ASSAM POLICE RANK LIST – POLICE RANK LIST IN ASSAM 2022

ASSAM POLICE RANK LIST – POLICE RANK LIST IN ASSAM 2022

নমস্কাৰ মৰমৰ পঢ়ুৱৈ সকল, আজি আমাৰ Assam Police Rank List ৰ পোষ্টটিত তথা তথ্যৰাজিত আপোনালোক অসম আৰক্ষীৰ পদৱীসমূহৰ নাম, অসম আৰক্ষী প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ নাম আৰু বিভিন্ন শাখাসমূহৰ নামৰ সৰ্ম্পকে পঢ়িবলৈ পাব। আশা কৰোঁ আমাৰ এই তথ্যৰাজিৰ পৰা আপোনালোকে কিবা এটা নজনা কথা জানি অলপ হ’লেওঁ উপকৃত হ’ব। আমাৰ সামাজিক মাধ্যমসমূহ –

Assam Police Rank List – Police Rank List In Assamese Language

১৮২৬ চন, এই চনতে ইংৰাজসকলৰ সহযোগত আইন শৃংখলা ৰক্ষাৰ্থে এই বাহিনী গঠন কৰা হয়। উক্ত গুৰুত্বপূৰ্ণ বিভাগটো চৰকাৰৰ গৃহ বিভাগৰ অধীনস্হ। “জনহিত জনসেৱাৰ্থে” মুঠ ৩৫ খন জিলাত এই বিভাগটোৱে সেৱা আগবঢ়াই আহিছে। ৰাজধানী চহৰ গুৱাহাটীত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় সমূহ অৱস্হিত।

অসম আৰক্ষীৰ পদসমূহৰ নাম

১) আৰক্ষী সঞ্চালক প্ৰধান।

২) অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান।

৩) আৰক্ষী মহাপৰিদৰ্শক / আৰক্ষী বিশেষ মহাপৰিদৰ্শক।

৪) আৰক্ষী উপ-মহাপৰিদৰ্শক।

৫) আৰক্ষী অধীক্ষক / আৰক্ষী উপায়ুক্ত (বাছনি গ্ৰেড)।

৬) আৰক্ষী অধীক্ষক / আৰক্ষী উপায়ুক্ত (জুনিয়ৰ মেনেজমেণ্ট গ্ৰেড)।

৭) অতিৰিক্ত আৰক্ষী অধীক্ষক / আৰক্ষী উপায়ুক্ত (সেৱা কাল ১০ বছৰতকৈ কম)।

৮) অতিৰিক্ত আৰক্ষী অধীক্ষক / আৰক্ষী উপায়ুক্ত (ৰাজ্যিক আৰক্ষী সেৱা)।

৯) সহকাৰী আৰক্ষী অধীক্ষক।

১০) উপ-আৰক্ষী অধীক্ষক / এছ ডি পি অ’ / সহকাৰী আৰক্ষী আয়ুক্ত (এ চি পি)।

১১) আৰক্ষী পৰিদৰ্শক।

১২) সহকাৰী আৰক্ষী পৰিদৰ্শক।

১৩) আৰক্ষী উপ-পৰিদৰ্শক।

১৪) সহকাৰী আৰক্ষী উপ-পৰিদৰ্শক।

১৫) হেড কনিষ্টবল।

১৬) পুলিচ নায়ক।

১৭) আৰক্ষী কনিষ্টবল।

অসম আৰক্ষী প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ

১) আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় (PTC)

২) সশস্ত্ৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় (APTC)

৩) বেটেলিয়ন প্ৰশিক্ষণ মহাবিদ্যালয় (BTC)

৪) নৱ-নিযুক্তি আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় (RTS)

অসম পুলিচৰ বিভিন্ন শাখাসমূহৰ নাম

১) অপৰাধ অনুসন্ধান শাখা

২) বিশেষ শাখা

৩) জিলা আৰক্ষী

৪) সীমান্ত আৰক্ষী

৫) অসম আৰক্ষী অনাতাঁৰ সংস্হা

৬) অসম নদী আৰক্ষী

৭) ৰাজ্যিক অগ্নি নিৰ্বাপক বিভাগ

৮) ৰে’লৱে আৰক্ষী

৯) অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্হা

১০) ন্যায়ালয়িক বিজ্ঞান শাখা

১১) গাঁওৰক্ষী বাহিনী

১২) আৰক্ষী বেটেলিয়ান বাহিনী

Leave a Comment