অসমৰ মুঠ জিলা কেইখন আৰু কি কি ২০২২- ASSAMESE GK

অসমৰ মুঠ জিলা কেইখন আৰু কি কি ২০২২- ASSAMESE GK

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ এই তথ্যৰাজিৰ পৰা আপোনালোকে “অসমৰ মুঠ জিলা কেইখন আৰু কি কি ২০২২?” ইয়াৰ বিষয়ে জানিবলৈ পাৰিব। লগতে জিলাসমূহ গঠনৰ চমু ইতিহাসৰ বিষয়েও আমাৰ এই তথ্যৰাজিৰ পৰা বিতংভাৱে জানিবলৈ পাৰিব। আশা কৰো আপোনালোকে আমাৰ এই পোষ্টটোৰ পৰা অলপ হ’লেও উপকৃত হ’ব।

বৰ্তমান অসমৰ জিলা কেইখন আৰু কি কি ২০২২? / অসমৰ মুঠ জিলা কেইখন আৰু কি কি ২০২২

অসমৰ জিলা সমূহ গঠনৰ চমু ইতিহাস

ইংৰাজৰ আমোলতে অসমৰ জিলা গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হয়। ইয়াৰ আগতে অসম খন উজনি আৰু নামনি এই দুভাগত ভাগ কৰি ইংৰাজে সমগ্ৰ অসমৰ শাসন পৰিচালনা কৰিছিল। ১৮৩১ চনত কমিছনাৰ হিচাপে অসমৰ লৈ অহা ৰবাৰ্টছনে অসমৰ ধনশিৰি নদীৰ পশ্চিম অংশ পাঁচখন জিলাত ভাগ কৰাৰ বাবে প্ৰস্তাব আগবঢ়াই এনেদৰে –

ক) উত্তৰ-পূব ৰংপুৰ বা গোৱালপাৰা
খ) বৰ্তমান বৰপেটা মহকুমা আৰু নগৰবোৰৰ সৈতে গঠিত ছখন পৰগনা (মৌজাৰ নিচিনা ৰাজ্যৰ একোটা সৰু ভাগ)
গ) নামনি অসম (কামৰূপ) ৰ বিশখন পৰগনা আৰু নখন দুৱাৰ
ঘ) মধ্য অসম (নদুৱাৰ, ছয়দুৱাৰ, দৰং, নগাঁও আৰু ৰহা)
ঙ) বিশ্বনাথ (ভৰলী নদীৰ পৰা বিশ্বনাথ আৰু মৰং তথা কলিয়াবৰৰ পৰা ধনশিৰি নদীলৈ)।

কামৰূপৰ পৰা ছখন পৰগনা ফালি পৃথক জিলা গঠনত অসুবিধা হোৱাত ইয়াক পুনৰায় কামৰূপৰ লগত চামিল কৰা হয়। কম সময়ৰ ভিতৰত জিলা কেইখন গোৱালপাৰা, কাম-ৰূপ, দৰং আৰু নগাঁও (খাগৰিজান) নামেৰে জনাজাত হয়। ১৮৩০ চনত কোনোধৰণৰ উত্তৰাধিকাৰী নথকাকৈ কছাৰী ৰজা গোবিন্দ চন্দ্ৰৰ মৃত্যু হয়। সেনাপতি তুলাৰামে এই অঞ্চল নিজৰ অধীনত ৰাখিব বিচাৰিছিল যদিও ১৮৩২ চনৰ আগষ্ট মাহত ইংৰাজে তুলাৰামক ৫০ টা পেন্সন দি এই অঞ্চলক লৈ পৃথক কাছাৰ জিলা গঠন কৰে। আৰু ১৮৩৩ সমগ্ৰ কাছাৰ জিলা ইংৰাজৰ অধীনলৈ আহে।

১৮৩৮ চনৰ অক্টোবৰ মাহত সেই সময়ত অসমৰ কমিছনাৰ জেনকিন্সৰ প্ৰস্তাৱ অনুসৰি উজনি অসম খণ্ড শাসনৰ সুবিধাৰ বাবে শিৱসাগৰ আৰু লক্ষিমপুৰ নামেৰে দুখন নতুন জিলা গঠন কৰে। ইফালে প্ৰশাসনৰ সুবিধা বাবে গাৰো পাহাৰক প্ৰথমে কোচবিহাৰ লগত আৰু পাছত গোৱালপাৰা জিলাৰ লগত সংযোগ কৰা হৈছিল। ১৮৬৯ চনত গাৰো পাহাৰক গোৱালপাৰাৰ পৰা পৃথক কৰি এখন নতুন জিলা গঠন কৰা হয়। একেদৰে ১৮৬৯ চনত গঠন হয় অসমৰ নগা পাহাৰ জিলা।

অসমৰ জিলা কেইখন আৰু কি কি 2021-2022?

