA NATIONAL PARK HISTORY IN ASSAMESE LANGUAGE

ইতিহাসৰ তথ্যমতে ১৯০৪ চনত ভাৰতৰ তদানীন্তন ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জন কাজিৰঙা পৰিদৰ্শন কৰিবলৈ আহিছিল। তেওঁ অৱশ্যে কাজিৰঙাত গঁড় নেদেখিলে, গঁড়ৰ খুড়াৰ ছাপহে দেখিবলৈ পালে। তেতিয়াই তেওঁৰ লগত যোৱা পশু সন্ধানক (Animal Trackerবলোৰাম হাজৰিকা (নিগনা চিকাৰী নামেৰে অধিক পৰিচিত) য়ে তেওঁক গঁড় সংৰক্ষণৰ আৱশ্যকতা সম্পৰ্কে ব্যাখ্যা কৰে। ইয়াৰ পাছত মেৰী কাৰ্জনৰ প্ৰচেষ্টাত আৰু তেওঁৰ স্বামী লৰ্ড কাৰ্জনৰ উদ্যোগত কাজিৰঙাত গঁড় সংৰক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ হয়।

সেই প্ৰক্ৰিয়াৰ অংশ ৰূপেই ১৯০৫ চনৰ ১ জুনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল কৰাৰ প্ৰস্তাব গৃহীত হয়। তিনি বছৰৰ পাছত, ১৯০৮ চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চলৰূপে ঘোষণা কৰি ইয়াত চিকাৰ নিষিদ্ধ কৰা হয়। সেই সময়ত ইয়াত গঁড়ৰ সংখ্যা আছিল মাত্ৰ ১২ (২০১৮ চনত এই সংখ্যা ২,৪১৩ হৈছেগৈ)।

ইয়াৰ পাছত ১৯১৬ চনৰ ১০ নৱেম্বৰত কাজিৰঙাক মৃগয়া বন (Game Sanctuary) হিচাপে ঘোষণা কৰা হয় যদিও ‘মৃগয়া বন’ শব্দটোত চিকাৰৰ বৈধতা কথাটো সোমাই থকা বাবে ১৯৫০ চনত তদানীন্তন মুখ্য বন সংৰক্ষক পি ডি ষ্ট্ৰেচীয়ে (P D Starccyকাজিৰঙা মৃগয়া বনৰ নাম সলনি কৰি কাজিৰঙা অভয়াৰণ্যৰূপে নামকৰণ কৰে। ইয়াৰ মাজতে ১৯৩৮ চনত কাজিৰঙাক দৰ্শনাৰ্থী-পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয়। ১৯৭৪ চনৰ ১ জানুৱাৰীৰ পৰা কাজিৰঙাই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে।

ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক অৱস্হান / GEOGRAPHICAL LOCATION IN ASSAMESE

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হৈছে ৪৩০ বৰ্গ কিলোমিটাৰ। এই ৰাষ্ট্ৰীয় উদ্যানখনৰ এক বিশেষত্ব হ’ল যে আন ৰাষ্ট্ৰীয় উদ্যানৰ দৰে ই ঘন অৰণ্য নহয়। ইয়াৰ ৬৬.৪৪ শতাংশ ভাগ অংশই বিস্তীৰ্ণ তৃণভূমি। বাকীখিনি ২৭.৯৮ শতাংশ গভীৰ অৰণ্য আৰু ৫.৫৮ শতাংশ বিল তথা জলাহ-ভূমি। কাজিৰঙা বিস্তীৰ্ণ তৃণভূমি ঘাইকৈ কঁহুৱা, এলিফেণ্ট গ্ৰাছ, খাগৰি, উলু, ইকৰা আদিৰে সমৃদ্ধ। কাজিৰঙাৰ অন্যান্য উল্লেখযোগ্য বন্যপ্ৰাণীসমূহ হ’ল – ভালুক, হলৌ বান্দৰ, বাইছন বা বনগৰু, বনৰীয়া গাহৰি, অজগৰ আদি।

জৈৱবৈচিত্ৰ্য / BIODIVERSITY 

কাজিৰঙাৰ জৈৱবৈচিত্ৰ্য আৰু ইয়াৰ অৰণ্যক সম্ভাৰৰ স্বীকৃতিস্বৰূপে ১৯৮৫ চনত ইউনেস্কো (UNESCO) য়ে কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি দিয়ে। ২০০৭ চনৰ ৩ আগষ্টৰ পৰা কাজিৰঙাক ভাৰতৰ ব্যাঘ্ৰ প্ৰকল্পৰো অন্তৰ্ভুক্ত কৰা হৈছে।

