Bigyanor Abodan Rachona 12th – দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান

দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান ৰচনা – Bigyanor Abodan Rachona

Bigyanor Abodan Rachona: নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “বিজ্ঞানৰ অৱদান ৰচনা – Assamese Essay Class 8, 9, 10, 11, 12” ৰ এই তথ্যৰাজিত আপোনালোকে অসমীয়া ৰচনা বিজ্ঞানৰ অৱদান, বিজ্ঞানৰ অপকাৰ, বিজ্ঞানৰ উপকাৰ, আমাৰ সমাজত বিজ্ঞানৰ অৱদানৰ বিষয়ে পঢ়িবলৈ পাব। আশা কৰোঁ আমাৰ এই অসমীয়া ৰচনা মানৱ সমাজত বিজ্ঞানৰ অৱদান তথ্যৰাজি পঢ়ি আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

আৰম্ভণি

মানুহে সমাজপাতি থাকিবলৈ লোৱা পাছৰ পৰা নিজৰ ঘৰখন আৰু নিজৰ সমাজখন ভালদৰে ৰখাৰ কথা চিন্তা কৰিবলৈ ধৰিলে। লাহে লাহে মানুহৰ বুদ্ধি আৰু মগজুৰ বিকাশ ঘটিল। মানুহে প্ৰকৃতিৰ বুকুত নিজৰ আহাৰৰ অনুসন্ধানত ঘূৰি ফুৰোঁতে শিলে-শিলে ঘৰ্ষণ ঘটি জুইৰ ফিৰিঙতি বাহিৰ হোৱা দেখিবলৈ পালে। লগে লগে মানুহেও শিলৰ ঘৰ্ষণ ঘটাই জুই উলিয়াই খোৱা বস্ত্তবোৰ জুইত পুৰি, সেকি আৰু সিজাই খাবলৈ শিকিলে। জুই সৃষ্টিয়ে মানুহক শক্তিৰ সন্ধান দিলে।

জুইৰ পাচতেই মানুহে প্ৰকৃতিৰ বুকুত লো আৱিষ্কাৰ কৰি দা, কোৰ, কুঠাৰ, কটাৰী, যাঠী, হাতুৰী, বটালী আদি তৈয়াৰ কৰিবলৈ ধৰিলে। হাবিৰ পৰা কপাহ গছ আনি কপাহ খেতি কৰিবলৈ ল’লে। বেজী আৰু সূতা আৱিষ্কাৰো বিজ্ঞানৰ এক মহৎ অৱদান। কপাহৰ পৰা সূতা কাটি লজ্জা নিবাৰণ কৰিব পৰা হ’ল। বৰ্তমান যুগৰ বাবে এইবোৰ সাধাৰণ কথা যেন লাগিলেও জুই, লো, বেজী আৰু সূতা উদ্ভাৱন মানুহৰ বৈজ্ঞানিক চিন্তাৰ জৰিয়তে হৈছিল।

মাননুহৰ সমাজৰ লৈ বিজ্ঞানৰ অৱদান – বিজ্ঞানৰ উপকাৰ

Bigyanor Abodan Rachona: আগৰ দিনত মানুহে প্ৰকৃতি অধ্যয়ন কৰিছিল। সূৰ্য্য উদয় আৰু সূৰ্য্যাস্তকে ভেটি হিচাপে লৈ মানুহে সময় গণনা কৰিবলৈ শিকিছিল। গেলিলিওৱে সূৰ্য্য আৰু পৃথিৱীৰ গতি সূক্ষ্মভাৱে লক্ষ্য আৰু চিন্তা কৰি এটা সিদ্ধান্তত উপনীত হৈছিল যে সূৰ্য্যৰ চাৰিওফালেহে পৃথিৱী ঘূৰে। পৃথিৱীৰ চাৰিওফালে সূৰ্য্য নুঘূৰে। তেওঁৱেই দূৰৰ বস্ত্ত আৰু আকাশৰ তৰাবোৰৰ সূক্ষ্ম পৰীক্ষাৰ কাৰণে আৱিষ্কাৰ কৰিলে টেলিস্কোপ বা দূৰবীণ যন্ত্ৰ।

