HISTORY GK IN ASSAMESE LANGUAGE

HISTORY GK IN ASSAMESE LANGUAGE

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “HISTORY GK IN ASSAMESE LANGUAGE – অসমীয়া ইতিহাস কুইজ” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Assam Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে ইতিহাসৰ প্ৰশ্ন আৰু উত্তৰৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে।

অসমীয়া সাধাৰণ জ্ঞান অসমীয়া সাধাৰণ জ্ঞান

প্ৰশ্ন ১। বুৰঞ্জী শব্দটোৰ অর্থ কি?

উত্তৰ:- ঘাইকৈ বুৰঞ্জী শব্দটো আহােম ভাষাৰ শব্দ। পণ্ডিত হেমচন্দ্র গােস্বামীদেৱৰ মতে আহােম ভাষাত ‘বু’ মানে মূৰ্খ, ‘ৰণ’ মানে শিক্ষা আৰু ‘জী’ মানে ভঁৰাল। গতিকে ‘বুৰঞ্জী’ মানে মূৰ্খৰ শিক্ষাৰ ভঁৰাল।

প্রশ্ন ২। ‘বুদ্ধ’ শব্দৰ অৰ্থ কি?

উত্তৰ:- পৰম জ্ঞানী।

প্রশ্ন ৩। ‍বুদ্ধদেৱ কোন আছিল?

উত্তৰ:- বুদ্ধদেৱ ৰজা শুদ্ধোদনৰ পুতেক আছিল। তেখেতৰ আন এটা নাম আছিল সিদ্ধাৰ্থ। বুদ্ধদেৱেই বৌদ্ধ ধর্মৰ প্রৱতৰ্ক আৰু প্ৰচাৰক।

প্রশ্ন ৪। বুদ্ধদেৱৰ জন্ম ক’ত হৈছিল?

উত্তৰ:- কপিলাবস্তুৰ ওচৰত ‘লুম্বিনী’ বােলা গাৱঁত।

প্রশ্ন ৫। ভাৰতৰ শ্ৰেষ্ঠ সম্রাট কোন আছিল?

উত্তৰ:- মহামতি সম্রাট অশােক।

প্রশ্ন ৬। ভাৰতৰ কোনে প্রথম চিকিৎসালয় পাতিছিল?

উত্তৰ:- সম্রাট অশােকে।

HISTORY GK IN ASSAMESE LANGUAGE

প্ৰশ্ন ৭। বত্রিশ সিংহাসন কোন ৰজাৰ আছিল?

উত্তৰ:- মহাৰাজ বিক্রমাদিত্যৰ।

প্রশ্ন ৮। মহাৰাজ বিক্রমাদিত্যৰ ‘নৱৰত্ন’ সভাৰ পণ্ডিতসকলৰ নামবোৰ কি কি আছিল?

উত্তৰ:- কালিদাস, বৰুচি, বৰাহমিহিৰ, শঙ্কু, বেতালভট্ট, ক্ষপণক, ঘটকৰ্পৰ, অমৰসিংহ আৰু ধন্বন্তৰি।

প্রশ্ন ৯। সম্রাট আকবৰৰ নৱৰত্ন সভাৰ পণ্ডিতসকলৰ নামবোৰ কি কি আছিল?

উত্তৰ:- টোডমল, আবুল ফজল, ফৈজী, বীৰবল, মানসিংহ, তানসেন, হাকিম হুচেন, মােল্লা দুপায়েজা আৰু মির্জা আব্দুৰ ৰহিম।

প্রশ্ন ১০। চাণক্য কোন আছিল?

উত্তৰ:- মৌৰ্য্য বংশৰ সম্রাট চন্দ্রগুপ্তৰ পৰামৰ্শদাতা আৰু বিখ্যাত নীতিশাস্ত্রবিদ পণ্ডিত আছিল।

প্ৰশ্ন ১১। চাণক্যৰ আন এটা নাম কি আছিল?

উত্তৰ:- কৌটিল্য।

প্রশ্ন ১২। বাণভট্ট কোন আছিল?

উত্তৰ:- বাণভট্ট সম্রাট হর্ষবর্ধনৰ ৰাজ্যসভাৰ বিদ্ধ পণ্ডিত আছিল।

প্ৰশ্ন ১৩। কাদম্বৰী কোনে ৰচনা কৰিছিল?

উত্তৰ:- বাণভট্ট।

প্ৰশ্ন ১৪। হর্ষচৰিত কোনে ৰচনা কৰিছিল?

