BOHAG BIHU ESSAY IN ASSAMESE CLASS 6, 7, 8, 9, 10, 11, 12

BOHAG BIHU ESSAY IN ASSAMESE CLASS 6, 7, 8, 9, 10, 11, 12

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “ব’হাগ বিহুৰ বিষয়ে ৰচনা – Bohag Bihu Essay in Assamese language” ৰ এই তথ্যৰাজিত আপোনালোকে বহাগ বিহু কাক বোলে, কিয় পালন কৰা হয়, ব’হাগ বিহুৰ পৰম্পৰা, ব’হাগ বিহুত কি কি কৰে, বিহু কেতিয়া পালন কৰা হয়, কেনেকৈ পালন কৰে আদিৰ বিষয়ে পঢ়িবলৈ পাব। আশা কৰোঁ আমাৰ এই অসমীয়া ব’হাগ বিহুৰ ৰচনা তথ্যৰাজি পঢ়ি আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

ব’হাগ বিহুৰ বিষয়ে ৰচনা – Bohag Bihu Essay In Assamese Language

চ’তৰ বিহু বুলিও খ্যাত ব’হাগ বিহুৰ প্ৰথম দিনটো গৰু বিহু। সেইদিনা ৰাতিপুৱাই দীঘলতিৰ নুফুলা ঠাৰিৰে কোবাই কোবাই গৰুক পথাৰলৈ খেদি নি নৈ, বিল বা পুখুৰীৰ পাৰত গা ধুৱায় আৰু লাও, বেঙেনা আদি গৰুৰ গাত ছটিয়াই দিয়া হয়। লাও-বেঙেনা আদি ছটিয়াবলৈ এডাল পাতল ফলা মিহি বাঁহৰ সঁজুলিৰ সহায় লোৱা হয়। দেখিবলৈ এডাল ত্ৰিশূলৰ দৰে এই বাঁহৰ সঁজুলি ডালৰ নাম ‘চাট‘।

ব’হাগ বিহুৰ পৰম্পৰা – ব’হাগ বিহুৰ নীতি-নিয়ম

জনবিশ্বাস মতে সদাশিৱৰ সন্ত্তষ্টিৰ বাবে চাট ডালৰ আকাৰ ত্ৰিশূলৰ দৰে কৰা হয়। লাও, বেঙেনাৰ উপৰি চাট ডালত কেটুৰী, হালধি, থেকেৰা, কেৰেলা আদি চকলিয়াই গাঁথি দিয়া হয়। চাটৰ পৰা লাও, বেঙেনা আদি গৰুৰ গালৈ ছটিয়াওঁতে গোৱা হয়, ‘দীঘলতি দীঘল পাত, মাখি মাৰো জাত জাত (কোনো কোনোৱে ‘গৰু কোবাওঁ জাত জাত’ বুলি গায়; মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু। লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।‘ লাও, বেঙেনা ছটিওৱা চাট ডাল আনৰ লগত সলনি কৰিলে অপায়-অমংগল দূৰ হয় আৰু গৰুৰ আপায়-অমংগল নহ’বৰ বাবে গোহালিত জাগ বা ধোঁৱা দিয়া হয়।

গৰু অসমীয়া খেতিৰ প্ৰধান অৱলম্বন আৰু ই উৰ্বৰতাৰ প্ৰতীক বুলিও ধৰ্ম-মত প্ৰচলিত। সেয়ে বছৰেকৰ বিহুৰ প্ৰথম দিনটোৱেই গো-সংবদ্ধৰ্নৰ বাবে উৎসৰ্গীকৃত। গৰু বিহুৰ দিনাই গধূলি হাতত জেতুকা লোৱাটো অসমৰ জীয়ৰী-বোৱাৰীৰ এক অপৰিহাৰ্য্য আৰু ফূৰ্তিৰ প্ৰথা। গৰু বিহুৰ দিনা ৰাতি নেওৰা তলত বহি মচুৰ মাহ, আমৰ মল, কঁঠালৰ মুচি, নিমপাত, নিমখ আদি একেলগে পিহি তৈয়াৰ কৰা মহৌষধি খালে বছৰটোলৈ বেমাৰ-আজাৰ নহয় বুলি বিশ্বাস কৰা হয়।

