ASSAM GK IN ASSAMESE LANGUAGE SET – 1

ASSAM GK IN ASSAMESE LANGUAGE SET – 1

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “ASSAM GK IN ASSAMESE” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Assam Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে অসমৰ সাধাৰণ জ্ঞান কুইজৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

প্ৰশ্ন ১। অসমৰ মুঠ মাটিকালি কিমান?

উত্তৰ:- ৭৮,৪৩৮ বৰ্গ কিল’মিটাৰ।

প্ৰশ্ন ২। অসমত কি জলবায়ু বিৰাজ কৰে?

উত্তৰ:- ক্ৰান্তীয় জলবায়ু।

প্ৰশ্ন ৩। কৰ্কট ক্ৰান্তি ৰেখা অসম ৰাজ্যখনৰ কোন সীমাৰ কাষেৰে গৈছে?

উত্তৰ:- দক্ষিণ সীমা।

প্ৰশ্ন ৪। অসমত কেইখন সমতল আছে?

উত্তৰ:- দুখন। এখন হৈছে ব্ৰহ্মপুত্ৰ সমতল আৰু আনখন হৈছে বৰাক সমতল।

প্ৰশ্ন ৫। অসমৰ কোন দিশত ব্ৰহ্মপুত্ৰ সমতল আছে?

উত্তৰ:- উত্তৰ দিশত।

প্ৰশ্ন ৬। অসমৰ কোন দিশত বৰাক সমতল আছে?

উত্তৰ:- দক্ষিণ দিশত।

প্ৰশ্ন ৭। অসমৰ আটাইতকৈ ওখৰ পাহাৰটো নাম কি?

উত্তৰ:- বৰাইল পাহাৰ।

অসমীয়া কুইজ 2023 / অসমীয়া GK/ ASSAMESE GK

প্ৰশ্ন ৮। অসমখনক কিমানখন সীমামূৰীয়া বিদেশী দেশে আগুৰি আছে?

উত্তৰ:- দুখন।

প্ৰশ্ন ৯। আয়তনৰ ফালৰ পৰা অসম ৰাজ্যখন ভাৰতৰ কিমান শতাংশ?

উত্তৰ:- ২.৩৯ শতাংশ।

প্ৰশ্ন ১০। অসমৰ মুঠ জিলা কেইখন ২০২২?

উত্তৰ:- ৩৫ খন।

প্ৰশ্ন ১১। অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে?

উত্তৰ:- ৭ খন।

প্ৰশ্ন ১২। পানী দিহিং অভয়াৰণ্য ক’ত অবস্হিত?

উত্তৰ:- শিৱসাগৰ জিলাত।

প্ৰশ্ন ১৩। বৰাইল অভয়াৰণ্য ক’ত অৱস্হিত?

উত্তৰ:- উত্তৰ কাছাৰ পাৰ্বত্য জিলা।

প্ৰশ্ন ১৪। বহ্মপুত্ৰ সমতলৰ প্ৰধান শস্য কি?

উত্তৰ:- ধান।

প্ৰশ্ন ১৫। অসমৰ কোন ঠাইত “আসাম পেট্ৰ’কেমিকেলছ লিমিটেড” নামৰ ৰাসায়নিক সাৰৰ কাৰখানা আছে?

উত্তৰ:- ডিব্ৰুগড় জিলাৰ নামৰূপত।

প্ৰশ্ন ১৬। ব্ৰহ্মপুত্ৰ সমতলৰ মুঠ মাটিকালি কিমান?

উত্তৰ:- ৫৬,০০০ বৰ্গ কিলোমিটাৰ।

প্ৰশ্ন ১৭। বৰাক সমতলৰ মুঠ মাটিকালি কিমান?

উত্তৰ:- ৬,৯৬২ বৰ্গ কিলোমিটাৰ।

প্ৰশ্ন ১৮। ব্ৰহ্মপুত্ৰ সমতলত ব্ৰহ্মপুত্ৰৰ কিমান খন ডাঙৰ উপনৈ আছে?

উত্তৰ:- ৪০ খন।

প্ৰশ্ন ১৯। মাজুলীৰ বৰ্তমান মাটিকালি কিমান?