উত্তৰ:- বাণভট্ট।

প্রশ্ন ১৫। হিউৱেন চাং কোন দেশৰ মানুহ আছিল?

উত্তৰ:- চীনদেশৰ।

প্ৰশ্ন ১৬। কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত অসমলৈ অহা চীনদেশৰ পৰ্য্যটক বা পৰিব্রাজকজনৰ নাম কি আছিল?

উত্তৰ:- হিউৱেন চাং।

প্ৰশ্ন ১৭। তাজমহল কি?

উত্তৰ:- আগ্রা নগৰৰ যমুনা নৈৰ পাৰত মমতাজ বেগমৰ কবৰৰ ওপৰত স্বামী মােগল সম্রাট চাহজাহানে সজোৱা বগা মাৰ্বল পাথৰৰ অতি বিতােপন স্মৃতি – সৌধ।

প্ৰশ্ন ১৮। তাজমহল কোনে সজাইছিল?

উত্তৰ:- মােগল সম্রাট চাহজাহানে।

প্রশ্ন ১৯। তাজমহল বনাওঁতে কিমান সময় লাগিছিল?

উত্তৰ:- ২২ বছৰ সময় লাগিছিল (২০ হাজাৰ মানুহৰ প্ৰয়োজন হৈছিল)।

প্রশ্ন ২০। ময়ূৰ সিংহাসন কাৰ আছিল?

উত্তৰ:- মােগল সম্রাট চাহজাহানৰ।

HISTORY GK IN ASSAMESE LANGUAGE

প্ৰশ্ন ২১। ময়ূৰ সিংহাসন কোনে সজোৱাইছিল?

উত্তৰ:- চাহজাহানৰ নির্দেশ অনুসৰি বাবদল খাঁ নামৰ শিল্পী এজনে নানা ধৰণৰ মণি-মুক্তা খচিত অতি বিতোপণ এই সিংহাসনখন সজোৱাইছিল।

প্ৰশ্ন ২২। ভিক্টোৰিয়া মেমােৰিয়াল হল কি?

উত্তৰ:- ব্রিটিছসকলে কলিকতা মহানগৰীত সজোৱা মহাৰাণী ভিক্টোৰিয়াৰ এটা বিতােপন স্মৃতিসৌধ।

প্ৰশ্ন ২৩। ভিক্টোৰিয়া মেমােৰিয়াল ক’ত আছে?

উত্তৰ:- কলিকতা।

প্ৰশ্ন ২৪। ভিক্টোৰিয়া মেমােৰিয়াল কোনে সজাইছিল?

উত্তৰ:- ব্রিটিছসকলে।

প্ৰশ্ন ২৫। ভিক্টোৰিয়া মেমােৰিয়াল কাৰ স্মৃতিত সঁজোৱা হৈছিল?

উত্তৰ:- মহাৰাণী ভিক্টোৰিয়া।

ভাৰতৰ বুৰঞ্জী কুইজ -HISTORY GK IN ASSAMESE LANGUAGE

প্রশ্ন ২৬। কুতুবমিনাৰ কি?

উত্তৰ:- দিল্লী নগৰীত ‘কুতুবছাহ’ নামৰ সাধু এজনৰ স্মৃতি ৰক্ষার্থে ১২৩২ চনত সম্রাট ইলতুৎমিচে বনোৱা এটা বিতােপন স্মৃতিসৌধ।

প্ৰশ্ন ২৭। কুতুবমিনাৰ ক’ত আছে?

উত্তৰ:- দিল্লী নগৰীত।

প্ৰশ্ন ২৮। কুতুবমিনাৰ কোনে সজাইছিল?

উত্তৰ:- সম্রাট ইলতুৎমিচ।

প্ৰশ্ন ২৯। কুতুবমিনাৰ কিমান চনত সজাইছিল?

উত্তৰ:- ১২৩২ চনত।

প্রশ্ন ৩০। কোন বিদেশীয়ে সর্বপ্রথম ভাৰত আক্রমণ কৰিছিল?

উত্তৰ:- মহাবীৰ আলেজেণ্ডাৰে।

প্রশ্ন ৩২। ভাৰতৰ কোন হিন্দু ৰজাই ইউৰােপৰ গ্ৰীক ৰাজকুমাৰীক বিয়া কৰাইছিল?

উত্তৰ:- মগধৰ ৰজা চন্দ্রগুপ্তই।

প্ৰশ্ন ৩৩। চন্দ্রগুপ্তই কাক বিয়া কৰাইছিল?

