অসম নামৰ উৎপত্তি কেনেকৈ হ’ল – HOW DID THE NAME ASSAM ORIGINATE

অসম নামৰ উৎপত্তি কেনেকৈ হ’ল – HOW DID THE NAME ASSAM ORIGINATE

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “অসম নামৰ উৎপত্তি কেনেকৈ হ’ল” এই তথ্যৰাজিত আপোনালোকে অসম নামটো কেনেকৈ হ’ল ইয়াৰ ওপৰত কিছু নজনা কথা জানিবলৈ পাব। আশা কৰোঁ আমাৰ এই তথ্যৰাজিৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

অসম নামটো কেনেকৈ হ’ল – HOW DID THE NAME ASSAM COME ABOUT

অসম নামটোৰ উৎপত্তি সম্বন্ধে সঠিককৈ ক’ব নোৱাৰি৷ পূৰ্বতে এই ভূখণ্ড কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ ৰাজ্য নামেৰে প্ৰসিদ্ধ আছিল৷ ত্ৰয়োদশ শতিকা মানত আহোমসকলে এই ভূখণ্ড জয় কৰাৰ পাছত ‘অসম’ নামটোৰ প্ৰচলন হয়৷ আহোম স্বৰ্গদেউসকলৰ দিনত ৰচিত বুৰঞ্জী, সাহিত্য, চৰিত পুথি আৰু বৈষ্ণৱ সাহিত্যত পঞ্চদশ শতিকামানৰ পৰা অছম, আছাম, অসম, আসম, আসাম, অহম, আহম, আহোম আদি শব্দৰ প্ৰচলন লক্ষ্য কৰা যায়৷

অসম নামৰ উৎপত্তি সম্বন্ধে কোনো কোনোৱে মত পোষণ কৰে যে এই ভূখণ্ড পৰ্বত-পাহাৰেৰে অসমান হোৱা বাবে ইয়াৰ নাম অসম হ’ল৷ অসম নামৰ উৎপত্তি কেনেকৈ আনহাতে প্ৰাকৃতিক সৌন্দৰ্যত অসমৰ সমতুল্য আৰু কোনো নাই বাবে অসমৰ নাম ‘অ-সম’ হ’ল৷

আন কোনো কোনো পণ্ডিতৰ মতে আহোম ৰজাসকলে শাসন কৰিছিল বাবেই আহোমশব্দটোৰ পৰা অসম হ’ল৷ কিন্ত্ত অসম শব্দটোৰ পৰা আহোম হৈছেনে, আহোম শব্দটোৰ পৰা অসম হৈছে, তাক সঠিককৈ ক’ব নোৱাৰি।

সংস্কৃতত ‘অ-সম’ শব্দটোৰ অৰ্থ ‘যাৰ সমান কোনো নাই’ অথবা প্ৰতিদ্বন্দ্বীহীন, অদ্বিতীয়। অৰ্থাৎ, এই ভূখণ্ডত বাস কৰা মানুহখিনিৰ সমান আৰু কোনো অসম নামৰ উৎপত্তি কেনেকৈ ক’তো নাই। ড° বাণীকান্ত কাকতি দেৱৰ মতেও অপৰাজেয় আৰু অদ্বিতীয় অৰ্থ বুজাবৰ বাবেহে ‘আ-ছাম’ শব্দৰ জন্ম হৈছে। টাই আৰু প্ৰাচীন আহোম ভাষাত ‘ছাম’ মানে পৰাজিত। তাৰ লগত অসমীয়া ‘আ’ উপসৰ্গ যোগ কৰিলে হয় ‘আ-ছাম’ অৰ্থাৎ, অপৰাজেয় অথবা বিজয়ী।

পণ্ডিত বেডেন পাৱেলে তেওঁৰ ‘ইণ্ডিয়ান ভিলে কমিউনিটি’ নামৰ গ্ৰন্থত অসম নামটো এই ভূখণ্ডৰ আদিম জনগোষ্ঠী বড়োসকলৰ ‘ছো-ছাম’ (নিম্নভূমি বা সমভূমি) শব্দৰ পৰা আহিছে বুলি কৈছে। অসম ইংৰাজৰ হাতলৈ যোৱাৰ পাছৰ পৰা ‘আছাম’ আৰু ‘আসাম’ শব্দ দুটা প্ৰচলিত হৈ পৰে আৰু শেষত এই ভূখণ্ড ‘অসম’ আৰু ইয়াত বাস কৰা অধিবাসীসকলক অসমীয়া বোলা হ’ল৷

ইংৰাজসকলেই ‘অসম’ বা ‘আসাম’ক ইংৰাজীলৈ ASSAM বুলি লিপ্যন্তৰ কৰে৷ বৰ্তমান ‘অসম’ বানানটো ইংৰাজীত AXOM বা ASOM বুলি লিখা হয় যদিও বৰ্তমান ASSAM বানানটোও প্ৰচলিত৷

Leave a Comment