১৮৭৪ চনত কাছাৰ আৰু শ্ৰীহট্ট বা ছিলেট জিলাক যেতিয়া অসমৰ লগত চামিল কৰা হৈছিল তেতিয়া পৰা এই ভূখণ্ড অসম উপত্যকা আৰু সুৰমা উপত্যকা নামে দুটা ভাগত ভাগ কৰা হয়। লখিমপুৰ, শিৱসাগৰ, নগাঁও, দৰং, কামৰূপ আৰু গোৱালপাৰা এই ছখন জিলাৰ সৈতে অসম উপত্যকা আৰু কাছাৰ, ছিলেট এই দুখন জিলাৰ সৈতে সুৰমা উপত্যকা গঠন কৰা হয়। নগা পাহাৰ, গাৰো পাহাৰ আৰু খাছি জয়ন্তীয়া পাহাৰ এই তিনিখন জিলাৰে গঠন হয় এটা পাৰ্বত্য বিভাগ।

এনেদৰে ১৮৭৪ চনত মুঠ ১১ খন জিলাৰে অসম প্ৰদেশ গঠন কৰা হয়। সেই প্ৰতিখন জিলাতেই একোজন উপায়ুক্ত নিযুক্তি দিয়া হৈছিল। মুঠ ২২ টা মহকুমাৰে গঠিত হৈছিল এই ১১ খন জিলা।ইংৰাজ প্ৰশাসনে ১৮৯৮ চনত লুচাই পাহাৰক অসমৰ লগত সংযুক্ত কৰি খন নতুন জিলা গঠন কৰে। প্ৰশাসনীয় সুবিধা বাবে কেইবাটাও নতুন মহকুমাৰ গঠনৰ ফলত ১৯২০ চনত মহকুমাৰ সংখ্যা হয়গৈ ২৭ টা আৰু জিলাৰ সংখ্যা হয়গৈ ১২ খন। এনেদৰে স্বাধীনতাৰ সময়লৈকে এই জিলা কেইখনেই কম-বেছি পৰিমাণে অসমৰ লগত সংযুক্ত হৈ থাকে।

স্বাধীনতা পৰৱৰ্তী কালত অসমৰ ছিলেট জিলাৰ চাৰিভাগৰ তিনিভাগ এলেকা পূব পাকিস্তানৰ অংশ হিচাপে সংযুক্ত হয়। সেইখন জিলাৰ নামো হয় ছিলেট। জিলাখনৰ বাকী থকা এক চতুৰ্থাংশ এলেকা কাছাৰ জিলাৰ অন্তৰ্ভুক্ত হয়। অসমৰ সৈতে স্বাধীনতাৰ পাছতো নগা পাহাৰ, লুছাই পাহাৰ (মিজোৰাম), মিকিৰ পাহাৰ (কাৰ্বি আংলং আৰু খাছি পাহাৰৰ বৃহৎ এলেকা), আৰু উত্তৰ-পূব সীমান্ত এলেকা (যাক ‘নেফা’ বুলি জনা গৈছিল; বৰ্তমান অৰুণাচল প্ৰদেশ) সুকীয়া প্ৰশাসনীয় এলেকা ৰূপে অসমৰ সৈতে সংযুক্ত হৈ আছিল।

অসমৰ জিলা কেইখন আছে আৰু কি কি ২০২১-২০২২?

কুৰি শতিকাৰ সত্তৰ আৰু আশীৰ দশকত নগা পাহাৰ জিলাই নাগালেণ্ড ৰূপে (১৯৬৩), মিকিৰ পাহাৰ জিলাৰ এক বৃহৎ অংশৰ লগতে গো‍ৱালপাৰা আৰু কামৰূপ জিলাৰ দক্ষিণৰ অংশ তথা এসময়ত গাৰো পাহাৰ জিলা ৰূপে স্বীকৃত এলেকাই মেঘালয় ৰাজ্য ৰূপে (১৯৭২), নেফা এলেকাই অৰুণাচল প্ৰদেশ ৰূপে (১৯৮৭), লুছাই পাহাৰ জিলাই মিজোৰাম ৰূপ (১৯৮৭) ৰাজ্যৰ মৰ্যাদা লাভ কৰে। এনে পৰিস্হিতি মাজত ১৯৭২ চনত অসমৰ মুঠ জিলাৰ ১০ খন কৰি পূৰ্বৰ জিলাসমূহ পুনৰ গঠন কৰা হয়। সেই পুনৰ গঠিত জিলাকেইখন হ’ল – কামৰূপ, গোৱালপাৰা, দৰং, নগাঁও, শিৱসাগৰ, ডিব্ৰুগড়, লক্ষিমপুৰ, মিকিৰ পাহাৰ, উত্তৰ কাছাৰ আৰু কাছাৰ।

