FOOTBALL GAME ESSAY IN ASSAMESE LANGUAGE – CLASS 5, 6, 7, 8, 9, 10, 11, 12

FOOTBALL GAME ESSAY IN ASSAMESE LANGUAGE – CLASS 5, 6, 7, 8, 9, 10, 11, 12

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “FOOTBALL GAME ESSAY IN ASSAMESE LANGUAGE – ফুটবল খেলৰ ৰচনা” ৰ এই তথ্যৰাজিত আপোনালোকে ফুটবল খেলৰ ইতিহাস, ফুটবল খেলৰ নিয়ম, ফুটবল খেলৰ জন্ম, ফুটবল খেলৰ কুইজ আদিৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে।

আশা কৰোঁ আমাৰ এই ফুটবল খেলৰ প্ৰশ্ন আৰু উত্তৰ সমূহৰ পৰা লগতে ফুটবল খেলৰ নিবন্ধ তথ্যৰাজি পঢ়ি আপোনালোকে অলপ হ’লেও উপকৃত হ’ব। যদি আপোনালোকে আমাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে আমৰ Assamesegk.com ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (Share) কৰিব।

ফেচবুক ইয়াত ক্লিক কৰক
টেলিগ্ৰাম ইয়াত ক্লিক কৰক
ইনষ্টাগ্ৰাম ইয়াত ক্লিক কৰক

ফুটবল খেলৰ ইতিহাস – FOOTBALL GAME HISTORY IN ASSAMESE LANGUAGE

১৮৬৩ খ্ৰীষ্টাব্দত ইংলেণ্ডত ফুটবল এছ’চিয়েশ্বন (FC) ৰ জন্ম হয়। ১৮৭১ খ্ৰীষ্টাব্দত ইংলেণ্ডত পেছাদাৰী ফুটবল খেল প্ৰথমবাৰৰ বাবে আৰম্ভ হয়। ১৮৮৮ খ্ৰীষ্টাব্দত ইংলেণ্ডত প্ৰথম ফুটবল লীগ খেল আৰম্ভ হয়। প্ৰথম আন্তৰ্জাতিক ফুটবল খেল হয় ইংলেণ্ড আৰু স্কটলেণ্ডৰ মাজত আৰু এই খেল অমীমাংসিতভাৱে শেষ হয়।

১৯০৪ চনত পৃথিৱীৰ সমস্ত দেশৰ ফুটবল সংস্হাৰ প্ৰতিনিধিসকলক লৈ আন্তৰ্জাতিক ফুটবল সংস্হা – ফেডাৰেচন অৱ ইণ্টাৰনেশ্বনেল ফুটবল এছ’চিয়েশ্বেন (ফিফা) গঠিত হয়। এই সংস্হাই ১৯৩০ চনৰ পৰা বিশ্বকাপ (World Cup) প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে আৰু বিজয়ী দলক ফেডাৰেশ্বনৰ প্ৰাক্তন সভাপতি এম জুলে ৰিমেৰ নাম অনুসৰি জুলে ৰিমে কাপ দিয়াৰ আৰম্ভণি কৰে। ১৯৩০ চনত প্ৰথম জুলে ৰিমে কাপৰ খেল উৰুগুৱেত অনুষ্ঠিত হয়।

১৯৫১ চনত দিল্লীত অনুষ্ঠিত প্ৰথম এছিয়ান গেমছত ভাৰতে ফাইনেলত ইৰাকক পৰাজিত কৰি বিজয়ীৰ সন্মান লাভ কৰে। ১৯৫৬ চনৰ মেলবৰ্ণ অলিম্পিক গেমছত ভাৰতীয় ফুটবল দলৰ কৃতিত্ব আজিও আম্লান হৈ আছে।

ফুটবল খেলৰ নিয়ম – RULES OF FOOTBALL IN ASSAMESE

১) ফুটবল খেলৰ পথাৰখন আকাৰ আয়তাকাৰ হ’ব লাগিব। ইয়াৰ দৈৰ্ঘ্য সৰ্বাধিক ১২০ মিটাৰপৰা কমেও ৯০ মিটাৰ আৰু প্ৰস্হ সৰ্বাধিক ৯০ মিটাৰপৰা ৪৫ মিটাৰ হ’ব লাগিব। আন্তৰ্জাতিক প্ৰতিযোগিতামূলক খেলৰ পথাৰৰ দৈৰ্ঘ্য ১০০ মিটাৰৰ পৰা ১১০ মিটাৰ আৰু পথালিয়ে ৬৪ মিটাৰৰ পৰা ৭৫ মিটাৰ হোৱা উচিত।