গৰু বিহুৰ পাছদিনা মানুহ বিহু। নামনি অসমত সেইদিনাৰ বিহুক ‘বৰ দোমাহী‘ বোলা হয়। বিহুৱান প্ৰদান আৰু পৰিধান এই বিহুৰ বিশেষত্ব। নতুন বছৰ আৰু ৰঙালী বিহু উপলক্ষে অসমীয়া সমাজত আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ মাজত গামোচা, নতুন কাপোৰ বা আন উপহাৰৰ বিনিময় হয়। এনে উপহাৰকে বিহুৱান বোলা হয়।

বিহুৱান বুলিলে সাধাৰণতে গামোচাকে বুজোৱা হয় যদিও বিহু তথা নতুন বছৰ উপলক্ষে দিয়া প্ৰায় আটাইবোৰ উপহাৰকে বিহুৱান লগতে সাঙুৰি ল’ব প‍াৰি। আমাৰ সমাজত এই বিহুৱানৰ এক সুকীয়া মৰ্যাদা আৰু সন্মান আছে।

গৰু বিহু আৰু মানুহ বিহু, দুয়োদিনেই মাহ-হালধিৰে গা ধোৱাৰ উপৰি চিৰা-আখৈ আৰু পিঠা-পনাৰে জুতি লগাই জলপান খোৱা হয়। সুকীয়াকৈ যতনাই থোৱা বকনা ম’হৰ থমা দৈৰে সৈতে একোবাটি বৰ বৰা ধানৰ হুৰুমৰ লগত বকুল বৰা ধানৰ আখৈৰ একোটি বাটি বিহুৰ লোভলগা জলপান।

সেইদৰে সান্দহ, বৰধানৰ তেঁতেলীপতীয়া চিৰা আৰু এঁৱা গাখীৰো বিহুৰ জলপানৰ জুতিলগা উপকৰণ। লগতে ঘিলাপিঠা, তিলাপিঠা, সুতুলি পিঠা আদি থাকিলে ‘সোণত সুৱগা চৰে‘। বিহুৰ সৰহভাগ জা-জলপান ধানৰ পৰাই কৰা হয়।

ধানৰ পৰা কৰা চিৰা, আখৈ, মুৰি, হুৰুম, সান্দহ, কোমল চাউল বা বোকা চাউল, গোট কৰাই, কৰাই গুড়ি, পিঠাগুড়ি আদি ৰঙালী বিহুৰ বিশেষ জলপান। তদুপৰি পিঠাগুৰিৰ পৰা কৰা বিবিধ পিঠাবোৰো ৰঙালী বিহুত কৰা হয়। ৰঙালী বিহুৰ সময়ত অসমৰ কোনো কোনো অঞ্চলৰ ৰাইজ লগ লাগি মাছ ধৰিবলৈ আৰু চিকাৰ কৰিবলৈ যোৱাৰ নিয়ম আজিও আছে।

মানুহ বিহুৰ দিনা পুৰণি বিবাদ আৰু মনোমালিন্য মিট-মাট কৰা হয়, বন্ধু-বান্ধৱ, আত্মীয়-স্বজনৰ ঘৰলৈ গৈ বিহুৰ সম্ভাষণ জনোৱা হয় আৰু জা-জলপানেৰে অভ্যৰ্থনা কৰা হয়, ব্ৰাহ্মণ-সজ্জন, দুখীয়া-দৰিদ্ৰক দান-দক্ষিণা দিয়া হয়, বয়োজ্যেষ্ঠসকলক সন্মান দৰ্শোৱা হয় আৰু ভদ্ৰতাসূচক শ্ৰাদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আশা, আনন্দ আৰু সকলোৰে প্ৰতি শুভেচ্ছা জনাই নতুন বছৰক আদৰণি জনোৱা হয়।

নামনি অসমৰ গোৱালপাৰাৰ জিলাৰ কোনো কোনো ঠাইত বিহুক ‘বিষুৱা‘ বুলি কয়। উজনি অসমত গৰু বিহুৰ পৰা সাত দিনজুৰি সাত বিহু পালন কৰাৰ দৰে গোৱালপাৰাতো গৰু বিহুৰ পৰা সাত দিনৰলৈকে সাত বিহু বা সাত বিষুৱ পালন কৰা হয়। গোৱালপাৰাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বগৰীবাৰীৰ শ্ৰী শ্ৰী মহামায়া ধামত ব’হাগৰ এক তাৰিখৰ পৰা সাতদিনলৈ সাত বিষুৱা আৰু আই শাকাতিৰ থানত গৰু বিহুৰ দিনাখন বিষুৱা উৎসৱ, পূজা-পাতল আৰু মেলা আদিৰে সমাৰোহেৰে পালন কৰা হয়।

