CURRENT AFFAIRS IN ASSAMESE

CURRENT AFFAIRS IN ASSAMESE

আজিৰ আমাৰ “নতুন কুইজ ২০২১ – CURRENT AFFAIRS IN ASSAMESE” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Assam Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে অসমীয়া সাধাৰণ জ্ঞান ২০২২ ৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে।

WORLD GK QUIZ IN ASSAMESE 2023 CURRENT AFFAIRS

প্ৰশ্ন ১। জল সংৰক্ষণৰ প্ৰচেষ্টাত জল শক্তি মন্ত্ৰালয়ে বাচনি কৰা অনুসৰি কোনখন ৰাজ্যই প্ৰথম স্থান লাভ কৰিছে?

উত্তৰ:- জল সংৰক্ষণৰ প্ৰচেষ্টাত জল শক্তি মন্ত্ৰালয়ে বাচনি কৰা অনুসৰি উত্তৰ প্ৰদেশ ৰাজ্যখনে প্ৰথম স্থান লাভ কৰিছে।

প্ৰশ্ন ২। ৯৪ বছৰ বয়সত মৃত্যু হোৱা শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা লাভ কৰা প্ৰথম কৃষ্ণাঙ্গ অভিনেতাজনৰ নাম কি আছিল?

উত্তৰ:- ৯৪ বছৰ বয়সত মৃত্যু হোৱা শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা লাভ কৰা প্ৰথম কৃষ্ণাঙ্গ অভিনেতাজনৰ নাম চিডনী পইটিয়াৰ (Sidney Poitier) আছিল।

প্ৰশ্ন ৩। বৰ্তমান ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ নতুন নিৰ্বাচক কোন?

উত্তৰ:- বৰ্তমান ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ নতুন নিৰ্বাচক হ’ল ডেচমণ্ড হেইন্স

CURRENT AFFAIRS IN ASSAMESE

প্ৰশ্ন ৪। কোন গৰাকী চলচ্চিত্ৰ অভিনেতাক নিৰ্বাচন আয়োগে ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিছে?

উত্তৰ:- চলচ্চিত্ৰ অভিনেতা চনু সুদক নিৰ্বাচন আয়োগে ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিছে।

প্ৰশ্ন ৫। ভাৰতীয় সেনাই ইয়াৰ তথ্য লিক হোৱা প্ৰতিহত কৰিবলৈ মুঠ কিমানটা এপ্প নিষিদ্ধ কৰিছে?

উত্তৰ:- ভাৰতীয় সেনাই ইয়াৰ তথ্য লিক হোৱা প্ৰতিহত কৰিবলৈ মুঠ ৮৯ টা এপ্প নিষিদ্ধ কৰিছে।

প্ৰশ্ন ৬। বেংক অফ বৰোদাই কোনগৰাকী মহিলা ক্ৰিকেটাৰক ইয়াৰ নতুন ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিছে?

উত্তৰ:- বেংক অফ বৰোদাই মহিলা ক্ৰিকেটাৰ শইফালী বাৰ্মাক ইয়াৰ নতুন ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিছে।

প্ৰশ্ন ৭। ৰোমৰ প্ৰত্নতাত্ত্বিকসকলে খননৰ সময়ত ২,০০০ বছৰ পুৰণি যিটো কুকুৰৰ মূৰ্তি বিচাৰি পাইছিল, সেই কুকৰৰ মূৰ্তিটো নাম কি?

উত্তৰ:- ৰোমৰ প্ৰত্নতাত্ত্বিকসকলে খননৰ সময়ত ২,০০০ বছৰ পুৰণি যিটো কুকুৰৰ মূৰ্তি বিচাৰি পাইছিল, সেই কুকৰৰ মূৰ্তিটো হ’ল টেৰাকোটা

প্ৰশ্ন ৮। কোন খন দেশে ১২ ৰ পৰা ১৫ বছৰ বয়সৰ শিশুক বুষ্টাৰ পালিৰ অনুমতি দিছে?

উত্তৰ:- আমেৰিকা দেশখনে ১২ ৰ পৰা ১৫ বছৰ বয়সৰ শিশুক বুষ্টাৰ পালিৰ অনুমতি দিছে।

প্ৰশ্ন ৯। দেশৰ কোনখন চহৰত ভাৰতৰ প্ৰথম মুক্ত শিলা সংগ্ৰহালয় উদ্বোধন কৰা হৈছে?

উত্তৰ:- দেশৰ হায়দৰাবাদ চহৰখনত ভাৰতৰ প্ৰথম মুক্ত শিলা সংগ্ৰহালয় উদ্বোধন কৰা হৈছে।

CURRENT AFFAIRS IN ASSAMESE

প্ৰশ্ন ১০। কোনখন ৰাজ্যক খেলো ইণ্ডিয়া ২০২৩ আয়োজনৰ দায়িত্ব দিয়া হৈছে? নাইবা, খেলো ইণ্ডিয়া ২০২৩ ক’ত অনুষ্ঠিত হ’ব?

উত্তৰ:- মধ্য প্ৰদেশ ৰাজ্যক খেলো ইণ্ডিয়া ২০২৩ আয়োজনৰ দায়িত্ব দিয়া হৈছে।

প্ৰশ্ন ১১। আইচিআইচিআই (ICICI) ৰ নতুন কাৰ্যবাহী সঞ্চালক কোন?

উত্তৰ:- আইচিআইচিআই (ICICI) ৰ নতুন কাৰ্যবাহী সঞ্চালক হৈছে অনুপ বাগচী

Leave a Comment