১৯৮৩ চনত হিতেশ্বৰ শইকীয়াৰ চৰকাৰে প্ৰশাসনীয় সুবিধাৰ বাবে অসমৰ কেইবাখনো জিলাৰ বিভাজন ঘটায়। ফলত অসমৰ জিলাৰ সংখ্যা হয়গৈ ১৬ খন। সেইমতে গোৱালপাৰা জিলা বিভাজন কৰি ১৯৮৩ চনত গোৱালপাৰা, ধুবুৰী আৰু কোকৰাঝাৰ এই তিনিখন নতুন জিলা গঠন কৰা হয়। ঠিক সেইদৰে একেটা বৰ্ষতেই অৰ্থাৎ ১৯৮৩ চনত কাছাৰ জিলাৰ পৰা কৰিমগঞ্জ জিলা, কামৰূপ জিলাৰ পৰা বৰপেটা জিলা, দৰং জিলাৰ পৰা শোণিতপুৰ জিলা আৰু শিৱসাগৰ জিলাৰ পৰা যোৰহাট জিলা গঠন কৰা হয়।

১৯৮৫ চনত অসম গণ পৰিষদ চৰকাৰৰ দিনতো কেইবাখনো নতুন জিলাৰ জন্ম হয়। সেই অনুসৰি ১৯৮৭ চনত যোৰহাট জিলাৰ পৰা গোলাঘাট, ১৯৮৯ চনত গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ পৰা বঙাইগাঁও, ১৯৮৫ চনত কামৰূপ জিলাৰ পৰা নলবাৰী, ১৯৮৯ চনত লক্ষিমপুৰ জিলাৰ পৰা ধেমাজি, একেটা বৰ্ষতেই নগাঁও পৰা মৰিগাঁও জিলা, কাছাৰ জিলাৰ পৰা হাইলাকন্দি আৰু ডিব্ৰুগড় জিলাৰ পৰা তিনিচুকীয়া সৃষ্টি কৰাত অসমৰ মুঠ জিলা হয়গৈ ২৩ খন।

পৰৱৰ্তী কালত অৰ্থাৎ ২০০২ চনত কামৰূপ জিলাৰ পৰা কামৰূপ মহানগৰক পৃথক জিলাৰ মাৰ্যাদা দিয়াত অসমৰ মুঠ জিলাৰ সংখ্যা ২৪ খনৰলৈ বৃদ্ধি পায়। ২০০৩ চনত বিটিচি (BTC) চুক্তিৰ চৰ্ত অনুযায়ী কোকৰাঝাৰ, বঙাইগাঁও জিলাৰ একাংশৰে চিৰাং জিলা আৰু নলবাৰী, বৰপেটা, আৰু কামৰূপ জিলাৰ একাংশৰে বাগছা, ২০০৪ চনত দৰংৰ পৰা ওদালগুৰি জিলা হৈ মুঠ তিনিখন সুকীয়া জিলাৰ সৃষ্টি হয়। ফলত অসমৰ মুঠ জিলাৰ সংখ্যা ২৭ খনৰ লৈ বৃদ্ধি পায়।

অসমৰ মুঠ জিলা কেইখন আৰু কি কি ২০১৯ (2019)

২০১৫ চনৰ ১৫ আগষ্টত অসম চৰকাৰে ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ ভৌগোলিক ভূখণ্ডক সামৰি দক্ষিণ শালমাৰা মানকাচৰ জিলা, নগাঁও জিলাৰ হোজাই মহকুমা এলেকা সামৰি হোজাই জিলা, শোণিতপুৰ জিলাৰ পূৰ্বাঞ্চলক সামৰি বিশ্বনাথ জিলা, শিৱসাগৰ জিলাৰ চৰাইদেউ মহকুমাক সামৰি চৰাইদেউ জিলা আৰু কাৰ্বি আংলং জিলাৰ হামৰেণ মহকুমাক সামৰি পশ্চিম কাৰ্বি আংলং জিলা ঘোষণা কৰে। এই জিলা কেইখনেৰে অসমৰ মুঠ জিলাৰ সংখ্যা হয়গৈ ৩২ খন।