নতুন বছৰটোত যাতে কোনো বেমাৰ-আজাৰ নোহোৱাকৈ বিপদ-আপদ, বতাহ-ধুমুহা আদিৰ পৰা ৰক্ষা পৰি সুখ-শান্তিৰ মাজত অতিবাহিত কৰিব পাৰি, তাৰ বাবে নতুন বছৰটোৰ প্ৰথন দিনাই তলৰ মন্ত্ৰটো নাহৰ পাতত লিখি দুৱাৰমুখত বা ঘৰৰ মূধচত গুঁজি থোৱা হয়। মন্ত্ৰটো হ’ল –

দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জঁটাধৰ বাত সৃষ্টি হৰং দেৱ মহাদেৱ নমস্ত্ততে॥

ৰঙালী বিহুৰ বিবিধ অনুষ্ঠানৰ ভিতৰত এটা লেখৰ উৎসৱ হ’ল হুঁচৰি। হুঁচৰি কাক বোলে ক’লে আমি ক’ব পাৰোঁ হুঁচৰি হ’ল এক আনন্দৰ গীত। হুঁচৰিত বয়সিয়াল লোকৰ নেতৃত্বত ডেকা আৰু ল’ৰাৰ দল গৈ ঘৰে ঘৰে বিহুগীত গায় আৰু নাচে। সাধাৰণতে গৰু বিহুৰ দিনা ৰাতিৰ পৰাই হুঁচৰি আৰম্ভ হয়। গাঁৱৰ ঘাই মানুহ বুলি নাম থকা মানুহ ঘৰতে প্ৰথমে হুঁচৰি গোৱা হয়। ইয়াকে “হুঁচৰিৰ ঘেতা মৰা” বুলি কোৱা হয়।

প্ৰথম হুঁচৰি বুলিলে চেলেং কাপোৰ এখন, ফুলাম গামোচা এখন আৰু লগতে ৰূপ এটকামান দি মান ধৰিব লাগে। সাধাৰণতে গাঁৱৰ নামঘৰ, পুথিভঁৰাল সাজিবলৈ বা মেৰামতি কৰিবলৈ নাইবা ৰাজহুৱাকৈ ভোজ-ভাত খোৱাত হুঁচৰিৰ ধন ব্যৱহাৰ কৰা হয়। বছৰৰ বিহুত হুঁচৰিৰ ধন ব্যৱহাৰ কৰা হয়। বছৰৰ বিহুত হুঁচৰি গোৱা ৰাইজক তামোল-পাণ এটাৰে হ’লেও মান ধৰি আশীৰ্বাদ লোৱাটো ৰঙালী বিহুৰ এক পৱিত্ৰ পৰম্পৰা। হুঁচৰি গোৱা ৰাইজক ওলাই আহি গৃহস্হই মাত নলগালে, সেই ঘৰ মানুহৰ ওপৰত হুঁচৰিৰ অব্যৰ্থ শাওপাত লাগে বুলি জনবিশ্বাস প্ৰচলিত। হুঁচৰি গাওঁতে প্ৰথমতে জয়ধ্বনি দি হুঁচৰি দল গৃহস্হৰ চোতালত সোমায়। তাৰ পাছত পদ-ঘোষা গায়, লহৰী খেলে।

লহৰী খেলা শেষ হ’লে জোঙালি, বিহুগীত আদি গাই নাচি-বাগি ৰং কৰে। তাৰ পাছত গৃহস্হই শৰাই আগবঢ়ালে হুঁচৰি সামৰি আশীৰ্বাদ দিয়ে। হুঁচৰিয়ে প্ৰতি ঘৰলৈ গৈ প্ৰতিটো পৰিয়ালৰ মংগল কামনা কৰে আৰু প্ৰতি ঘৰৰ গৃহস্হই তামোল-পাণ, গামোচা বা সাধ্য অনুসৰি ধন-বিত দি ৰাইজৰ আশীৰ্বাদ লয়।