উত্তৰ:- গ্ৰীকৰাজ চেলুকচৰ কন্যা হেলেনক বিয়া কৰাইছিল।

প্রশ্ন ৩৪। কোনে আৰু কিয় মহাত্মা গান্ধীক ‘নগ্ন ফকীৰ’ আখ্যা দিছিল?

উত্তৰ:- মহাত্মা গান্ধীয়ে আঁঠুলৈকেহে খদ্দৰৰ চুৰিয়া পিন্ধিছিল আৰু অনাবৃত শৰীৰেৰে থকা কাৰণে ইংলণ্ডৰ প্রয়াত প্রধানমন্ত্রী চার্চিলে তেখেতক ‘নগ্ন ফকীৰ’ আখ্যা দিছিল।

প্রশ্ন ৩৫। কোনজন ৰাজপুত ৰজাই মােগল সম্রাটৰ বশ্যতা স্বীকাৰ নকৰিছিল?

উত্তৰ:- মেৱাৰৰ ৰাণা প্রতাপসিংহ।

প্রশ্ন ৩৬। কোন তিৰােতাই দিল্লীৰ সিংহাসনত বহিছিল?

উত্তৰ:- চুলতানা ৰেজিয়াই।

প্রশ্ন ৩৭। কোন কোন ভাৰতীয় নাৰীয়ে নিজ হাতে ৰাজ্যৰ শাসন কাৰ্য্য চলাইছিল?

উত্তৰ:- চুলতানা ৰেজিয়া, চাদ চুলতানা, ৰাণী অহল্যাবাঈ আৰু ৰাণী দুর্গাৱতীয়ে।

প্রশ্ন ৩৮। তানসেন কোন আছিল?

উত্তৰ:- সম্রাট আকবৰৰ নৱৰত্নসভাৰ অন্যতম সভাসদ। লগতে তানসেন সেই সময়ৰ ভাৰতৰ সৰ্বশ্রেষ্ঠ সঙ্গীতজ্ঞ আৰু সুৰকাৰ আছিল।

প্রশ্ন ৩৯। কোনগৰাকী ভাৰতীয় নাৰীয়ে প্ৰাচ্যৰ ‘বুলবুল’ আখ্যা পাইছিল?

উত্তৰ:- সৰােজিনী নাইডু।

প্রশ্ন ৪০। সংস্কৃত ব্যাকৰণ ‘মহাভাষ্য’ কোনে লিখিছিল?

উত্তৰ:- পতঞ্জলী।

HISTORY GK IN ASSAMESE LANGUAGE

প্রশ্ন ৪১। কোনজন ৰজাক ‘বিক্রমাদিত্য’ নামেৰে জনা যায়?

উত্তৰ:- দ্বিতীয় চন্দ্রগুপ্ত।

প্রশ্ন ৪২। হিউৱেনচাং কোনজন ৰজাৰ দিনত কামৰূপলৈ আহিছিল?

উত্তৰ:- কুমাৰ ভাস্কৰ বৰ্মন।

প্রশ্ন ৪৩। ছেৰছাহৰ ল’ৰাকালৰ নাম কি আছিল?

উত্তৰ:- ফৰিদ।

প্রশ্ন ৪৪। কোনজন কোচ ৰজাই হাজোৰ মাধৱ মন্দিৰৰ মণিকূটটো নতুনকৈ সাজিছিল?

উত্তৰ:- ৰঘুদেৱ।

HISTORY GK IN ASSAMESE LANGUAGE

প্রশ্ন ৪৬। কোনজন আহােম ৰজাৰ দিনৰ পৰা অসমীয়া ভাষাত বুৰঞ্জী লিখা প্রথা আৰম্ভ হৈছিল?

উত্তৰ:- প্রতাপ সিংহ।

প্রশ্ন ৪৭। ‘বৰৰজা’ বুলি পৰিচয় দিয়া আহােম ৰাজকুঁৱৰী গৰাকীৰ নাম কি আছিল?

উত্তৰ:- ফুলেশ্বৰী কুঁৱৰী।

প্রশ্ন ৪৮। আহােম ৰাজ্যৰ প্রতিষ্ঠাতা কোন আছিল?

উত্তৰ:- চুকাফা।

প্ৰশ্ন ৪৯। ভাৰতৰ ইতিহাসত পৌৰসভা গঠন কৰা প্ৰথমগৰাকী সম্রাটৰ নাম কি আছিল?

উত্তৰ:- চন্দ্রগুপ্ত।

প্রশ্ন ৫০। ইবন বটুতাৰ জন্ম ক’ত হৈছিল?

উত্তৰ:- মৰক্কোত।

HISTORY GK IN ASSAMESE LANGUAGE

Leave a Comment