২) ফুটবল খেল দুটা দলৰ মাজত হ’ব আৰু প্ৰতিটো দলত সৰ্বোচ্চ ১১ জন খেলুৱৈয়ে খেলিব পাৰে। তেওঁলোকৰ মাজৰ পৰাই এজন গ’ল ৰক্ষকৰ দায়িত্ব ল’ব লাগিব। প্ৰতিটা দলত সৰ্বোচ্চ ৭ জনকৈ অতিৰিক্ত খেলুৱৈ থাকিব পাৰে আৰু এই অতিৰিক্ত খেলুৱৈসকলৰ ভিতৰৰ পৰাই যিকোনো তিনিজনক বদলি খেলুৱৈ হিচাপে খেলত নমাব পাৰে।

৩) ফুটবল খেলৰ বলটোৰ আকাৰ গোলাকাৰ হ’ব। খেল আৰম্ভ হোৱাৰ সময়ত বলৰ পৰিধি ৭০ ছেণ্টি মিটাৰৰ পৰা ৭১ ছেণ্টি মিটাৰ, ওজন ৩৯৬ গ্ৰামৰ পৰা ৪০০ গ্ৰাম হ’বই লাগিব। বলৰ ভিতৰত বায়ুৰ চাপ ৬০০ পৰা ১১০০ গ্ৰাম/ছেণ্টি মিটাৰ থাকিব। ৰেফাৰিৰ অনুমতি নোহোৱাকৈ খেল চলা সময়ত কেতিয়াও বল সলনি কৰা নহয়।

৪) খেল পৰিচালনা কৰাৰ বাবে সাধাৰণতে চাৰিজন ৰেফাৰি থাকে। তাৰে ভিতৰত এজনে খেল পথাৰৰ মাজত থাকি খেলখন পৰিচালনা কৰে, দুজনে লাইনৰ দায়িত্বত থাকে। আৰু চতুৰ্থজনে পথাৰৰ বাহিৰত থাকি খেল পৰিচালনা কৰে। ৰেফাৰিসকলে পিন্ধা কাপোৰসমূহ ভিন্ন ৰঙৰ হ’ব লাগে। সাধাৰণতে ৰেফাৰিসকলে বগা-ক’লাৰ যুক্ত পেণ্ট আৰু চোলা, বগা-ক’লা সম্পূৰ্ণ মোজা আৰু ক’লা বুট জোতা পিন্ধি খেল পৰিচালনা কৰে।

৫) খেল খেলিবলৈ লোৱা দল দুটাৰ মাজত যদি আগৰে পৰাই কোনো ধৰণৰ চুক্তি কৰা নাথাকে বা প্ৰতিযোগিতাত অন্য কোনো ধৰণৰ সময়ৰ কথা কোৱা নাথাকে তেতিয়া ৪৫ মিনিটৰ দুটা সমান অৰ্ধ লৈ মুঠ ৯০ মিনিট খেল হ’ব। ইয়াৰ মাজত ৫ মিনিট বিৰতি থাকিব। অৱশ্যে খেল চলি থকা সময়ত কোনো কাৰণত সময় নষ্ট হ’লে সেই সময়খিনি প্ৰতি ভাগতেই যোগ দিব পাৰে।

ফুটবল খেলৰ কুইজ – FOOTBALL GK QUIZ IN ASSAMESE LANGUAGE

প্ৰশ্ন ১। ফুটবল এছ’চিয়েশ্বন (FC) ৰ জন্ম কেতিয়া হৈছিল?

ক) ১৮৪৮ খ্ৰীষ্টাব্দত

খ) ১৮৮২ খ্ৰীষ্টাব্দত

গ) ১৮৬৩ খ্ৰীষ্টাব্দত

ঘ) ১৮৯৯ খ্ৰীষ্টাব্দত

উত্তৰ:- গ) ১৮৬৩ খ্ৰীষ্টাব্দত

প্ৰশ্ন ২। ফুটবল এছ’চিয়েশ্বন (FC) ৰ জন্ম ক’ত হৈছিল?

