চকৰি ফেঁটী বুৰঞ্জী / SAKARI FETI BURANJI IN ASSAMESE

চকৰি ফেঁটী বুৰঞ্জী / SAKARI FETI BURANJI IN ASSAMESE

Sakari Feti Buranji in Assamese” ৰ এই তথ্যৰাজিত আপোনালোকে অসমীয়া চকৰি ফেঁটী বুৰঞ্জীৰ ওপৰত কিছু নজনা কথা জানিবলৈ পাব। আশা কৰোঁ আমাৰ এই তথ্যৰাজিৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব। লগতে শেষৰ ফালে অসম বুৰঞ্জী প্ৰশ্ন অৰ্থাৎ চকৰি ফেঁটী বুৰঞ্জীৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ প্ৰচাৰ কৰা হৈছে। এই প্ৰশ্নোত্তৰসমূহ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে।

চকৰি ফেঁটী বুৰঞ্জীৰ বিষয়ে / ASSAM SAKARI FETI BURANJI IN ASSAMESE LANGUAGE

আহোম ৰাজত্ব কালত (১২২৮-১৮২৬) অসমত বুৰঞ্জী ৰচনা আৰু চৰ্চা কৰাটো প্ৰায় বাধ্যতামূলক আছিল। ৰজাকে ধৰি ৰাজ পৰিয়ালৰ লোক, মন্ত্ৰী, ডা-ডাঙৰীয়া আৰু অন্যান্য সম্ভ্ৰান্ত পৰিয়ালৰ লোকৰ বাবে বুৰঞ্জীৰ জ্ঞান অপৰিহাৰ্য্য বুলি বিবেচিত হোৱা লগতে সেইটো সামাজিক মৰ্যাদাৰ মাপকাঠীৰূপেও ধৰা হৈছিল। বিবাহৰ দৰে মাংগলিক কাৰ্যতো বুৰঞ্জী পঢ়াৰ পৰম্পৰা আছিল।

পোনতে বুৰঞ্জী টাই ভাষাতহে লিখা হৈছিল। ষষ্ঠদশ শতিকাৰ আগভাগৰ পৰা অসমীয়া ভাষাতো বুৰঞ্জী লিখিবলৈ লোৱা হয়। পোনতে বুৰঞ্জীত খেল-মেল আৰু বংশৰ মূল সম্পৰ্কে টোকা লিখা হৈছিল। পাছলৈ ৰাজ্যৰ সকলো ঘটনাৰ বিৱৰণ লিপিবদ্ধ কৰিবলৈ লয়

স্বৰ্গদেউ শিৱ সিংহৰ দিনত ‘ৰ-পুত‘ নামৰ বুৰঞ্জী এখন মনোহৰ বাই লুঙে লিখিছিল বুলি ডা° জন পিটাৰ ৱেডৰ ‘An Account of Assam‘ পুথিত উল্লেখ আছে। তৃতীয়তে নাম পোৱা বুৰঞ্জী লেখক হ’ল নুমলী বৰগোহাঁই। নুমলী বৰগোহাঁই হ’ল ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁইৰ পুত্ৰ। তেওঁৰ অৰ্থাৎ নুমলী বৰগোহাঁইৰ বুৰঞ্জীখনৰ নাম আছিল “চকৰি ফেঁটী বুৰঞ্জী“।