হুঁচৰিৰ উপৰি আন এটা এনে উৎসৱ হ’ল বিহু নাচ। এই নাচ সাধাৰণতে ডেকা-গাভৰুৱে নাচে। বিহু নাচৰ বিহুগীতৰ মধুৰ সুৰত শৃংগাৰ ৰসৰ প্ৰাধান্য দেখা যায়। সেইদৰে বিহুনাচৰ বলিষ্ঠ অংগী-ভংগীত যৌন আবেদনৰ ইংগিতো দেখা যায়।

বিহুনাচৰ গীতবোৰৰ কিছুমান এনে আৰ্হিতে ঠাইতে ৰচিত হোৱা। অসমীয়া ভাষাৰ কেতবোৰ অতি সুন্দৰ গীতিধৰ্মী কবিতা এই বিহুগীতবোৰৰ মাজত বিচাৰি পোৱা যায়। হুঁচৰি আৰু বিহু নাচৰ পয়োভৰ নামনি অসমতকৈ উজনি অসমতহে বেছি।

হুঁচৰি, বিহু নাচ আদিৰ উপৰি পূৰ্বতে বিহুৰ আচল ৰং-ৰহইচ হৈছিল বিহুৰ দিনত হোৱা নানান বিধৰ খেল-ধেমালিবোৰত। এইবোৰৰ ভিতৰত শেন খেল বা শেনমেলা, ম’হ যুঁজ, মল্ল যুঁজ বা মাল যুঁজ, হাতী যুঁজ, কুকুৰা যুঁজ আৰু কণী যুঁজেই আছিল প্ৰধান। আহোম স্বৰ্গদেউসকলৰ দিনত এই খেল-ধেমালিবোৰে ৰজাঘৰীয়া পৃষ্ঠপোষকতা আৰু আদৰ-সাদৰ পাবলৈ আৰম্ভ কৰিছিল।

সেই সময়ত এনে ৰং-ধেমালিৰ ঘাই ঠাই আছিল শিৱসাগৰৰ ৰংঘৰ বাকৰি। তাহানি ৰংঘৰৰ বাকৰিত বিহুৰ দিনত যি ৰং-ধেমালি হৈছিল, সি প্ৰাচীন গ্ৰীচৰ অলিম্পিয়া পৰ্বতত হোৱা অলিম্পিকৰ দৰে জাতীয় উৎসৱত পৰিণত হৈছিল। সেৰেঙাকৈ হ’লেও অসমৰ কোনো কোনো ঠাইত এইবোৰ খেল-ধেমালিৰ কিছুমানৰ প্ৰচলন আজিও আছে।

অসমৰ স্হান আৰু সম্প্ৰদায় বিশেষ বিহু পালনৰ সামান্য পাৰ্থক্য দেখা যায়। তিৱাসকলে ব’হাগৰ প্ৰথম বুধবাৰৰ পৰা এই উৎসৱ আৰম্ভ কৰে। আনহাতে পৰ্বতৰ নামনি অঞ্চলৰ তিৱাসকলে ব’হাগৰ শেষৰ ফালে বিহু পাতে। এওঁলোকৰ বিহুতো মাহ-হালধি, বেঙেনা, থেকেৰাৰ ব্যৱহাৰ আৰু সুৰুৱে ডাঙৰক সেৱা কৰাৰ নিয়মৰ উপৰি নৃত্য-গীতেৰে হুঁচৰি গোৱাৰ প্ৰথা আছে। তিৱা ডেকা-গাভৰুৱে বিহুত ধুনীয়া সাজ-পাৰ পিন্ধি নাচে।

মিচিংসকলেও বিহু পাতে, হুঁচৰি গায় যদিও তেওঁলোকৰ বসন্ত উৎসৱ আলি-আই-লৃগাংহে। মিচিংসকলে বুধবাৰৰ পৰাহে বিহু আৰম্ভ কৰে।

দেউৰীসকলে ঠিক চ’তৰ সংক্ৰান্তিৰ দিনাই বিহু আৰম্ভ নকৰে। বিহুৰ পাছৰ বুধবাৰৰ পৰাহে আৰম্ভ কৰে। তেওঁলোকৰ বাবে বুধবাৰেই আটাইতকৈ পবিত্ৰ বাৰ

ৰাভাসকলেও বৰ সমাৰোহেৰে তেওঁলোকৰ বৈশাখ দোমাহী পালন কৰে। ৰাভা ডেকা-গাভৰুৱেও তেওঁলোকৰ জাতীয় বাদ্যযন্ত্ৰ হেন, কাৰা, গামেনা, লাখৰ ব্ৰাংছি আদিৰ সহযোগত নাচে আৰু গায়।