পুনৰ ২০১৬ চনৰ ২৬ জানুৱাৰীত চৰকাৰে দুখন নতুন জিলা গঠনৰ কথা ঘোষণা কৰে। সেই জিলা দুখন হ’ল পূব কামৰূপ আৰু দক্ষিণ কামৰূপ। কিন্ত্ত প্ৰয়োজনীয় আন্তঃগাথনিৰ অভাৱৰ বাবে সেই বছৰৰে অৰ্থাৎ ২০১৬ চনৰ ৭ অক্টোবৰত চৰকাৰে এই দুখন জিলা গঠনৰ প্ৰস্তাৱ বাতিল কৰে।

২০১৬ চনৰ ২৭ জুনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৰহাট জিলাৰ মাজুলী মহকুমাক সুকীয়া পূৰ্ণাংগ জিলা ৰূপে ঘোষণা কৰে। সেই অনুসৰি ২০১৬ চনৰ ৮ ছেপ্টম্বৰত মাজুলীক নতুন জিলা ৰূপে উদ্বোধন কৰা হয়। উল্লেখযোগ্য, মাজুলী হ’ল ভাৰতৰ প্ৰথম খন নদী দ্ধীপৰ জিলা।

অসমৰ মুঠ জিলা কেইখন আৰু কি কি ২০২০ (2020)

২০১৯ চনৰ ২১ ডিচেম্বৰত অসম চৰকাৰে বৰপেটা জিলাৰ বজালী মহকুমাক লৈ নতুন বজালী জিলা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে। ২০২০ চনৰ ১০ আগষ্টত কেবিনেটে এই সিদ্ধান্তক অনুমোদন জনায়। ২০২১ চনৰ ১০ ফেব্ৰুবাৰিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে বজালীক এখন পূৰ্ণ জিলা হিচাপে উদ্বোধন কৰে। এনেদৰে সংযোগ বিভাজনৰ অন্তত বৰ্তমান অসমৰ জিলাৰ সংখ্যা হ’ল ৩৪ খন। ২০১৫ চনৰ পাছত অসমত গঠন হোৱা জিলাৰ ভিতৰত বজালী সপ্তমখন জিলা। একেদৰে ২০২২ চনৰ ২৩ জানুৱাৰী তাৰিখে অসম চৰকাৰে এক অধিসূচনাৰ জৰিয়তে তামুলপুৰক জিলা হিচাপে ঘোষণা কৰে আৰু ইয়াৰ লগে লগে অসমৰ মুঠ জিলাৰ সংখ্যা ২০২২ ত ৩৫ হয়।

অসমৰ মুঠ জিলা কেইখন আৰু কি কি ২০২২ (2022)

অসমৰ মুঠ জিলা ২০২২ ৰ ৩৫ খন হৈছে তলত দিয়া ধৰণৰ

১। ওদালগুৰ জিলা

২। কৰিমগঞ্জ জিলা

৩। কাছাৰ জিলা

৪। কামৰূপ জিলা

৫। কামৰূপ (মহানগৰ) জিলা

৬। কাৰ্বি আংলং জিলা

৭। কোকৰাঝাৰ জিলা

৮। গোলাঘাট জিলা

৯। গোৱালপাৰা জিলা

১০। চৰাইদেউ জিলা

১১। চিৰাং জিলা

১২। ডিব্ৰুগড় জিলা

১৩। ডিমা হাছাও জিলা

১৪। তিনিচুকীয়া জিলা

১৫। দৰং জিলা

১৬। দক্ষিণ শালমাৰা মানকাচৰ জিলা

১৭। ধুবুৰী জিলা

১৮। ধেমাজি জিলা

১৯। নগাঁও জিলা

২০। নলবাৰী জিলা

২১। পশ্চিম কাৰ্বি আংলং জিলা

২২। বঙাইগাঁও জিলা

২৩। বজালী জিলা

২৪। বৰপেটা জিলা

২৫। বাগছা জিলা

২৬। বিশ্বনাথ জিলা

২৭। মৰিগাঁও জিলা

২৮। মাজুলী জিলা

২৯। যোৰহাট জিলা

৩০। লক্ষিমপুৰ জিলা

৩১। শিৱসাগৰ জিলা

৩২। শোণিতপুৰ জিলা

৩৩। হাইলাকান্দি জিলা

৩৪। হোজাই জিলা

৩৫। তামুলপুৰ

লগতে পঢ়ক –

Leave a Comment