২০০৫ চনত কাজিৰঙাৰ সংৰক্ষণৰ শতবাৰ্ষিকী সমাৰোহেৰে পালন কৰা হয়। ২০১০ চনৰ চনৰ ৩০ এপ্ৰিলত প্ৰকাশিত এক তথ্য অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ ঘনত্ব পৃথিৱীৰ ভিতৰতে সৰ্বাধিক, – প্ৰতি এশ কিলোমিটাৰত ৩২ টা।

চোৰাং চিকাৰীৰ দ্বাৰা গঁড় হত্যা কাজিৰঙাৰ এটা প্ৰধান সমস্যা। গঁড়ৰ খৰ্গৰ ঔষধি বা শক্তি বৰ্ধক গুণ আছে বুলি থকা অন্ধবিশ্বাসৰ বাবে বছৰি কাজিৰঙাত বহু গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰে। আজি কিছু বছৰৰ পৰা কাজিৰঙাত ক্ৰমবৰ্ধিত হাৰত চোৰাং চিকাৰীৰ হাতত গঁড় হত্যা হ’বলৈ ধৰিছে, যিয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। ১৯৫৪ চনতে অসম চৰকাৰে ‘অসম (গঁড়) নিধন প্ৰতিৰোধ আইন‘ প্ৰণয়ন কৰে। সেই অনুসৰি চোৰাং চিকাৰীৰ বিৰুদ্ধে জৰিমনা, কাৰাদণ্ড আদি বিহাৰো ব্যৱস্হা কৰা হয়।

বৰ্তমান গঁড়ৰ সংখ্যা / CURRENT NUMBER OF RHINOCEROS IN KAZIRANGA NATIONAL PARK ASSAM

অসমৰ কেইবাখনো অভয়াৰণ্যত চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰিছে যদিও কাজিৰঙাতেই গঁড় হত্যাৰ সংখ্যা সৰ্বাধিক। কাজিৰঙাত প্ৰথম গঁড় হত্যাৰ চৰকাৰী তথ্য পোৱা যায় ১৯৬৫ চনত (অসম ইয়েৰ বুক ২০২২ ৰ তথ্য মতে)। সেই বছৰ চোৰাং চিকাৰীয়ে ১৮ টা গঁড় হত্যা কৰিছিল।

তাৰ পাছৰে পৰা বিগত ৫০ বছৰত চোৰাং চিকাৰীৰ হাতত কাজিৰঙাত প্ৰায় ৮০০ টা গঁড় মৃত্যু হৈছে। কাজিৰঙাত সৰ্বাধিক ৪৯ টা গঁড় হত্যা কৰা হৈছিল ১৯৯২ চনত। বহু সময়ত জীৱন্ত অৱস্হাতে গঁড়ৰ খৰ্গ কাটি নিয়াৰ দৰে নিদাৰুণ ঘটনাও ঘটিছে। বিভিন্ন দল-সংগঠন, ব্যক্তিয়ে কাজিৰঙাৰ এই গঁড় হত্যা ৰোধৰ বাবে আহ্বান জনাইছে, আন্দোলন কৰিছে যদিও পৰিস্হিতিৰ বিশেষ উন্নতি হোৱা নাই।

একেদৰে নিৰ্বিচাৰে বনাঞ্চল ধ্বংস, বেদখল আদিও সম্প্ৰতি কাজিৰঙাৰ বাবে ভাবুকি হৈ পৰিছে। ২০১৮ চনত অসম চৰকাৰৰ বন বিভাগ আৰু কেইটামান স্বেচ্ছাসেৱী সংগঠনৰ যুটীয়া উদ্যোগত কাজিৰঙাত চলোৱা এক পিয়ল অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনত থকা গঁড়ৰ সংখ্যা ২,৪১৩ টা।

READ MORE ABOUT KAZIRANGA NATIONAL PARK

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰশ্ন আৰু উত্তৰ ( কুইজ ) / অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰশ্ন আৰু উত্তৰ ( কুইজ) / ASSAM NATIONAL PARK GK QUIZ IN ASSAMESE LANGUAGE

প্ৰশ্ন ১। অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি?