ডিমাছাসকলে বিহুক ‘বুচু‘ বোলে। তেওঁলোকেও বিহুত নানা বাদ্যযন্ত্ৰ বজাই নাচে আৰু গায়।

সোণোৱাল কছাৰী সম্প্ৰদায়ে বৰ উলহ-মালহেৰে বিহু পালন কৰে। এওঁলোকে বিহুত হাইদাং গীত, হিলালী গীত গায়। হুঁচৰি গাওঁতে ব্যৱহাৰ কৰা বাঁহৰ টকাটো এই সোণোৱাল কছাৰী সম্প্ৰদায়ৰে বৰঙণি।

অসম বুৰঞ্জীৰ এটি প্ৰসিদ্ধ সম্প্ৰদায় মৰাণসকলৰো ঘাই উৎসৱ বিহু। তেওঁলোকেও ব’হাগ মাহৰ কোনো এটা বিশেষ বুধবাৰৰ পৰাহে বিহু পালন কৰে। মৰাণসকলে প্ৰতি বছৰে বিহুত হুঁচৰি নাগায়। তিনি-চাৰি বছৰৰ মূৰে মূৰেহে এটা বিহুত হুঁচৰি গোৱাৰ দিন স্হিৰ কৰি লয়।

গোৱালপাৰাৰ হাজংসকলেও ব’হাগ বিহু উলাহেৰে পালন কৰে। তেওঁলোকে এই বিহুক লেৱাটনা বিহু বোলে। পশ্চিম অসমৰ কথিত ভাষাত ‘লেৱা‘ মানে লতা। এডাল লতাৰ এমূৰে ডেকা আৰু এমূৰে গাভৰুৰে ধৰি টনা-টনি কৰি গীত গাই এই বিহুত নাচে।

বড়ো-কছাৰীসকলৰ সমাজতো অজনজাতীয় অসমীয়া সমাজৰ দৰেই বিহুৰ বিশেষ সমাদৰ দেখা যায়। তিনিটা বিহুৰ ভিতৰত ব’হাগ বিহু আৰু মাঘ বিহু তেওঁলোকে উলহ-মালহেৰে পালন কৰে।

বড়োসকলে ব’হাগ বিহুক বাইছাগু বোলে। বাইছাগু উৎসৱত বড়ো-কছাৰী ডেকা-গাভৰুৱে ‘বাইছাগু-মেথায়‘, অৰ্থাৎ, বিহুগীত গায়। তেওঁলোকৰ মাজত হুঁচৰিৰ দৰে ‘মাগন‘ প্ৰথা আছে। গৰু বিহুৰ দিনা পুৱাই তেওঁলোকে গৰু-ম’হক গা ধুৱাবলৈ নিয়াৰ আগতে ধান খাবলৈ দিয়ে। দ্বিতীয় দিনা বড়োসকলে তেওঁলোকৰ উপাস্য দেৱতা বাথৌ বা মহা-দেৱক পূজা কৰে আৰু বাঁহী বজাই নতুন বছৰক আদৰণি জনায়। পূৰ্বাপৰ প্ৰথা অনুসৰি বড়োসকলে বিহুত কড়ি খেলে।

অসমৰ মঙলদৈ অঞ্চলত বিহুত বৈশাখী দৌল উৎসৱ পালন কৰা হয়। ইয়াৰ লগতে এই উৎসৱ চাবলৈ আৰু ইয়াত যোগ দিবলৈ বহু দূৰৈৰ গাঁৱৰ মানুহো আহে। হাজোৰ হয়গ্ৰীৱ-মাধৱ মন্দিৰতো ব’হাগৰ বিহুত মেলা বহে।

ভৈয়ামত বাস কৰা টাই বৌদ্ধসকলেও বিহুৰ দৰেই এক বসন্ত উৎসৱৰ আয়োজন কৰে। এই উৎসৱক তেওঁলোকে পয়চাংকেন বোলে। এই উৎসৱতে বুদ্ধ দেৱৰ মূৰ্তিক গা ধূৱায়। ইয়াৰ পাছত পিতৃ-মাতৃ আৰু গুৰুজনৰ গাত পানী ঢালি গা ধুৱাই আৰু শেষত বন্ধু-বান্ধৱীৰ গাত পানী ঢালি ‘পানী-বিহু‘ পাতি ৰং কৰে। সকলো বৌদ্ধ দেশতে এই প্ৰথা প্ৰচলিত।