অসমীয়া চকৰি ফঁটী বুৰঞ্জীৰ বিষয়ে

চকৰি ফেঁটী বুৰঞ্জী হৈছে আহোম যুগত ৰচিত এখন বুৰঞ্জী। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ (১৭৫১-১৭৬৯) ৰ দিনত নুমলী বৰগোহাঁয়ে এই বুৰঞ্জী ৰচনা কৰিছিল। কেতিয়া কোনে এই নাম দিছিল তাক ঠাৱৰকৈ ক’ব নোৱাৰি। অসম ইয়েৰ বুক ২০২২ ৰ তথ্য অনুসৰি মূল বুৰঞ্জীখনৰ পাতত বা বেটুপাতত কিন্ত্ত স্পষ্টকৈ এই নামৰ উল্লেখ নাই। বুৰঞ্জী খনত আহোমসকলৰ খেল-মেল, ফৈদ আদিৰ বুৰঞ্জীৰ উপৰি নতুনকৈ আহোম সম্প্ৰদায় ভূক্ত কৰি উচ্চ মান-মৰ্যাদা আৰু বিষয়াবাব পোৱাৰ ইতিহাসো উল্লেখ আছে। এই বুৰঞ্জীত গেন্ধেলা বৰবৰুৱা, অৰ্থাৎ কীৰ্তিচন্দ্ৰ বৰবৰুৱাক ‘জলম বঁটা‘ বুলি উল্লেখ কৰাৰ কাৰণেই জগৰ লাগিছিল। ক্ৰুদ্ধ, অপমানিত কীৰ্তিচন্দ্ৰই অসংখ্য বুৰঞ্জী বিচাৰি অনাই ৰজা ঘৰত সংগ্ৰহ কৰে আৰু ক্ৰুটিপূৰ্ণ বুলি বিবেচিত বুৰঞ্জীসমূহ পুৰি পেলায়। কোনো কোনোৱে এই ক্ৰটিপূৰ্ণ পাতটো আঁতৰাই অথবা কটাৰীৰে চাঁচি কথাখিনি মোহাৰি বুৰঞ্জী খন ৰক্ষা কৰিছিল।

অসম বুৰঞ্জীৰ প্ৰশ্ন আৰু উত্তৰ / চকৰি ফেঁটী বুৰঞ্জীৰ প্ৰশ্ন আৰু উত্তৰ (কুইজ)

প্ৰশ্ন ১। প্ৰথমে বুৰঞ্জীসমূহ কি ভাষাত লিখা হৈছিল?

উত্তৰ:- টাই ভাষাত।

প্ৰশ্ন ২। অসমীয়া ভাষাত বুৰঞ্জী কেতিয়া পৰা লিখিবলৈ লোৱা হৈছিল?

উত্তৰ:- ষষ্ঠদশ শতিকাৰ আগভাগৰ পৰা।

প্ৰশ্ন ৩। প্ৰথমে বুৰঞ্জীত কেনেধৰণৰ টোকা লিখা হৈছিল?

উত্তৰ:- খেল-মেল আৰু বংশৰ মূল সম্পৰ্কে টোকা লিখা হৈছিল। পাছলৈ ৰাজ্যৰ সকলো ঘটনাৰ বিৱৰণ লিপিবদ্ধ কৰিবলৈ লয়।

প্ৰশ্ন ৪। ‘ৰ-পুত’ নামৰ বুৰঞ্জীখন কোনে লিখিছিল?

উত্তৰ:- বাই লুঙে।

প্ৰশ্ন ৫। বাই লুঙে কোন স্বৰ্গদেউৰ দিনত ‘ৰ-পুত’ নামৰ বুৰঞ্জীখন লিখিছিল?

উত্তৰ:- স্বৰ্গদেউ শিৱ সিংহৰ দিনত।

প্ৰশ্ন ৬। ‘An Account of Assam’ নামৰ পুথিখন কোনে লিখিছিল?

উত্তৰ:- ডা° জন পিটাৰ ৱেড।

প্ৰশ্ন ৭। নুমলী বৰগোহাঁই কোন আছিল?

উত্তৰ:- ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁইৰ পুত্ৰ।

প্ৰশ্ন ৮। “চকৰি ফেঁটী বুৰঞ্জী” কোনে লিখিছিল? নাইবা, “চকৰি ফেঁটী বুৰঞ্জী” কোনে লিখি উলিয়াছিল?

উত্তৰ:- নুমলী বৰগোহাঁই।

প্ৰশ্ন ৯। “চকৰি ফেঁটী বুৰঞ্জী” কি?

উত্তৰ:- আহোম যুগত ৰচিত এখন বুৰঞ্জী।

প্ৰশ্ন ১০। কোন আহোম স্বৰ্গদেউৰ দিনত নুমলী বৰগোহাঁয়ে “চকৰি ফেঁটী বুৰঞ্জী” লিখিছিল?

উত্তৰ:- স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ (১৭৫১-১৭৬৯) ৰ দিনত।

Leave a Comment