APSC CURRENT AFFAIRS IN ASSAMESE

APSC CURRENT AFFAIRS IN ASSAMESE

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ এই APSC CURRENT AFFAIRS অৰ্থাৎ অসমীয়া সাধাৰণ জ্ঞান ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে। লগতে আপোনাৰ সাধাৰণ জ্ঞানৰ ফলাফল যদি বৃদ্ধি কৰিবলৈ বিচাৰিছে, তেনেহ’লে এদিনত কমেও এবাৰ হ’লেও আপোনাক আমাৰ ৱেবছাইটলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তলত আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংকো শ্বেয়াৰ কৰা হৈছে। তাতো নিতৌ কুইজ প্ৰচাৰ কৰি থকা হয়, আগ্ৰহী হ’ল যোগদান কৰিব পাৰে।

CURRENT AFFAIRS OF ASSAM IN ASSAMESE 2023

প্ৰশ্ন ১। কোনজন ভাৰতৰ হকী খেলুৱৈক পুৰুষৰ জুনিয়ৰ বিশ্বকাপ ২০২১ ৰ বাবে দলৰ অধিনায়ক হিচাপে মনোনীত কৰা হৈছে?

উত্তৰ:- ভাৰতৰ হকী খেলুৱৈ বিবেক সাগৰ প্ৰসাদক পুৰুষৰ জুনিয়ৰ বিশ্বকাপ ২০২১ ৰ বাবে দলৰ অধিনায়ক হিচাপে মনোনীত কৰা হৈছে।

প্ৰশ্ন ২। গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ বাৰাণসীত কোনখন সন্মিলন উদ্বোধন কৰিছিল?

উত্তৰ:- গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ বাৰাণসীত প্ৰথম সৰ্বভাৰতীয় ৰাজ ভাষা সন্মিলন উদ্বোধন কৰিছিল।

APSC CURRENT AFFAIRS

প্ৰশ্ন ৩। দিল্লীত অনুষ্ঠিত ইণ্ডিয়া টুডে টুৰিজম বঁটা কোনখন ৰাজ্যক প্ৰদান কৰা হৈছে?

উত্তৰ:- দিল্লীত অনুষ্ঠিত ইণ্ডিয়া টুডে টুৰিজম বঁটা বিহাৰ ৰাজ্যক প্ৰদান কৰা হৈছে।

প্ৰশ্ন ৪। মধ্য প্ৰদেশ চৰকাৰে কোনটো ৰে’ল ষ্টেচন কেন্দ্ৰীয় চৰকাৰলৈ গণ্ড ৰাণী কমলাপতিৰ নামেৰে নামাকৰণ কৰাৰ বাবে আবেদন প্ৰেৰণ কৰিছে?

উত্তৰ:- মধ্য প্ৰদেশ চৰকাৰে হাবিবগঞ্জ ৰে’ল ষ্টেচনটো কেন্দ্ৰীয় চৰকাৰলৈ গণ্ড ৰাণী কমলাপতিৰ নামেৰে নামাকৰণ কৰাৰ বাবে আবেদন প্ৰেৰণ কৰিছে।

প্ৰশ্ন ৫। ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলন ২০২২ কোনখন দেশত আয়োজন কৰা হৈছে?

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলন ২০২২ ইজিপ্তত আয়োজন কৰা হৈছে।

APSC CURRENT AFFAIRS

প্ৰশ্ন ৬। ৰাষ্ট্ৰসংঘৰ শিশু পুঁজিৰ প্ৰতিবেদন অনুসৰি বিশ্বব্যাপী কিমান নিযুত শিশু পৃথকভাৱে সক্ষম?

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ শিশু পুঁজিৰ প্ৰতিবেদন অনুসৰি বিশ্বব্যাপী ২৪০ নিযুত শিশু পৃথকভাৱে সক্ষম।

প্ৰশ্ন ৭। ফেণ্টাচী এপ মাই চাৰ্কল 11 ৰ সৈতে কোনজন খেলুৱৈক ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি কৰিছে?

উত্তৰ:- ফেণ্টাচী এপ মাই চাৰ্কল 11 ৰ সৈতে খেলুৱৈ মহম্মদ চিৰাজক ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি কৰিছে।

প্ৰশ্ন ৮। জ্যেষ্ঠ কংগ্ৰেছ নেতা ছলমান খুৰ্ছিদে তেখেতৰ নতুনকৈ মুকলি কৰা কিতাপখনৰ নাম কি?

উত্তৰ:- জ্যেষ্ঠ কংগ্ৰেছ নেতা ছলমান খুৰ্ছিদে তেখেতৰ নতুনকৈ মুকলি কৰা কিতাপখনৰ নাম হৈছে “Sunrise over Ayodhya“। ইয়াৰ অসমীয়া অৰ্থ হৈছে “অযোধ্যাৰ ওপৰত সূৰ্যোদয়“।

প্ৰশ্ন ৯। শেহতীয়াকৈ পিপিকে চাৰুলুৰ ঠাইত কাক ৰাজ্যসভাৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে?

উত্তৰ:- শেহতীয়াকৈ পিপিকে চাৰুলুৰ ঠাইত পিচি মোডীক ৰাজ্যসভাৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে।

প্ৰশ্ন ১০। “বিশ্ব দয়া দিৱস” (World Kindness Day) কোন তাৰিখে পালন কৰা হয়?

উত্তৰ:- “বিশ্ব দয়া দিৱস” (World Kindness Day) ১৩ নৱেম্বৰ তাৰিখে পালন কৰা হয়।

APSC CURRENT AFFAIRS

Leave a Comment