অসম আৰু উত্তৰ-পৰ্বাঞ্চলৰ ত্ৰিপুৰী, নক্টে, টাংছা, ‍আও নগা, আংগানী নগা, লঠ‍ নগা, ছেমা নগা, ৰেংমা, মিজো, মণিপুৰী, আদি, মনপা, চেৰদুকপেন, খামতি, চিংফৌ আৰু জয়ন্তীয়াসকলেও বিহুৰ সমসাময়িকভাৱে নিজ নিজ বসন্ত উৎসৱ উলহ-মালহেৰে পালন কৰে।

অসমৰ পৰ্বত-ভৈয়াম সকলোতে নতুন বছৰক নৃত্য-গীতেৰে স্বাগতম জনোৱা হয়। জনজাতি-অজনজাতি, পৰ্বত-ভৈয়াম সকলোতে এই উৎসৱত ঢোলৰ ব্যৱহাৰ মন কৰিবলগীয়া। বৰপেটা জিলাৰ স্হানীয় লোকসকলৰ মাজত মহিলাসকলৰ এক নিজা বিহু পালনৰ সুকীয়া ৰীতিও প্ৰচলিত।

অসমৰ বেছিভাগ ঠাইতে তিনিদিন আৰু কোনো কোনো ঠাইত সাতদিন বা এমাহ পৰ্যন্ত উদযাপিত হোৱা ৰঙালী বিহুৰ শেষৰ দিনটোক চেৰা বিহু বোলে। চেৰা বিহুৰ দিনা দৈ আৰু পঁইতা ভাত খোৱা হয় আৰু খাই থাকোঁতেই বিচনীৰে জুৰ ল’ব লাগে। বিচনীৰ বা লওঁতেই গোৱা হয় –

নতুন কাপোৰ পুৰণা কাপোৰে দিন যাওঁক, ন-ভাতে পুৰণি ভাতে জীণ যাওঁক।

এনেদৰে বিচনীৰে জুৰ ল’লে বছৰটোলৈ গা শাঁত পৰি থাকে বুলি বিশ্বাস। চেৰা বিহুৰ দিনাৰ পৰাই অসমীয়া মানুহে বিচনীৰ ব্যৱহাৰ আৰম্ভ কৰে আৰু এই ব্যৱহাৰ দুৰ্গা পূজাৰ দিনা দুৰ্গা গোসাঁনীক কৰা আৰতিৰ সময়ত বিচনীৰ (চোঁৱৰ) দ্বাৰাই বা দিয়াৰ দিনা শেষ হয়। চেৰা বিহুৰ দিনাই (কোনো কোনো ঠাইত গৰু বিহুৰ দিনা) ১০১ বিধ (কোনো কোনোৱে ২১ বিধ বুলি কয়) শাক গোটাই তাৰ আঞ্জা খোৱাৰ নিয়মো অসমীয়া সমাজত প্ৰচলিত।

চেৰা বিহুৰ পাছত সাধাৰণতে সাত বা এঘাৰ দিনৰ দিনা বিহু উৰুওৱা বা বিহু সামৰা বা বিহু থোৱাৰ নিয়ম। সেইদিনা গাঁৱৰ ডেকা-গাভৰুৱে নামঘৰত তামোল-পাণ, বিহুৱান দি সেৱা কৰে। তাৰ পাছত গাঁৱৰ পৰা দূৰৈত কোনো ডাঙৰ গছৰ গুৰিলৈ গৈ গছজোপাক সেৱা কৰি বিহুৱান এখন গছজোপাত আৰি গায় –

হুৱাই ল ধান-খেৰৰ ছাই অতি চেনেহৰ ৰঙালী বিহুটি হাততে মলঙি যায়।

এনেদৰে গোৱাৰ পাছত গছৰ গুৰিতে বিহু উৎসৱত ব্যৱহৃত কোনো সামগ্ৰী যেনে – ঢোল বোজোৱা মাৰি বা ‘টকা‘ এৰি থৈ বা ভাঙি উভতি আহে। এয়ে বিহু উৰুওৱা। বিহু উৰুৱাই ঘৰমুৱা হওঁতে পিছলৈ উভতি চাব নাপায়।

Leave a Comment