নিউটনে গছৰ পৰা আপেলটি সৰি পৰা দেখি আৱিষ্কাৰ কৰিলে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তি। লিভয়েচিয়াৰে আৱিষ্কাৰ কৰি উলিয়ালে বায়ুত থকা অক্সিজেন গেছ। আইনষ্টাইনে আৱিষ্কাৰ কৰিলে আপেক্ষিকতাবাদ। কেটলিত পানী উতলি থাকোঁতে সাঁফৰখনৰ গতিবিধি লক্ষ্য কৰি জৰ্জ ষ্টিফেনচনে উদ্ভাৱন কৰিলে ভাপ ইঞ্জিন। এই ভাপ ইঞ্জিন তৈয়াৰ হোৱাৰ ফলত মানুহৰ যাতায়তৰ পথ সুচল হ’ল।

ঘড়ী আৱিষ্কাৰে মানুহক সময় সচেতন কৰি তুলিলে। ঠিক নিৰ্ণয় যন্ত্ৰ আৱিষ্কাৰে জন পথৰ গমন সূচল হৈ পৰিল। ছপাযন্ত্ৰ আৱিষ্কাৰে মানুহক সহজে কিতাপ পঢ়িব পৰা কৰি তুলিলে। দেশে দেশে বাতৰি কাকত আলোচলী আদি প্ৰকাশ কৰিবলৈ ল’লে। পৃথিৱী জুৰি শিক্ষাৰ প্ৰসাৰ সাধন ঘটি মানুহৰ মগজুৰ দ্ৰুত উন্নতি আৰু বিকাশ সাধন হ’বলৈ ধৰিলে।

গ্ৰামোফোন আৱিষ্কাৰ ফলত মানুহে ঘৰত বহি সংগীতৰ মধুৰ সোৱাদ ল’ব পৰা হ’ল। কথাছবি, ৰেডিঅ’, টেলিভিশ্যন, ৰিফ্ৰিজাৰেটৰ, চিলাই মেচিন, ৱাছিং মেছিন আদি আৱিষ্কাৰ কৰি মানুহৰ জীৱনৰ মানদণ্ড উন্নত কৰি তুলিছে। বিজ্ঞানৰ উন্নতিৰ ফলতে ডুবুৰিসকলে সাগৰৰ তলিত নানা পৰীক্ষা নিৰীক্ষা চলোৱাৰ উপৰিও সাগৰৰ তলিৰ পৰা নানা মণি মুকুতা বুটলি আনি অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

মুঠতে বিজ্ঞানৰ এই মহৎ অৱদানবোৰ মানৱ সমাজ সভ্যতাৰ চৰম শিখৰলৈ আগুৱাই নিব পাৰিছে। আমি পুৱা উঠি দাঁত ঘঁহা ব্ৰাচ আৰু টুথপেষ্ট, ৰন্ধন গেছ প্ৰেচাৰ কুকাৰ, গেছষ্ট’ভ আদি ঘৰৰ সকলো বস্ত্ত বিজ্ঞানৰেই অৱদান।

ফেচবুক ইয়াত ক্লিক কৰক
টেলিগ্ৰাম ইয়াত ক্লিক কৰক
ইনষ্টাগ্ৰাম ইয়াত ক্লিক কৰক

বিজ্ঞানৰ অপকাৰ

বিজ্ঞানে আগবঢ়োৱা ইমান মহৎ অৱদানবোৰৰ পাছতো ইয়াৰ এটা অপকাৰী দিশ আছে। পৃথিৱীৰ ভালেমান কেইখব দেশে আনৱিক শক্তি আৱিষ্কাৰ কৰাৰ ফলত মানৱ জাতি আতংকিত হৈ পৰিছে। দ্বিতীয় মহাযুদ্ধত জাপানত নাগাচাকি আৰু হিৰোচিমাত পেলোৱা এটম বোমাই বিস্তৰ ক্ষতি সাধন কৰিছিল। বিভিন্ন সময়ত মহাসাগৰ বিলাকত পৰা পাৰমাণৱিক পৰীক্ষা নিৰীক্ষাই জল আৰু স্হল ভাগৰ অনেক ক্ষতি সাধন হৈছে। লগতে বায়ুমণ্ডল দূষিত হৈ পৰিছে।