ক) ভাৰত

খ) ইংলেণ্ড

গ) ইটালী

ঘ) আমেৰিকা

উত্তৰ:- খ) ইংলেণ্ড

প্ৰশ্ন ৩। প্ৰথম ফুটবল খেল কেতিয়া হৈছিল?

ক) ১৮৪৮ খ্ৰীষ্টাব্দত

খ) ১৮৮২ খ্ৰীষ্টাব্দত

গ) ১৮৭১ খ্ৰীষ্টাব্দত

ঘ) ১৮৯৯ খ্ৰীষ্টাব্দত

উত্তৰ:- গ) ১৮৭১ খ্ৰীষ্টাব্দত

প্ৰশ্ন ৪। প্ৰথম ফুটবল খেল ক’ত হৈছিল?

ক) ফ্ৰান্স

খ) ইংলেণ্ড

গ) ইটালী

ঘ) আমেৰিকা

উত্তৰ:- খ) ইংলেণ্ড

প্ৰশ্ন ৫। প্ৰথম ফুটবল লীগ কেতিয়া হৈছিল?

ক) ১৮৪৮ খ্ৰীষ্টাব্দত

খ) ১৮৮২ খ্ৰীষ্টাব্দত

গ) ১৮৮৮ খ্ৰীষ্টাব্দত

ঘ) ১৮৯৯ খ্ৰীষ্টাব্দত

উত্তৰ:- গ) ১৮৮৮ খ্ৰীষ্টাব্দত

প্ৰশ্ন ৬। প্ৰথম ফুটবল লীগ ক’ত হৈছিল?

ক) ফ্ৰান্স

খ) ইংলেণ্ড

গ) ইটালী

ঘ) আমেৰিকা

উত্তৰ:- খ) ইংলেণ্ড

প্ৰশ্ন ৭। প্ৰথম আন্তৰ্জাতিক ফুটবল লীগ খেল কাৰ কাৰ মাজত হৈছিল?

ক) ইংলেণ্ড আৰু ফ্ৰান্স

খ) ইংলেণ্ড আৰু ৰাছিয়া

গ) ইংলেণ্ড আৰু আমেৰিকা

ঘ) ইংলেণ্ড আৰু স্কটলেণ্ড

উত্তৰ:- ঘ) ইংলেণ্ড আৰু স্কটলেণ্ড

প্ৰশ্ন ৮। ফেডাৰেচন অৱ ইণ্টাৰনেশ্বেল ফুটবল এছ’চিয়েচন (FIFA) কিমান চনত গঠন হৈছিল?

ক) ১৮৯৯ চনত

খ) ১৯০০ চনত

গ) ১৯০১ চনত

ঘ) ১৯০৪ চনত

উত্তৰ:- ঘ) ১৯০৪ চনত

প্ৰশ্ন ৯। ফুটবল খেল পথাৰখনৰ আকাৰ কেনেকুৱা?

ক) দীঘলীয়া

খ) ঘূৰণীয়া

গ) বৰ্গকাৰ

ঘ) আয়তাকাৰ

উত্তৰ:- ঘ) আয়তাকাৰ

প্ৰশ্ন ১০। এখন ফুটবল খেলৰ এটা দলত থকা মুঠ খেলুৱৈ সংখ্যা কিমান?

ক) ১০ জন

খ) ১১ জন

গ) ১৫ জন

ঘ) ২২ জন

উত্তৰ:- খ) ১১ জন

প্ৰশ্ন ১১। এটা ফুটবলৰ ওজন কিমান?

ক) ২০০ গ্ৰাম

খ) ২৫০ গ্ৰাম

গ) ৩৫০ গ্ৰাম

ঘ) ৪০০ গ্ৰাম

উত্তৰ:- ঘ) ৪০০ গ্ৰাম

প্ৰশ্ন ১২। এখন ফুটবল খেল পৰিচালনা কৰিবলৈ কিমানজন ৰেফাৰি থাকে?

ক) ১ জন

খ) ২ জন

গ) ৩ জন

ঘ) ৪ জন

উত্তৰ:- ঘ) ৪ জন

প্ৰশ্ন ১৩। এখন ফুটবল খেলৰ মুঠ সম্পূৰ্ণ সময় কিমান?

ক) ৪৫ মিনিট

খ) ৬০ মিনিট

গ) ৯০ মিনিট

ঘ) ৯২ মিনিট

উত্তৰ:- গ) ৯০ মিনিট

লগতে পঢ়ক –

Leave a Comment