ASSAMESE QUIZ 2023 / নতুন কুইজ ২০২২ (24 January 2023)

ASSAMESE QUIZ 2023 / নতুন কুইজ ২০২২ (24 January 2023)

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ এই পোষ্টটিত অসমীয়া সাধাৰণ জ্ঞানৰ ওপৰত ভিত্তি কৰি মুঠ ১০ টা Assamese Quiz 2023 সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই অসমীয়া MCQ কেইটা ASSAMESE QUIZ 2023 আপোনালোকৰ UPSC, APSC, SSC, APDCL, Assam TET পৰীক্ষাসমূহৰ বাবে সহায়ক হ’ব। এনেধৰণৰ অসমীয়া Mock Test আমাৰ টেলিগ্ৰামৰ গ্ৰুপৰটো সময় মতে হৈ থাকে। যদিহে আপুনি এতিয়ালৈকে আমাৰ টেলিগ্ৰামৰ গ্ৰুপত জৈন হোৱা নাই তেনেহ’লে তলত দিয়া লিংকৰ সহায়ত জৈন হয় ল’ব পাৰে। আমাৰ টেলিগ্ৰাম

ASSAM POLICE AB UB MOCK TEST 2023 IN ASSAMESE LANGUAGE

প্ৰশ্ন ১। কাক নিষিদ্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ২৯ নৱেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন বিধেয়ক অনাৰ সিদ্ধান্ত লৈছে?

উত্তৰ:- ক্ৰিপ্টোকাৰেন্সীক নিষিদ্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ২৯ নৱেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন বিধেয়ক অনাৰ সিদ্ধান্ত লৈছে।

প্ৰশ্ন ২। কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দেশৰ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰিবলৈ কোনবোৰ ৰে’ল ঘোষণা কৰিছে?

উত্তৰ:- কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দেশৰ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰিবলৈ ভাৰত গৌৰৱ ৰে’লবোৰ ঘোষণা কৰিছে।

প্ৰশ্ন ৩। ৰাছিয়াৰ সৈতে কোনটো ৰাইফল ক্ৰয় কৰিবলৈ ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৫,০০০ কোটি টকাৰ চুক্তিত অনুমোদন জনাইছে?

উত্তৰ:- ৰাছিয়াৰ সৈতে AK-203 এছল্ট ৰাইফল ক্ৰয় কৰিবলৈ ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৫,০০০ কোটি টকাৰ চুক্তিত অনুমোদন জনাইছে।

প্ৰশ্ন ৪। নীতি আয়োগে কোন কেইখন চহৰক প্ৰথম বহনক্ষম উন্নয়ন লক্ষ্য নগৰ সূচকত প্ৰথম স্থান দিয়াত মুকলি কৰিছে?

উত্তৰ:- নীতি আয়োগে প্ৰথম বহনক্ষম উন্নয়ন লক্ষ্য নগৰ সূচকত প্ৰথম স্থান দিয়া নগৰবোৰ হৈছে – চিমলা, কইমটুৰ আৰু চণ্ডিগড়।

প্ৰশ্ন ৫। ২৫ নৱেম্বৰৰ পৰা আঘাতৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পৰা কোনজন ভাৰতীয় খেলুৱৈ বাহিৰ হৈছে?

উত্তৰ:- ২৫ নৱেম্বৰৰ পৰা আঘাতৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পৰা ভাৰতীয় খেলুৱৈ লোকেশ ৰাহুল বাহিৰ হৈছে।

ASSAMESE QUIZ 2022 / অসমীয়া সাধাৰণ জ্ঞান  ২০২২

প্ৰশ্ন ৬। শেহতীয়াকৈ ৯০ বছৰ বয়সত মৃত্যু হোৱা দক্ষিণ কোৰিয়াৰ প্ৰাক্তন সামৰিক শাসকজনৰ নাম কি আছিল?

উত্তৰ:- শেহতীয়াকৈ ৯০ বছৰ বয়সত মৃত্যু হোৱা দক্ষিণ কোৰিয়াৰ প্ৰাক্তন সামৰিক শাসকজনৰ নাম আছিল চুন ডু-হৱান।

ASSAMESE QUIZ 2023

প্ৰশ্ন ৭। মধ্য প্ৰদেশ চৰকাৰে পাটালপানী ৰে’ল ষ্টেচনৰ নাম সলনি কৰি কি নাম ৰখা কথা ঘোষণা কৰিছে?

উত্তৰ:- মধ্য প্ৰদেশ চৰকাৰে পাটালপানী ৰে’ল ষ্টেচনৰ নাম সলনি কৰি তাণ্টিয়া মামা নামেৰে ৰখা কথা ঘোষণা কৰিছে।

প্ৰশ্ন ৮। শেহতীয়াকৈ চুদান আৰু ইউক্ৰেইনত কোন কেইজন ভাৰতৰ নতুন ৰাষ্ট্ৰদূতক নিযুক্তি দিয়া হৈছে?

উত্তৰ:- শেহতীয়াকৈ চুদান আৰু ইউক্ৰেইনত ভাৰতৰ নতুন ৰাষ্ট্ৰদূত বি এছ মুবাৰক (চুদান), অধ্যাপক হৰ্ষ জৈন (ইউক্ৰেইন) ক নিযুক্তি দিয়া হৈছে।

প্ৰশ্ন ৯। ভাৰতৰ কোনখন জিলাক দেশৰ ‘সৰ্বশ্ৰেষ্ঠ সামুদ্ৰিক জিলা বঁটা’ প্ৰদান কৰা হৈছে?

উত্তৰ:- ভাৰতৰ উৰিষ্যা ৰাজ্যৰ বালাচোৰ নামৰ জিলাখনক দেশৰ ‘শ্ৰেষ্ঠ সামুদ্ৰিক জিলা বঁটা’ প্ৰদান কৰা হৈছে।

প্ৰশ্ন ১০। ভাৰতৰ কোনখন ৰাজ্যক দেশৰ ‘সৰ্বশ্ৰেষ্ঠ সামুদ্ৰিক ৰাজ্য বঁটা’ প্ৰদান কৰা হৈছে?

উত্তৰ:- ভাৰতৰ অন্ধ্ৰ প্ৰদেশ ৰাজ্যক দেশৰ ‘সৰ্বশ্ৰেষ্ঠ সামুদ্ৰিক ৰাজ্য বঁটা’ প্ৰদান কৰা হৈছে।

Leave a Comment