কল কাৰখানা সমূহৰ পৰা ওলোৱা ধোঁৱাই আকাশ মাৰ্গ ধোঁৱাময় কৰিছে। চেনিকল, কাগজৰ কল, তৈল উদ্যোগ সমূহৰ পৰা নিৰ্গত হোৱা পেলনীয়া জুলীয়া পদাৰ্থই জল ভাগ দূষিত কৰি নানা বেমাৰৰ সৃষ্টি কৰিছে। শস্য পথাৰ নষ্ট কৰিছে। পানীৰ মাছ মৰি হাজি শেষ হৈছে। মানৱ কল্যাণৰ আৱিষ্কাৰ কৰা বহুতো বস্ত্তৱে মানুহক নিষ্কৰ্মা কৰি তুলিছে।

কম্পিউটাৰ আৱিষ্কাৰৰ ফলত নিবনুৱা সমস্যা বৃদ্ধি কৰিছে। নানা মাৰণাস্ত্ৰবোৰ সহজ লভ্য হৈ পৰাত মানুহে মানুহক হত্যা কৰা সাধাৰণ কথা হৈ পৰিছে। ৰে’ল দূৰ্ঘটনা, এৰোপ্লেন দূৰ্ঘটনাবোৰত একে সময়তে শ শ মানুহৰ মৃত্যু ঘটিছে। মটৰ দুৰ্ঘটনাত প্ৰতিদিনে মানুহৰ মৃত্যুৰ হাৰ বৃদ্ধি পাইছে। বিজ্ঞানৰ উন্নতিয়ে এচাম মানুহক বিপথে পৰিচালিত কৰিছে। দুৰ্নীতি, হত্যা, লুণ্ঠন, অপহৰণ আদি সংখ্যা গৰিষ্ঠ হাৰত বৃদ্ধি পাইছে।

সামৰণি

Bigyanor Abodan Rachona: সকলো বস্ত্ত আৰু কামৰে ভাল আৰু বেয়া দুটা দিশ আছে। বিজ্ঞানীসকলে জীৱন জোৰা ত্যাগ আৰু সাধনা বলত মানৱ কল্যাণৰ হকে নানা বস্ত্ত আৱিষ্কাৰ কৰে। কাৰণ অভাৱেই আৱিষ্কাৰৰ মূল। পাৰমাণৱিক শক্তি সমূহক ধ্বংসাত্মক কামত নলগাই সৃষ্টিমূলক কামত ব্যৱহাৰ কৰিব লাগিব। ক্ষুদ্ৰ স্বাৰ্থ পূৰণৰ বাবে দেশে দেশে যুদ্ধ বিগ্ৰহ লাগি আৰু লগাই মানুহৰ ধ্বংস যজ্ঞ কৰাৰ পৰা প্ৰতিখন দেশেই বিৰত থাকিব লাগিব।

বিজ্ঞান মানৱ জাতিৰ ধ্বংসৰ কাৰণ নহৈ মানৱ কল্যাণৰ অৰিহণা আহিলা ৰূপে ব্যৱহাৰ কৰিব লাগিব মানুহেই। ইয়াৰ ব্যতিৰেকে বিজ্ঞান মানৱ জাতি আৰু পৃথিৱীৰ ধ্বংসৰ কাৰণ হৈ পৰিব। সেইয়া যেন কেতিয়াও, কোনো যুগতেই হৈ নুঠে।

Leave a Comment