উত্তৰ:- ৩৫৩ বৰ্গ কিলোমিটাৰ।

প্ৰশ্ন ২০। অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি?

উত্তৰ:- লাইকেন।

প্ৰশ্ন ২১। কিমান চনত মাজুলীক জিলা হিচাপে স্বীকৃতি দিয়া হৈছিল?

উত্তৰ:- ২০১৬ চনত।

প্ৰশ্ন ২২। জাতিংগা কিহৰ বাবে বিখ্যাত?

উত্তৰ:- পৰিভ্ৰমি চৰাইৰ বাবে বিখ্যাত।

প্ৰশ্ন ২৩। অসমত থকা আন্তৰ্জাতিক বিমান বন্দৰটোৰ নাম কি?

উত্তৰ:- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ।

প্ৰশ্ন ২৪। কিমান চনত কলিকতাৰ পৰা ব্ৰহ্মপুত্ৰৰে প্ৰথম জাহাজ চলিছিল?

উত্তৰ:- ১৮৪৯ চনত।

প্ৰশ্ন ২৫। ব্ৰহ্মপুত্ৰ সমতলত প্ৰথম ৰে’লসেৱা আৰম্ভ কিমান চনত আৰম্ভ হৈছিল?

উত্তৰ:- ১৮৮৪ চনত।

প্ৰশ্ন ২৬। অসমৰ আটাইতকৈ পুৰণি শোধানাগাৰটোৰ নাম কি?

উত্তৰ:- ডিগবৈ তেল শোধানাগাৰ।

প্ৰশ্ন ২৭। পিতলৰ বাচন-বৰ্তন তৈয়াৰৰ বাবে অসমৰ কোনটো অঞ্চল বিখ্যাত?

উত্তৰ:- হাজো।

প্ৰশ্ন ২৮। কাঁহৰ বাচন-বৰ্তন তৈয়াৰৰ বাবে অসমৰ কোনটো অঞ্চল বিখ্যাত?

উত্তৰ:- সৰ্থেবাৰী।

প্ৰশ্ন ২৯। পাট-মুগা কাপোৰৰ বাবে অসমৰ কোনটো অঞ্চল বিখ্যাত?

উত্তৰ:- শুৱালকুছি।

প্ৰশ্ন ৩০। দিহিং পাটকাই অভয়াৰণ্য ক’ত অৱস্হিত?

উত্তৰ:- তিনিচুকীয়া জিলাত।

প্ৰশ্ন ৩১। পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপটোৰ নাম কি?

উত্তৰ:- উমানন্দ।

প্ৰশ্ন ৩২। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰি মুকলি দলং খনৰ নাম কি?

উত্তৰ:- বগীবিল দলং।

প্ৰশ্ন ৩৩। গৰমপানীৰ উঁহ কোনখন অভয়াৰণ্যত পোৱা যায়?

উত্তৰ:- গৰমপানী অভয়াৰণ্যত।

প্ৰশ্ন ৩৪। কিমান চনত ইউনেস্কোৱে কাজিৰঙাক বিশ্ব ঐতিহ্যক্ষেত্ৰৰূপে স্বীকৃতি দিছিল?

উত্তৰ:- ১৯৮৫ চনত।

প্ৰশ্ন ৩৫। কাজিৰঙা কিহৰ বাবে বিখ্যাত?

উত্তৰ:- এশিঙিয়া গড়ৰ বাবে বিখ্যাত।

প্ৰশ্ন ৩৬। ভাৰত কোনখন মহাদেশত আছে?

উত্তৰ:- এছিয়া মহাদেশত।

প্ৰশ্ন ৩৭। পৃথিৱীৰ বৃহত্তম মহাসাগৰখনৰ নাম কি?

উত্তৰ:- প্ৰশান্ত মহাসাগৰ।

প্ৰশ্ন ৩৮। মহাসাগৰ কেইখন?

উত্তৰ:- সাত খন।

প্ৰশ্ন ৩৯। ব্ৰহ্মপুত্ৰৰ ওপৰৰ প্ৰথমখন দলঙৰ নাম কি?

উত্তৰ:- শৰাইঘাট দলং।

প্ৰশ্ন ৪০। ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান?

উত্তৰ: ২৮৮০ কিলোমিটাৰ।

Leave a Comment