উত্তৰ:- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

প্ৰশ্ন ২। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্হিত? নাইবা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত আছে?

উত্তৰ:- গোলাঘাট জিলাত।

প্ৰশ্ন ৩। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত?

উত্তৰ:- এশেঙীয়া গঁড় বাবে বিখ্যাত।

প্ৰশ্ন ৪। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কি কি চৰাই পোৱা যায়?

উত্তৰ:- পেলিকান, বিভিন্ন প্ৰজাতিৰ বগলী, ধনেশ, বাঢ়ৈটোকা, বিবিধ প্ৰজাতিৰ পৰিভ্ৰমী চৰাই, বৰটোকোলা আদি। এই ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় ৫০০ প্ৰজাতিৰ চৰাই পোৱা যায়।

প্ৰশ্ন ৫। কোনখন ৰাষ্ট্ৰীয় উদ্যানক ‘ৰাইনোলেণ্ড’ (Rhinoland) বুলি কোৱা হয়?

উত্তৰ:- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক।

প্ৰশ্ন ৬। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কিয় ‘ৰাইনোলেণ্ড’ (Rhinoland) বুলি কোৱা হয়?

উত্তৰ:- পৃথিৱীৰ মুঠ এটা খৰ্গযুক্ত গঁড়ৰ ৯০ শতাংশৰে বাসভূমি কাজিৰঙা হোৱা বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ‘ৰাইনোলেণ্ড’ (Rhinoland) বুলি কোৱা হয়।

প্ৰশ্ন ৭। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুঠ কিমান বিধ স্তন্যপায়ী প্ৰাণী পোৱা যায়?

উত্তৰ:- ৩৫ বিধ।

প্ৰশ্ন ৮। ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী নাম কি আছিল?

উত্তৰ:- মেৰী কাৰ্জন।

প্ৰশ্ন ৯। মেৰী কাৰ্জন কাৰ পত্নী আছিল?

উত্তৰ:- ভাইচৰয় লৰ্ড কাৰ্জনৰ।

প্ৰশ্ন ১০। নিগনা চিকাৰী বুলি কাক কোৱা হয়?

উত্তৰ:- বলোৰাম হাজৰিকাক।

অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ

প্ৰশ্ন ১১। কাজিৰঙা বনাঞ্চলে কিমান চনত সংৰক্ষিত বনাঞ্চল হিচাপে মৰ্যাদা লাভ কৰিছিল?

উত্তৰ:- ১৯০৫ চনৰ ১ জুনত।

প্ৰশ্ন ১২। মৃগয়া বন (Game Sanctuary) বুলি কোনখন ৰাষ্ট্ৰীয় উদ্যানক কোৱা হৈছিল?

উত্তৰ:- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক।

প্ৰশ্ন ১৩। কাজিৰঙাক কিমান চনত অভয়াৰণ্য হিচাপে নামকৰণ কৰা হৈছিল?

উত্তৰ:- ১৯৫০ চনত।

প্ৰশ্ন ১৪। কিমান চনক কাজিৰঙাক দৰ্শনাৰ্থী পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল?

উত্তৰ:- ১৯৩৮ চনত।

প্ৰশ্ন ১৫। কাজিৰঙাই কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছিল?

উত্তৰ:- ১৯৭৪ চনৰ ১ জানুৱাৰীত।

প্ৰশ্ন ২০। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান?

উত্তৰ:- ৪৩০ বৰ্গ কিলোমিটাৰ।

প্ৰশ্ন ২১। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীসমূহ কি কি?

উত্তৰ:- এশেঙীয়া গঁড়, ভালুক, হলৌ বান্দৰ, বাইছন বা বনগৰু, বনৰীয়া গাহৰি, অজগৰ আদি।

প্ৰশ্ন ২২। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৰ্তমান গঁড় সংখ্যা কিমান? নাইবা, বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়ৰ সংখ্যা কিমান?

উত্তৰ:- ২০১৮ চনত অসম চৰকাৰৰ বন বিভাগ আৰু কেইটামান স্বেচ্ছাসেৱী সংগঠনৰ যুটীয়া উদ্যোগত কাজিৰঙাত চলোৱা এক পিয়ল অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনত থকা গঁড়ৰ সংখ্যা ২,৪১৩ টা।

Leave a Comment